নিউজ ডেস্ক, 2 ছেপ্তেম্বৰ : কৰ’ণাৰ ঔষধ তৈয়াৰ কৰাৰ বাবে ভাৰতকে ধৰি বিশ্বৰ প্ৰায় সকলো দেশৰ বৈজ্ঞানিকৰ দলে গৱেষণা অব্যাহত ৰাখিছে ৷ এনে সময়তে ব্ৰাজিলৰ এটা বৈজ্ঞানিকৰ দলে কৰ’ণাৰ ঔষধৰ প্ৰস্তুত প্ৰণালী উদঘাটন কৰাৰ দাবী কৰিছে ৷ বৈজ্ঞানিকৰ দলটোৱে দাবী কৰা অনুসৰি, ব্ৰাজিলত উপলব্ধ এবিধ বিষাক্ত সাপৰ বিষেৰে কৰ’ণা ভাইৰাছৰ চিকিৎসা কৰিব পৰা যাব ৷
![Brazilian viper venom may become tool in fight against Covid-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12944334_vam3.jpg)
গৱেষণাৰ অন্তত বৈজ্ঞানিকৰ দলে দাবী কৰে এই কথা ৷ দলটোৱে প্ৰকাশ কৰা অনুসৰি এবিধ বিশেষ প্ৰকাৰৰ সাপৰ বিষৰ পৰা কৰ’ণা ভাইৰাছৰ ঔষধ প্ৰস্তুত কৰিব পাৰি ৷ ইতিমধ্যে তেওঁলোকে বান্দৰৰ কোষত ইয়াক প্ৰয়োগ কৰি কৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰাত সফলতা লাভ কৰিছে বুলি জানিব পৰা হৈছে ৷
![Brazilian viper venom may become tool in fight against Covid-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12944334_vam5.jpg)
চাও পাওলো বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাফেল গুইডোৱে এখন বৈজ্ঞানিক জাৰ্ণেলত প্ৰকাশ কৰা এক গৱেষণাত প্ৰকাশ পোৱা অনুসৰি, জাৰাৰাকুচু প্ৰজাতিৰ ভাইপাৰৰ দ্বাৰা সৃষ্ট অণুৱে বান্দৰৰ কোষত ভাইৰাছটোৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ৭৫ শতাংশ বৃদ্ধি কৰে ৷ সাপৰ বিষৰ পৰা পোৱা বিশেষ উপাদানটোৱে ভাইৰাছবিধে সৃষ্টি কৰা প্ৰ'টিনৰ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হৈছে ।
![Brazilian viper venom may become tool in fight against Covid-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12944334_vam.jpg)
জাৰাৰাকুচু প্ৰজাতিৰ ভাইপাৰৰ দ্বাৰা সৃষ্ট এই অণুবিধ হৈছে সাপৰ বিষৰ পৰা লাভ কৰা এবিধ পেপটাইড (peptide) বা এমিন’ এচিডৰ এক শৃংখল (chain of amino acids) ৷ ই দেহৰ অন্য কোষৰ ক্ষতিসাধন নকৰাকৈ কৰ’ণা ভাইৰাছৰ বংশবৃদ্ধিত সহায় কৰা পি এল প্ৰ’ ( PLPro) এনজাইম ধ্বংস কৰিব পাৰে বুলি গৱেষণা পত্ৰখনত উল্লেখ কৰা হৈছে ৷
![Brazilian viper venom may become tool in fight against Covid-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12944334_vam4.jpg)
উল্লেখ্য যে, জাৰাৰকুচু হৈছে ব্ৰাজিলত পোৱা প্ৰায় ২ মিটাৰ (৬ ফুট) দীঘল এবিধ সাপ । এই সাপ আটলাণ্টিকৰ উপকূলীয় অৰণ্যত পোৱা যায় । বলিভিয়া, পাৰাগুৱে আৰু আৰ্জেণ্টিনাতো এই সাপবিধ পোৱা যায় ।
![Brazilian viper venom may become tool in fight against Covid-19](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12944334_vam2.jpg)
লগতে পঢ়ক : প্ৰাক্তন হুৰিয়ত নেতা চৈয়দ আলী শ্বাহ গিলানীৰ দেহাৱসান