ETV Bharat / headlines

চীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত ? - ভাৰতত বৃহৎ উদ্যোগৰ প্ৰযোজন

চীনা সামগ্ৰী বহিষ্কাৰ কৰা দিশটো অতি সহজো নহয় । ভাৰত-চীনৰ বাণিজ্যৰ নিখুঁত পৰিণাম, চীনা সামগ্ৰী আৰু মূলধনৰ উপৰিও ভাৰতীয় শিল্প আৰু গ্ৰাহকৰ নিৰ্ভৰতাৰ ক্ষেত্ৰত চীনা সামগ্ৰী বৰ্জন কৰাতো ইমান সহয় নহয় । All India Farmers Alliance (AIFA)ৰ ৰাষ্ট্ৰীয় সংযোজক ৰাজা ৰাম ত্ৰিপাঠীৰ ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ সদৰি কৰে এই কথা ।

চীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত?

author img

By

Published : Jun 27, 2020, 4:58 PM IST

নেশ্যনেল ডেস্ক, ২৭ জুন : ভাৰতীয় চৰকাৰী কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি, চীনা সামগ্ৰী বহিষ্কাৰ কৰা দিশটো অতি সহজো নহয় । ভাৰত-চীনৰ বাণিজ্যৰ নিখুঁত পৰিমাণ, চীনা সামগ্ৰী আৰু মূলধনৰ উপৰিও ভাৰতীয় শিল্প আৰু গ্ৰাহকৰ নিৰ্ভৰতাৰ ক্ষেত্ৰত চীনা সামগ্ৰী বৰ্জন কৰাতো ইমান সহয় নহয় ।

ই টিভি ভাৰতে লাভ কৰা চৰকাৰী প্ৰতিবেদন অনুসৰি, অন্য কিছু সামগ্ৰীৰ লগতে সাৰ উৎপাদনৰ ক্ষেত্ৰতো ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল । ২০১৬-১৭ চনত ভাৰতে চীনৰ পৰা ২১.৭৬ লাখ মেট্ৰিক টন (lmt) ডিএপি, ০.২৮ এনপিকে আমদানি কৰিছিল । ২০১৭-১৮ চনত চীনে ১৮.৯৪ এলএমটি ডিএপি, ০.৫৯ এলএমটি এনপিকে ৰপ্তানি কৰাৰ লগতে ২০১৮-১৯ বৰ্ষত ৩১.০১ মিলিয়ন ডিএপি আৰু ০.২৪ এমঅ'পি ভাৰতলৈ ৰপ্তানি কৰিছিল ।

চীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত

All India Farmers Alliance (AIFA)ৰ ৰাষ্ট্ৰীয় সংযোজক ৰাজা ৰাম ত্ৰিপাঠীৰ ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, ‘’সাৰৰ কম দাম আৰু মসৃণ পৰিবহনৰ বাবে ভাৰতে চীনৰ সৈতে বাণিজ্যকৰণ কৰাতো পচন্দ কৰে । চীনৰ সাৰৰ মূল্য অতি কম হোৱা হেতুকে ভাৰতে অতি সহজে আমদানি কৰিব পাৰে । ভাৰতে অন্য ১৫ দেশৰ সৈতেও সাৰৰ ব্যৱসায় অব্য়াহত ৰাখিছে আৰু ইয়াৰ ভিতৰত চৌদি আৰৱৰ ভূমিকা উল্লেখনীয় ।''

‘’২০১৬-১৭ চনত চৌদি আৰৱে ১১.৯০ এলএমটি ডিএপি, ২০১৭-১৮ চনত ১৩.১৮ এলএমটি আৰু ২০১৮-১৯ চনত ২২.০২ এলএমটি সাৰ ভাৰতলৈ ৰপ্তানি কৰিছিল । ইয়াৰোপৰি অন্য দেশৰ পৰা ভাৰতে ২০১৬-১৭ চনত ৪৩.৮৫ এলএমটি ডিএপি, ৩৭.৩৬ এলএমটি এমঅ'পি আৰু ৫.২১ এলএমটি এনপিকে সাৰ আমদানি কৰে । ২০১৭-১৮ চনত ৪২.১৭ এলএমটি ডিএপি, ৪৭.৩৬ এলএমটি এমঅ'পি আৰু ৪.৯৯ এলএমটি এনপিকে সাৰ আমদানি কৰে ।''

ত্ৰিপাঠীয়ে সদৰি কৰা অনুসৰি, ‘’সাৰৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ'বলৈ হলে ভাৰতত বৃহৎ উদ্যোগৰ প্ৰযোজন ।''

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.