ETV Bharat / entertainment

BB 17 Celebs Education: কোন কিমান শিক্ষিত ? কোনে পঞ্চম শ্ৰেণীৰ পিচত এৰিবলগীয়া হৈছিল বিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:44 PM IST

বিগ বছ ১৭ ত অভিনেতাৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, সাংবাদিক, ষ্টেণ্ড আপ কমেডিয়ান আৰু ছ’চিয়েল মিডিয়াৰ ইনফ্লুঞ্চাৰলৈকে ভিন্ন ক্ষেত্ৰৰ প্ৰতিযোগীক অন্তৰ্ভুক্ত কৰা হৈছে । এই প্ৰতিযোগীসকলৰ অধিকাংশই শক্তিশালী শৈক্ষিক পটভূমিৰ পৰা আহিছে । গতিকে জানো আহক তেওঁলোকৰ শিক্ষাগত অৰ্হতা কিমান ৷

Know the Educational qualifications of all Bigg Boss 17 contestants
বিগ বছ ১৭ প্ৰতিযোগীৰ শিক্ষা জানি লওক

চিটাৰা ডেস্ক, 1 অক্টোবৰ: ছ’চিয়েল মিডিয়াত চৰ্চাত বিগ বছৰ ১৭ সংখ্যক ছিজন । প্ৰেমৰ পৰা আৰম্ভ কৰি পুৰণি বন্ধুত্বৰ বিভাজনলৈকে শ্ব’টোত বহুত মনোৰঞ্জন দেখা পোৱা গৈছে । এইবাৰ বিগ বছে নিজৰ শ্ব’টোৰ বাবে বহু ভিন্ন ক্ষেত্ৰৰ পৰা চেলিব্ৰিটিক নিৰ্বাচন কৰি আনিছে ।

বিগ বছ ১৭ ৰ ঘৰত টিভি আৰু ছবিৰ চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, সাংবাদিক, ষ্টেণ্ড আপ কমেডিয়ান আৰু ছ’চিয়েল মিডিয়া ইনফ্লুঞ্চাৰ আদি বহু চেলিব্ৰিটি আছে শ্ব’টোত । কিন্তু আপুনি জানেনে এই ছিজনৰ প্ৰতিযোগীসকলৰ শিক্ষাগত অৰ্হতা কিমান ৷ যদি নাজানে জানি লওক এই প্ৰতিবেদনত ৷

অংকিতা লোখাণ্ডে

বিগ বছ ১৭ ৰ আটাইতকৈ চৰ্চিত মুখ পবিত্ৰ ৰিস্তা খ্যাত অংকিতা লোখাণ্ডে । অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰাৰ পূৰ্বে ইন্দোৰৰ পৰা স্কুলীয়া শিক্ষা আৰু স্নাতক ডিগ্ৰী লাভ কৰে ।

বিকি জৈন

অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈন ব্যৱসায়িক পটভূমিৰ পৰা আহিছে । তেওঁ সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ডিগ্ৰী আৰু জামনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে ।

ঐশ্বৰ্য শৰ্মা

ঐশ্বৰ্য শৰ্মাই ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰিছে । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকী এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীও । মধ্যপ্ৰদেশৰ উজ্জয়নৰ এটা ব্যৱসায়িক পৰিয়ালৰ কন্যা ঐশ্বৰ্য শৰ্মা ।

নীল ভাট

আৰম্ভণিৰে পৰাই অভিনয়ৰ প্ৰতি প্ৰৱল নীল ভাট । অভিনয় জগতলৈ অহাৰ আগতে তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰিছে ।

ঈশা মালবিয়া

বিগ বছ ১৭ ৰ আটাইতকৈ কম বয়সীয়া প্ৰতিযোগী ঈশা মালবিয়া । কাণ্টাই মডেল ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে ঈশাই ।

অভিষেক কুমাৰ

ঘৰত প্ৰায়ে মানুহৰ লগত সংঘাতত লিপ্ত হোৱা অভিষেক কুমাৰো বহুত শিক্ষিত । তেওঁ বিহাৰ শ্বৰীফৰ পৰা বিজ্ঞান বিষয়ত মধ্যমীয়া শিক্ষা সমাপ্ত কৰিছে । ইয়াৰ পিচত অভিনেতাজনে বিলাসপুৰ (চত্তীশগড়)ৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে ।

মান্নাৰা চোপ্ৰা

অভিনেত্ৰী মান্নাৰা চোপ্ৰা নতুন দিল্লীৰ ছামাৰ ফিল্ডছ স্কুলৰ ছাত্ৰী । বিবিএ ডিগ্ৰী লৈছে অভিনেত্ৰীগৰাকীয়ে । ইয়াৰ পিচত তেওঁ ফেশ্বন ডিজাইনিঙত মনোনিৱেশ কৰিছিল ।

ছানা ৰায়ছ খান

ছানা ৰায়ছ খান এগৰাকী সুপৰিচিত অধিবক্তা আৰু তেওঁ হাই-প্ৰফাইল গোচৰ চায় । শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰৰ সৈতেও তেওঁৰ জড়িত হৈছিল । ছানাই মুম্বাইৰ পৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল । ইয়াৰ পিচত তেওঁ এল এল এম ডিগ্ৰী লয় ।

মুনাৱাৰ ফাৰুকি

কমেডী জগতৰ জনপ্ৰিয় নাম মুনাৱাৰ ফাৰুকী । কমেডিয়ানগৰাকীয়ে এবাৰ প্ৰকাশ কৰিছিল যে পাৰিবাৰিক সমস্যাৰ বাবে পঞ্চম শ্ৰেণীৰ পিচতে স্কুল এৰিবলগীয়া হৈছিল ।

জিগনা ভোৰা

জিগনা ভোৰা হৈছে বিগ বছ হাউছৰ এগৰাকী প্ৰতিযোগী যিয়ে বিভিন্ন ক্ষেত্ৰত ডিগ্ৰী লাভ কৰিছে । আইন বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পাচত জিগনা ভোৰাই সাংবাদিকতাত ডিপ্লমা কৰে ।

ফিৰোজা খান ওৰফে খানজাদী

অসম কন্যা খানজাদীয়ে প্ৰকাশ কৰে যে তেওঁ দশম শ্ৰেণীলৈকে পঢ়িছে ৷ কিন্তু দশম শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰা নাই । খানজাদীয়ে প্ৰকাশ কৰিছিল যে তেওঁ স্কুলৰ পৰা পলাই গৈছিল ।

লগতে পঢ়ক: Bigg Boss 17: চুইমিং পুলত ধেমালি, হাতত আঁকিলে চুমা, ঈশাৰ পিচত খানজাদীৰ সৈতে ৰোমাঞ্চ অভিষেকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.