ETV Bharat / entertainment

Savdhaan India: সাৱধান ইণ্ডিয়াৰ নতুন ছিজন লৈ উভতি আহিছে সুশান্ত সিং; এই মাহতেই আৰম্ভ হ’ব সম্প্ৰচাৰ - সুশান্ত সিং সাৱধান ইণ্ডিয়া

অপৰাধমূলক কাহিনীৰ আধাৰত নিৰ্মিত শ্ব’ সাৱধান ইণ্ডিয়া পুনৰবাৰ টিভিত প্ৰত্যাৱৰ্তন কৰিব এক নতুন ছিজনৰ সৈতে । এই মাহৰ পৰা এই শ্ব’টোৰ নতুন ছিজন সম্প্ৰচাৰিত হ’ব । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Sushant Singh to host Savdhaan Indias new season
সাৱধান ইণ্ডিয়াৰ নতুন ছিজন
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 1:59 PM IST

চিটাৰা ডেস্ক, ১ ছেপ্টেম্বৰ: অপৰাধ কাহিনীৰ আধাৰত নিৰ্মিত শ্ব’ Savdhaan India ভাৰতৰ প্ৰত্যেক ঘৰে ঘৰে জনপ্ৰিয় ৷ এতিয়া এই শ্ব’টো পুনৰবাৰ প্ৰত্যাৱৰ্তন কৰিব টিভিত । এই ধাৰাবাহিকখনৰ এটা নতুন ছিজন অতি সোনকালে আৰম্ভ হ’ব । এইবাৰৰ থিম হৈছে "Criminal Decoded" ৷ সাৱধান ইণ্ডিয়াৰ নতুন ছিজনটোৰ আঁত ধৰোঁতাৰ ৰূপত থাকিব সুশান্ত সিং ।

২০১২ চনত আৰম্ভ হোৱা "সাৱধান ইণ্ডিয়া" শ্ব’টোৱে কেৱল মনোৰঞ্জন দিয়াই নহয়, অপৰাধৰ অন্ধকাৰ জগতখনকো উদঙাই দিয়ে ৷ এই শ্ব’টোৰ প্ৰত্যেকটা কাহিনী সঁচা পৰিঘটনাৰ আধাৰত নিৰ্মিত ৷ সাতটা ছিজন আৰু ৩,১৬২টা খণ্ডৰ এই শ্ব’টো দৰ্শকৰ অতি প্ৰিয় ।

সাৱধান ইণ্ডিয়াক হোষ্ট কৰিব সুশান্ত সিঙে

উল্লেখ্য যে সুশান্ত সিঙে পুনৰবাৰ সঞ্চালনা কৰিব "সাৱধান ইণ্ডিয়া" । সুশান্তৰ অসাধাৰণ কাহিনী কোৱাৰ দক্ষতা আৰু কৰ্তৃত্বশীল উপস্থিতিয়ে শ্ব’টোক কেৱল শিক্ষামূলক নহয়, দৰ্শকক সজাগ কৰি তোলা আৰু তেওঁলোকক সুৰক্ষিত হৈ থকাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আগন্তুক ছিজন সন্দৰ্ভত সুশান্ত সিঙে কয়, "সংবাদ মাধ্যমত আমি যি অপৰাধৰ ঘটনা চাওঁ ৷ সেই ঘটনাসমূহে আমাক ভিতৰৰ পৰা শিহৰিত কৰি তোলে ৷ দুৰ্ভাগ্যজনকভাৱে আমাৰ সমাজত সঘনাই সংঘটিত হৈ থাকে তেনে ঘটনা ৷ এই অপৰাধ ৰোধ কৰি সজাগতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ ৷ অপৰাধমূলক ডিকোডৰ অংশ হ’বলৈ এক্সাইটেড মই ।”

এই ছিজনৰ লক্ষ্য কি ?

তেওঁ লগতে কয়, “আমাৰ শ্ব’ৰ পৰা লোৱা মূল্যৱান শিক্ষাক উজ্জ্বল কৰি তোলা মানুহৰ পৰা বাৰ্তা মোলৈ আহি থাকে। এই ছিজনত আমি অপৰাধমূলক কাৰ্যকলাপৰ গভীৰতালৈ সোমাই নতুন দৃষ্টিভংগী অন্বেষণ কৰা আৰু অন্যায়কাৰীৰ মনোবিজ্ঞানৰ গভীৰতালৈ যোৱাৰ লক্ষ্য ৰাখিছো । এই শ্ব’টোৰ জৰিয়তে মই আকৌ এবাৰ জনসাধাৰণক অপৰাধমূলক কাৰ্যৰ পৰা ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিম ৷"

'সাৱধান ইণ্ডিয়া'ৰ নতুন ছিজন কেতিয়া সম্প্ৰচাৰ হ’ব ?

আগন্তুক ছিজনে অপৰাধমূলক তদন্তৰ ক্ষেত্ৰখনত আৰু অধিক গভীৰতালৈ সোমাই যোৱাৰ প্ৰতিশ্ৰুতি দিছে ৷ উল্লেখ্য যে ২৬ ছেপ্টেম্বৰৰ পৰা প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ১০.৩০ বজাত ষ্টাৰ ভাৰতত আহিব সৱধান ইণ্ডিয়াৰ নতুন ছিজন ।

লগতে পঢ়ক: KBC Season 15: কেবিচিৰ প্ৰথম খণ্ডতে অমিতাভ বচ্চনে লাভ কৰিলে এগৰাকী যুৱতীৰ পৰা সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.