ETV Bharat / entertainment

Rochelle Rao Baby: বিবাহৰ ৫ বছৰৰ পিচত মাতৃ হ’ল অভিনেত্ৰী ৰ’চেল ৰাও, ক’লে - ভগৱানৰ পৰা যি বিচাৰিছিলো সেয়া. . . .

‘দ্য কপিল শৰ্মা শ্ব’ত দেখা পোৱা ৰ’চেল ৰাৱে বিবাহৰ ৫ বছৰৰ পিচত জন্ম দিছে এটি কণমানি কন্যা সন্তান । ১ অক্টোবৰত তেওঁ আৰু কিথ চেকুইৰা এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল ।

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 7:48 PM IST

Rochelle Rao and Keith Sequeira make first public appearance with newborn baby girl - watch
মাতৃ হ’ল অভিনেত্ৰী ৰচেল ৰাও

চিটাৰা ডেস্ক, 4 অক্টোবৰ: অভিনেত্ৰী ৰ’চেল ৰাওৰ ঘৰলৈ আহিছে ভাল খবৰ । ‘দ্য কপিল শৰ্মা শ্ব’ৰ অভিনেত্ৰীগৰাকীয়ে জন্ম দিছে এটি মৰমলগা কন্যা । ৰ’চেল ৰাও আৰু স্বামী কিথ চেকুইৰাই ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে তেওঁৰ মৰমৰ কন্যাৰ ভৰিৰ এখন ছবিও শ্বেয়াৰ কৰিছে । বিবাহৰ পাঁচ বছৰৰ পাচত পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰিছে এই দম্পতীয়ে । যাৰ বাবে ৰ’চেল ৰাও আৰু কিথ চেকুইৰাৰ সুখৰ কোনো সীমা নাই । ১ অক্টোবৰত ৰ’চেল ৰাৱে জন্ম দিছিল এটি কন্যা সন্তান ।

৩ অক্টোবৰত ৰ’চেল ৰাও আৰু কিথ চেকুইৰাই নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁলোকে কন্যাৰ পিতৃ-মাতৃ হোৱাৰ ভাল খবৰটো অনুৰাগীক দিছিল । ৰ’চেলে পোষ্টটো শ্বেয়াৰ কৰি লিখিছিল, ‘‘এগৰাকী কন্যাৰ ৰূপত আমি লাভ কৰা ঈশ্বৰৰ এই মহান আশীৰ্বাদৰ প্ৰশংসা কৰি আছো । আমি ধন্য হৈছো । ২০২৩ চনৰ ১ অক্টোবৰত জন্ম হৈছিল বেবী চেকুইৰা ।’’

ৰ’চেল ৰাওৱে পোষ্টটোত লগতে লিখিছে, ‘‘বন্ধুসকল, আপোনালোকৰ মৰম আৰু সমৰ্থনৰ বাবে আন্তৰিক ভাৱে ধন্যবাদ । এই শিশুটিৰ বাবে মই ভগৱানক বিচাৰিছিলোঁ আৰু তেওঁ মোক দিছে ।’’

বেবী শ্বাৱাৰত ধুনীয়া দেখা গৈছিল ৰ’চেল ৰাওক

২ ছেপ্টেম্বৰত কিথ চেকুইৰা আৰু ৰ’চেল ৰাৱে বেবী শ্বাৱাৰৰ আয়োজন কৰিছিল । ৰ’চেল ৰাৱে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে বেবী শ্বাৱাৰ উদযাপন কৰিছিল আৰু ইনষ্টাগ্ৰামতো বেবী শ্বাৱাৰৰ কিছুমান ফটো শ্বেয়াৰ কৰিছিল । বেবী শ্বাৱাৰত অংশগ্ৰহণ কৰিবলৈ ৰ’চেল ৰাওৰ ভগ্নী পালোমা আৰু বন্ধু-বান্ধৱীয়ে চেন্নাই আৰু বেংগালুৰুৰ পৰা মুম্বাইলৈ আহিছিল । বেবী শ্বাৱাৰত ৰ’চেল ৰাৱে দুটা স্তৰৰ কেক কাটিছিল । বেবী শ্বাৱাৰত হালধীয়া ৰঙৰ ড্ৰেছত ৰচেল ৰাওক অতি ধুনীয়া দেখা গৈছিল ।

২০১৮ চনত বিবাহ, ২০২৩ চনত গৰ্ভধাৰণ

২০২৩ চনৰ ২ আগষ্টত ছ’চিয়েল মিডিয়াত প্ৰসূতিৰ ফটোশ্বুটৰ জৰিয়তে ৰ’চেল ৰাও আৰু কিথ চেকুইৰাই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । ২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল এই দম্পতী ।

লগতে পঢ়ক: Disha Parmar Delivery: মাতৃ হ’ল টিভি অভিনেত্ৰী দিশা পাৰমাৰ, গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ আগমন ঘটিল লক্ষ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.