নেশ্যনেল ডেস্ক, ১৩ জুন: দেশত শিশু শ্ৰমিক আইন বলবৎ হোৱাৰ পিছতো শাৰীৰিকভাৱে অক্ষম এগৰাকী মহিলাৰ ঘৰত কাম কৰা ৫ বছৰীয়া কিশোৰীক শুকুৰবাৰে উদ্ধাৰ কৰে হায়দৰাবাদ আৰক্ষীয়ে । মহিলাগৰাকীয়ে কিশোৰীগৰাকীক মাৰ-ধৰ কৰা বুলিও জানিব পৰা গৈছে ।

৫ বছৰীয়া কিশোৰীগৰাকীয়ে চাদেৰঘাট আৰক্ষী চকীৰ নিকটৱৰ্তী ৱাহিদ নগৰ এলেকা নিৱাসী সীমা নামৰ মহিলাগৰাকীৰ ঘৰত কাম কৰিছিল । শুকুৰবাৰে প্ৰায় ৩.৩০ বজাত ৫ বছৰীয়া কিশোৰীগৰাকীক শ্ৰমিক হিচাপে ৰাখি শাৰীৰিকভাৱে অক্ষম সীমাই অত্যাচাৰ চলোৱা সন্দৰ্ভত চাদেৰঘাট আৰক্ষী চকীত গোচৰ ৰুজু হোৱাৰ পিছতে কিশোৰীগৰাকী আৰক্ষীয়ে উদ্ধাৰ কৰে । আৰক্ষী বিষয়া পোলীশেট্টী সতীশে এই কথা জানিবলৈ দিয়ে ।
আৰক্ষীয়ে ইতিমধ্যে কিশোৰীগৰাকীক শিশু কল্যাণ সমিতিক গতাই দিয়ে আৰু ঘটনা সন্দৰ্ভত উচিত তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে,কিশোৰীগৰাকীৰ দেহত বিভিন্ন আঘাতৰ চিনৰ লগতে পোৰা চিনো পোৱা গৈছে বুলি আৰক্ষীয়ে সদৰী কৰে এই কথা ।
লগতে পঢ়ক: লক ডাউনৰ মাজতে পৰীক্ষা পাতি বিপদত এখন কলেজ