হায়দৰাবাদ,10 অক্টোবৰ: সমগ্ৰ বিশ্বত 3,71,10,987 তকৈয়ো অধিক লোক কবলত পৰিছে কৰ'ণা মহামাৰীৰ ৷ আনহাতে 10,72,712 গৰাকী লোকে মহামাৰীবিধত আক্ৰান্ত হৈ সাৱটিছে মৃত্যুক ৷ বৰ্তমানলৈ 2,78,97,003 গৰাকী লোকে আৰোগ্য লাভ কৰিছে কৰ'ণা মহামাৰীৰ কবলৰ পৰা ৷
কৰ'ণা মহামাৰীত আক্ৰান্ত হোৱা দেশসমূহৰ শীৰ্ষস্থানত আছে আমেৰিকা ৷ বৰ্তমানলৈকে আমেৰিকাত কৰ'ণাত আক্ৰান্ত হৈছে 78,94,478 গৰাকীতকৈয়ো অধিক লোক ৷ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 2,18,648 গৰাকীলৈ ৷ এই তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰিছে ভাৰতবৰ্ষই ৷
বৃটেইনত প্ৰায় 42,600 গৰাকী লোকে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে ৷ যি সংখ্যা ইউৰোপৰ দেশসমূহৰ ভিতৰতে সৰ্বাধিক আৰু সমগ্ৰ বিশ্বৰ আক্ৰান্ত দেশসমূহৰ পঞ্চম স্থানত আছে ৷ এই ভাইৰাছত আক্ৰান্তৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰৰ পৰা কঠোৰতম প্ৰতিবন্ধকতা আৰোপ কৰাৰ পোষকতা কৰা হৈছে ৷
লগতে চাওকঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প