ETV Bharat / entertainment

Khatron Ke Khiladi 13:খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ী খিতাপ দখল ৰেপাৰ ডিনো জেমছৰ, পুৰস্কাৰত কি পালে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 10:20 AM IST

‘খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ীৰ নাম ঘোষণা । অৰ্জিত তানেজাক ফাইনেলত পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিলে ৰেপাৰ তথা গায়ক ডিনো জেমছে ৷

Khatron Ke Khiladi 13 Rapper Dino James becomes the winner of Rohit Shetty's stunt-reality show
খতৰো কে খিলাড়ী ১৩’ৰ বিজয়ীৰ নাম ঘোষণা

চিটাৰা ডেস্ক, 15 অক্টোবৰ: 14 অক্টোবৰত অনুষ্ঠিত হৈ যায় ৰোহিত শ্বেট্টীৰ ষ্টাণ্ট-ৰিয়েলিটি শ্ব’ ‘খতৰো কে খিলাড়ী ১৩’ ৰ গ্ৰেণ্ড ফিনালে ৷ গ্ৰেণ্ড ফিনালেত ঘোষণা কৰা হয় এই ছিজনটোৰ বিজয়ীৰ নাম ৷ এই ষ্টাণ্ট-ৰিয়েলিটি শ্ব’টোৰ প্ৰিমিয়াৰ হৈছিল ১৫ জুলাইত । ৰোমাঞ্চকৰ ষ্টাণ্ট, ভয় আৰু কিছু বিতৰ্কৰে ভৰা তিনি মাহৰ ৰোলাৰ ক’ষ্টাৰ যাত্ৰাৰ অৱশেষত অন্ত পৰিল । সকলোৱে অপেক্ষা কৰি আছিল শ্ব’টোৰ বিজয়ীৰ নাম জানিবলৈ ৷ অৱশেষত অন্ত পৰিল সকলোৰে অপেক্ষাৰ ৷ এই শ্ব’টোৰ সকলো প্ৰতিযোগীক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৰেপাৰ তথা গায়ক ডিনো জেমছে ৷ শ্ব’টোৰ ত্ৰয়োদশ ছিজনৰ ট্ৰফী নিজৰ নাম কৰিলে ডিনো জেমছে । অৱশ্যে ডিনো জেমছৰ উপৰিও শিৱ ঠাকৰে, অৰ্জিত তানেজা, ঐশ্বৰ্য শৰ্মা আৰু ৰশ্মীত কৌৰেও শীৰ্ষ পাঁচটা স্থানত নিজৰ ঠাই বনাবলৈ সক্ষম হৈছিল ।

ষ্টাণ্ট-ৰিয়েলিটি শ্ব’ৰ আঁত ধৰোতা ৰোহিত শ্বেট্টীয়ে ডিনো জেমছক শ্ব’টোৰ বিজয়ী ঘোষণা কৰে । উল্লেখ্য যে শ্ব’টোৰ আৰম্ভণি হৈছিল ১৪ গৰাকী প্ৰতিযোগীৰে ৷ ৩ মাহতকৈ অধিক সময়ৰ যাত্ৰাৰ অন্তত অৱশেষত শেষ হ’ল 'খতৰো কে খিলাড়ী ১৩'ৰ যাত্ৰা আৰু শ্ব’টোৱে লাভ কৰিলে নিজৰ বিজয়ী ৷ ১৪ অক্টোবৰত ডিনো জেমছক বিজয়ী ঘোষণা কৰা হয় । ট্ৰফীৰ লগতে ২০ লাখ টকা আৰু এখন বিলাসী বাহনো লাভ কৰে ডিনোৱে ।

ইফালে সংবাদ মাধ্যমত ডিনো জেমছে তেওঁৰ এই যাত্ৰাৰ বিষয়ে বহু আমোদজনক কথা শ্বেয়াৰ কৰে । ডিনোৱে কয় যে তেওঁৰ এটা অভ্যাসৰ বাবেই মানুহে তেওঁক অহংকাৰী বুলি গণ্য কৰিছিল আৰু তেওঁ সুখী যে তেওঁৰ ভাবমূৰ্তি ‘খতৰো কে খিলাড়ী’ৰ বাবেই সলনি হৈছে ।

ডিনোৱে কয়, ‘‘এতিয়ালৈকে মই ভাবিছিলো যে মানুহে মোক অহংকাৰী বুলি গণ্য কৰে, কাৰণ মই সদায় সকলোৰে সন্মুখত মোৰ মনত যি চলি থাকে তাকেই কৈ আহিছো । কিন্তু এই শ্ব’টোৰ বাবেই মানুহে মোক বুজিবলৈ আৰম্ভ কৰিছে । যিসকল লোকে এতিয়া বিশ্বাস কৰে যে মই অহংকাৰী নহয়, তেওঁলোকক মই অন্তৰৰ পৰা ‘ধন্যবাদ’ ক’ব বিচাৰিছো ।’’

খতৰো কে খিলাড়ী ১৩ৰ শ্বুটিঙৰ কথা ক’বলৈ গ’লে, খতৰো কে খিলাড়ীৰ ছিজন ১৩ ৰ ষ্টাণ্টৰ শ্বুটিং দক্ষিণ আফ্ৰিকাৰ কেপ টাউনত হৈছিল ৷ কিন্তু শেষৰটো খণ্ড চলিত মাহৰ আৰম্ভণিতে মুম্বাইত ৰেকৰ্ডিং কৰা হৈছিল । ফাইনেলত স্থান লাভ কৰা শীৰ্ষ তিনিগৰাকী প্ৰতিযোগীৰ ভিতৰত আছে ঐশ্বৰ্য শৰ্মা, ডিনো জেমছ আৰু অৰ্জিত তানেজা । প্ৰথমটো ষ্টাণ্ট অৰ্জিত তানেজাই কৰিছিল আৰু তেওঁ সফলতাৰে সম্পূৰ্ণ কৰিছিল, আনহাতে, পৰৱৰ্তী ষ্টাণ্টটো ঐশ্বৰ্য শৰ্মাই কৰিছিল, কিন্তু ঐশ্বৰ্যই ষ্টাণ্টটো সম্পূৰ্ণ কৰিব নোৱাৰিলে । আনহাতে শেষত অৰ্জিত ডিনো জেমছৰ হাতত পৰাস্ত হৈ খিতাপ দখল কৰে । জেমছ এজন ৰেপাৰ যিয়ে নিজৰ ‘লুজাৰ’ গীতৰ বাবে জনপ্ৰিয় হৈছিল ।

লগতে পঢ়ক: Bigg Boss 17 Confirmed Contestants List: এইসকল চেলিব্ৰিটিক এইবাৰ দেখা যাব বিগ বছ 17 ত, চাওক সম্পূৰ্ণ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.