ETV Bharat / headlines

অপৰিশোধিত তেলৰ মূল্য কম হোৱা স্বত্বেও ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি

author img

By

Published : Jun 22, 2020, 4:53 PM IST

ভাৰতবৰ্ষত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অধিক হাৰত বৃদ্ধি পাইছে । তেল ব্যৱসায়ী কোম্পানী (OMC)য়ে ইন্ধনৰ মূল্য ৬০ পইছা বৃদ্ধি কৰে । ভাৰতত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮.৩ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৯.৪৬ টকাকৈ বৃদ্ধি হয় ।

অপৰিশোধিত তেলৰ মূল্য কম হোৱা স্বত্বেও ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি
অপৰিশোধিত তেলৰ মূল্য কম হোৱা স্বত্বেও ভাৰতত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি

নতুন দিল্লী, ২২ জুন : পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশৰ সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছে । দৈনিক মূল্য সংশোধন ব্যৱস্থাৰ অধীনত তেল ব্যৱসায়ী কোম্পানী (OMC)য়ে মূল্য বৃদ্ধি আৰু হ্ৰাস কৰে । ২০১৮ চনৰ অক্টোবৰ মাহত অপৰিশোধিত তেলৰ মূল্য ৮১.০৩ আমেৰিকান ডলাৰ আছিল আৰু পেট্ৰ'লৰ মূল্য ৮০ টকালৈ বৃদ্ধি পায় । ইয়াৰ লগতে, ডিজেলৰ মূল্যও ৭৫ টকালৈ বৃদ্ধি পায় ।

তেল ব্যৱসায়ী কোম্পানী (OMC)য়ে বৰ্তমান ইন্ধনৰ মূল্য ৬০ পইছা বৃদ্ধি কৰিছে । ভাৰতত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮.৩ টকা আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৯.৪৬ টকাকৈ বৃদ্ধি হয় ।

বৈশ্ব বজাৰত অপৰিশোধিত তেলৰ মূল্য যদিও হ্ৰাস হৈ ৪০ ডলাৰ হৈছে, কিন্তু ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য অধিক হাৰত বৃদ্ধি পাইছে । আনহাতে ৰাছিয়া তেল উৎপাদন কম কৰা নিৰ্দেশ অমান্য কৰাৰ পিছতেই চলিত বৰ্ষৰ মাৰ্চ মাহত ৰাছিয়া আৰু চৌদি আৰৱৰ মাজত তৈল যুদ্ধ হয় ।

ইয়াৰোপৰি, কেন্দ্ৰীয় চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত নতুনকৈ উৎপাদন শুল্ক জাৰি কৰে । কৰ্ণাটক, তামিল নাডু, দিল্লী আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যত ভেট প্ৰয়োগ কৰাৰ বাবে মূল্যই যেন আকাশ স্পৰ্শ কৰাৰ উপক্ৰম হৈছে ।

দেশত ব্যৱহৃত সামগ্ৰীসমূহৰ ভিতৰত ভাৰতবাসীয়ে আটাইতকৈ বেছি কৰ পেট্ৰ'ল আৰু ডিজেলত দিবলগীয়া হয় । Petroleum Planning and Analysis Cellৰ প্ৰতিবেদন অনুসৰি, ২০১৪ চনত কেন্দ্ৰ আৰু ৰাজ্যৰ পেট্ৰ'লিয়াম ক্ষেত্ৰত উমৈহতীয়া ৰাজহ ৩.৩২ লাখ কোটি টকা আছিল । কিন্তু ২০১৯ চনত এই ৰাহজৰ পৰিমাণ দুগুণ বৃদ্ধি হৈ ৫.৯৫ লাখ কোটি হয় ।

লগতে পঢ়ক : বজাৰ অৰ্থনীতি বিবাদত বিশ্ব বাণিজ্য সংস্থাৰ ওচৰত পৰাজিত চীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.