চিটাৰা ডেস্ক, ১ জানুৱাৰী: কৰণ জোহৰৰ টক শ্ব’ কফি উইথ কৰণ ৮ বৰ্তমান চৰ্চাত । এতিয়ালৈকে বহু চেলিব্ৰিটিয়ে শ্ব’টোলৈ আহি নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ সৈতে জড়িত বহু গোপন কথা প্ৰকাশ কৰিছে । এতিয়া জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰক শ্ব’টোৰ পৰৱৰ্তী খণ্ডত দেখা যাব । এই খণ্ডটোৰ শেহতীয়া প্ৰ’ম’ও মুকলি কৰা হৈছে । এই সময়চোৱাত কৰণে জাহ্নৱীক ৰেপিড ফায়াৰ খেলৰ জৰিয়তে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ বাধ্য কৰায় ।
কৰণৰ শ্ব’ত কাপুৰ ভগ্নী জাহ্নৱী-খুশীৰ আড্ডা
কৰণ জোহৰে নিজৰ ইনষ্টাগ্ৰামত নতুন খণ্ডটোৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে । প্ৰ’ম’ ভিডিঅ’টোত কৰণে কাপুৰ ভগ্নী জাহ্নৱী আৰু খুশীক আদৰণি জনোৱা দেখা যায় । প্ৰ’ম’ৰ আৰম্ভণিতে কৰণে জাহ্নৱী আৰু খুশীৰ সৈতে খুব আনন্দ কৰা দেখা যায় । শ্ব’টোত জাহ্নৱীয়ে খুৰা অনিল কাপুৰক অনুকৰণ কৰি দেখুৱাই ৷ ইফালে খুশী কাপুৰে জাহ্নৱীৰ ডেটিঙৰ খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
শিখৰ পাহাড়িয়াক ডেট কৰি আছে নেকি জাহ্নৱী কাপুৰে ?
এই সময়চোৱাত জাহ্নৱীয়ে তেওঁৰ কথিত প্ৰেমিক শিখৰ পাহাড়িয়াৰ বিষয়ে মন্তব্য কৰে ৷ আচলতে ৰেপিড ফায়াৰ ৰাউণ্ডত কৰণে জাহ্নৱীক সোধে যে তেওঁৰ ফোনটোৰ স্পীড ডায়েল লিষ্টত ৩ টা টপ কন্টাক্ট কাৰ কাৰ ? ইয়াৰ প্ৰত্যুত্তৰত জাহ্নৱীয়ে কয় যে পাপ্পা প্ৰথম, খুশু আৰু শিখু (শিখৰ পাহাড়িয়া) দ্বিতীয় স্থানত । এই সময়ত অভিনেত্ৰীগৰাকীৰ মুখৰ পৰা শিখৰৰ নাম ওলোৱাৰ লগে লগে লাজতে ৰঙা পৰি যায় । এই কথা শুনি কৰণেও আনন্দত নাচিবলৈ ধৰিলে । এতিয়া যেন এক প্ৰকাৰে দুয়োৰে (শিখৰ আৰু জাহ্নৱী) সম্পৰ্কত থকাৰ কথা নিশ্চিত হৈ পৰিছে ৷
উল্লেখ্য যে, এই খণ্ডটো বৃহস্পতিবাৰে ডিজনী প্লাছ হটষ্টাৰত সম্প্ৰচাৰ হ’ব ।
লগতে পঢ়ক: উইকেণ্ড কা ৱাৰত কান্দি কান্দি অজ্ঞান হৈ পৰে আয়েশা, বি বি হাউচত প্ৰৱেশ কৰি ছলমান খানে ক’লে এই কথা