চিটাৰা ডেস্ক, 26 এপ্ৰিল: বুধবাৰে মুক্তি পালে বলীউডৰ ‘লেডী ডাবাং’ সোনাক্ষী সিনহাৰ প্ৰথম ক্ৰাইম ড্ৰামা ৱেব ছিৰিজ ‘দাহাদ’ৰ টিজাৰ । এই ধাৰাবাহিকখন পৰিচালনা কৰিছে ৰীমা কাগতিয়ে । ধাৰাবাহিকখনত সোণাক্ষী সিনহাক ২৭ গৰাকী ছোৱালীৰ হত্যাকাণ্ডৰ গোচৰটো সমাধানৰ চেষ্টা চলাই থকা দেখা যাব (Sonakshi Sinhas OTT debut Dahaad)।
টিজাৰত সোণাক্ষী সিনহাক দেখা গৈছে এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত ৷ এইবাৰ প্ৰথমবাৰৰ বাবে মহিলা আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা পোৱা যাব সোণাক্ষী সিনহাক । প্ৰথমবাৰৰ বাবে ধাৰাবাহিকখনত আত্মপ্ৰকাশৰ কৰাৰ বাবে অতিশয় উৎসাহী হৈ পৰিছে সোণাক্ষী সিনহা (Dahaad teaser out)।
টিজাৰ কেনেকুৱা ?
ধাৰাবাহিকখনৰ সমগ্ৰ কাহিনী ২৭ গৰাকী ছোৱালীৰ হত্যাকাণ্ড সমাধানৰ ওপৰত নিয়োজিত হ’ব আৰু সোণাক্ষী সিনহাই আৰক্ষী বিষয়া হিচাপে এই এই কাম কৰিব । টিজাৰটোত সোণাক্ষী সিনহাক এগৰাকী প্ৰকৃত মহিলা আৰক্ষী বিষয়াতকৈ কম যেন লগা নাই (vijay verma in dahaad) ।
- " class="align-text-top noRightClick twitterSection" data="
">
ধাৰাবাহিকখনত উপ-পৰিদৰ্শক অঞ্জলি ভাটিয়াৰ চৰিত্ৰত অভিনয় কৰিব সোণাক্ষী সিনহাই । সেই ২৭ গৰাকী ছোৱালীৰ হত্যাকাণ্ডৰ গোচৰৰ ফাইল খুলি তদন্ত কৰিব, যাৰ বিৰুদ্ধে এটাও অভিযোগ পঞ্জীয়ন হোৱা নাই ।
ছিৰিজৰ ষ্টাৰকাষ্ট
অভিনেতা-অভিনেত্ৰীৰ কথা ক’বলৈ গ’লে সোণাক্ষী সিনহা, গুলচন দেৱৈয়া, বিজয় ভাৰ্মা আৰু সোহুম শ্বাহক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা যাব (Creator director coproducer Reema Kagti)।
ট্ৰেইলাৰ আৰু ধাৰাবাহিকখনৰ মুক্তিৰ তাৰিখ এই টিজাৰটো আমাজন প্ৰাইমে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্ট ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে এই ধাৰাবাহিকখনৰ ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখো প্ৰকাশ কৰা হৈছে । উল্লেখ্য যে, এই ধাৰাবাহিকখনৰ ট্ৰেইলাৰ অহা ৩ মে’ত মুক্তি পাব (Sonakshi Sinha plays a tough cop in dahaad) ।
লগতে পঢ়ক: James Gunn: জুনিয়ৰ এন টি আৰৰ অভিনয়ত স্তম্ভিত হৈ পৰিল হলিউডৰ এজন পৰিচালক, ক’লে- মই কাম কৰিব বিচাৰো