ETV Bharat / international

মধ্য আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ তিনি শান্তি আলোচনাকাৰীক গুলিয়াই হত্যা - ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মধ্য আফ্ৰিকাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বাহিনীৰ ওপৰত অচিনাক্ত সশস্ত্ৰ যুদ্ধকাৰীসকলৰ আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে ৷

3 UN peacekeepers killed, 2 injured in attack in Central African Republic
মধ্য আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ তিনি শান্তি আলোচনাকাৰীক গুলিয়াই হত্যা
author img

By

Published : Dec 26, 2020, 8:13 PM IST

নিউজ ডেস্ক, 26 ডিচেম্বৰ: মধ্য আফ্ৰিকা গণৰাজ্যত বৃহস্পতিবাৰে অচিনাক্ত বন্দুকধাৰীয়ে ৰাষ্ট্ৰসংঘৰ তিনিজন শান্তি আলোচনাকাৰীক গুলিয়াই হত্যা কৰে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুজন শান্তি আলোচনাকাৰী ৷ ৰাষ্ট্ৰসংঘৰ মুখ্য় মুখপাত্ৰ ষ্টিফেন দুজাৰিকে এক বিবৃতিত প্ৰকাশ কৰে এই কথা । ষ্টিফেন দুজাৰিকে প্ৰকাশ কৰা বিবৃতিটোত, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে মধ্য আফ্ৰিকাৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষা বাহিনীৰ ওপৰত অচিনাক্ত সশস্ত্ৰ যুদ্ধকাৰীসকলৰ আক্ৰমণক গৰিহণা দিয়ে ৷ তেওঁ লগতে মৃত শান্তি আলোচনাকাৰীসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে ৷

বিবৃতিত সচিব প্ৰধানে ৰাষ্ট্ৰসংঘৰ শান্তি আলোচনাকাৰীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই যুদ্ধ সদৃশ পৰিস্থিতিৰো সৃষ্টি কৰিব পৰা বুলি উল্লেখ কৰে ৷ তেওঁ মধ্য আফ্ৰিকা গণৰাজ্যৰ কৰ্তৃপক্ষক এই আক্ৰমণৰ উচিত তদন্ত কৰি ইয়াৰ লগত জড়িত লোকক শীঘ্ৰে চিনাক্ত কৰি শাস্তি প্ৰদানৰ আহ্বান জনায় । ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিও গুটেৰেছে মধ্য আফ্ৰিকা গণৰাজ্যত শান্তি আৰু স্থিৰতা অব্যাহত ৰাখিবলৈ ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্ত:ৰাষ্ট্ৰীয় সহযোগীসকলক একত্ৰিতভাবে কাম কৰাৰ আহ্বান জনায় ৷

লগতে পঢ়ক : ক’ৰণা মুক্ত ধাৰাৱী: বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰশংসিত বিএমচি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.