ETV Bharat / headlines

কোভিড-১৯: ভাৰত-ফিলিপাইনৰ উমৈহতীয়া সহযোগিতা

author img

By

Published : Jun 10, 2020, 1:32 PM IST

ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰোড্ৰিগো ডুটৰ্টে কোভিড-১৯ৰ ঔষধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ সমৰ্থন কৰে । প্ৰধানমন্ত্ৰী মোডীয়েও কৰ'ণা মহামাৰীৰ যুঁজত ফিলিপাইনক সহায় কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীক আশ্বাস প্ৰদান কৰে ।

কোভিড-১৯: ভাৰত-ফিলিপাইনৰ উমৈহতীয়া সহযোগিতা
কোভিড-১৯: ভাৰত-ফিলিপাইনৰ উমৈহতীয়া সহযোগিতা

নেশ্য়নেল ডেস্ক, ১০ জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰোড্ৰিগো ডুটৰ্টৰ সৈতে কোভিড-১৯ সন্দৰ্ভত ভিডিঅ' কনফাৰেন্সযোগে এক আলোচনাত মিলিত হয় । এই বৈঠকত সদ্যজাত ঔষধজাতীয় সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিষ্ঠিত ক্ষমতা সম্পূৰ্ণৰূপে মানৱ জাতিৰ সেৱাৰ্থে অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰা হয় ।

সূত্ৰই জনোৱা অনুসৰি, কোভিড-১৯ৰ ফলত হোৱা সমস্যাসমূহ নিৰ্মূল কৰিবলৈ দুয়োখন দেশৰ চৰকাৰে উমৈহতীয়া সিদ্ধান্তত সমৰ্থন কৰি চেষ্টা অব্যাহত ৰাখিব । প্ৰয়োজনীয় ঔষধজাতীয় সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰত ভাৰতে যি পদক্ষেপ হাতত লৈছে, তাক প্ৰশংসা কৰিছে ফিলিপাইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে । ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে কৰণা মহামাৰীৰ বিৰুদ্ধে এই যুদ্ধত ফিলিপাইনক সহায় কৰিব বুলি আশ্বাস দিয়ে ।

দুয়োগৰাকী নেতাই নিজ নিজ দেশৰ নাগৰিকৰ কল্যাণৰ লগতে চৰকাৰী বিষয়াসকলৰ স্বাস্থ্য সুৰক্ষাৰ হেতু উমৈহতীয়া সহযোগিতা কামনা কৰে । ইয়াৰ পূৰ্বেও দুয়োখন দেশে প্ৰতিৰক্ষাৰ দিশত লোৱা উমৈহতীয়া সহযোগৰ প্ৰগতি হোৱা বুলি জানিবলৈ দিয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰত-ফিলিপাইনৰ কৰ'ণা মহামাৰীৰ প্ৰকোপৰ ক্ষেত্ৰত ভাৰত-প্ৰশান্ত মহাসাগৰীয় স্থানত সহযোগিতা আগবঢ়াব বলি টুইটযোগে মন্তব্য কৰে । ইয়াৰোপৰি, ফিলিপাইনৰ আগন্তুক ৰাষ্ট্ৰীয় দিৱসলৈ ৰাষ্ট্ৰপতি ৰোড্ৰিগো ডুটৰ্টসহ সকলো ফিলিপাইনবাসীকে শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

লগতে পঢ়ক: সীমান্ত বিবাদ : ভাৰতৰে বৈঠকৰ বাবে অপেক্ষাৰত নেপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.