নেশ্যনেল ডেস্ক, ২১ জুন : ড্ৰাভিড়া মুনেত্ৰা কাঝাগাম (DMK)ৰ হিচাপ পৰীক্ষণ কমিটীৰ সদস্য এছ বালাৰমণৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত দেওবাৰে শোক প্ৰকাশ কৰে দলটোৰ সভাপতি এম কে ষ্টেলিনে ।
বালাৰমণৰ মৃত্যুত এম কে ষ্টেলিনে শোক ব্যক্ত কৰি কয় যে, বালাৰমণৰ মৃত্যু একেবাৰে আশ্চৰ্যজনক । তেওঁ পূৰ্বৰ ডিএমকেৰ সভাপতি এম কৰুণানিধি আৰু হাৰ্বাৰ বিধানসভা সমষ্টিৰ তৎকালীন মহাসচিব কে অনবঝগনক নিৰ্বাচনত বিজয়ী সাব্যস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল ।
সভাপতি ষ্টেলিনে চৰকাৰক দাবী জনাই কয় যে, চৰকাৰে সকলো ফ্ৰণ্ট লাইন শ্ৰমিকক সুৰক্ষা প্ৰদান কৰাৰ লগতে সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰে যেন ।