ETV Bharat / entertainment

The Kapil Sharma Show : ২ মাহৰ পিচত বন্ধ হ’ব কপিল শৰ্মা শ্ব ! কপিল শৰ্মাই এই সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

author img

By

Published : Apr 18, 2023, 4:59 PM IST

টিভিৰ আটাইতকৈ জনপ্ৰিয় আড্ডা শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ৰ চলি থকা ছিজন অহা দুমাহৰ ভিতৰত শেষ হ’ব নেকি (The Kapil Sharma Show Off) ? এই সন্দৰ্ভত শ্ব'টোৰ আয়োজক তথা কমেডিয়ান কপিল শৰ্মাই কি কয় চাওক আহক ৷

Kapil Sharma reacts to rumours of The Kapil Sharma Show going off air
বন্ধ হ’ব কপিল শৰ্মা শ্ব !

চিটাৰা ডেস্ক, 18 এপ্ৰিল : কমেডিয়ান কপিল শৰ্মা আজি সকলোৰে পৰিচিত ৷ ছোনি টিভিৰ জনপ্ৰিয় শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ৰ জৰিয়তে লাইলাইটত আহিছিল কপিল শৰ্মা ৷ কমেডীৰ জৰিয়তে সকলোৰে হৃদয়ত এক সুকীয়া স্থান বনাবলৈ সক্ষম হৈছে কপিল শৰ্মাই ৷ দ্য কপিল শৰ্মা শ্ব ইমানেই জনপ্ৰিয় যে বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে নিজৰ ছবিৰ প্ৰচাৰৰ বাছি লয় এই শ্ব’টো ৷ মুঠৰ ওপৰত কপিল শৰ্মা শ্ব’ সফল শ্ব’ বুলি ক’ব পাৰি ৷ কিন্তু শেহতীয়াকৈ দ্য কপিল শৰ্মা শ্বৰ সন্দৰ্ভত এটা খবৰ পোৱা গৈছে ৷ দুমাহ পিচত এই শ্ব’টো বন্ধ হ’ব বুলি ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপে চৰ্চিত হৈছে (The Kapil Sharma Show going off air) ৷

অৱশেষত কমেডিয়ান কপিল শৰ্মাই ‘‘দ্য কপিল শৰ্মা শ্ব’’ বন্ধ হোৱাৰ বাতৰি ওপৰত ভংগ কৰিছে নিজৰ মৌনতা । শেহতীয়াকৈ এটা প্ৰতিবেদনত কোৱা হৈছে যে জুন মাহত ‘টি কে এছ এছ’ৰ শেষৰ খণ্ডটো প্ৰচাৰ হ’ব । যদিও ‘‘দ্য কপিল শৰ্মা শ্ব’ বিৰতিৰ পিচত পুনৰ টিভিলৈ ঘূৰি আহিব নে নাহে সেয়া এতিয়াও নিশ্চিত হোৱা নাই । এই বাতৰিৰ প্ৰতি সঁহাৰি জনাই কোৱা হৈছে যে এতিয়াও একো স্পষ্ট হোৱা নাই আৰু কিছু সময়ৰ পিচত কমেডী ধাৰাবাহিকখনৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব (The Kapil Sharma Show Off) ।

জনপ্ৰিয় কমেডিয়ান অভিনেতা তথা শ্ব’টোৰ আয়োজক কপিল শৰ্মাই এইসমূহ উৰাবাতৰিৰ ওপৰত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া (The Kapil Sharma Show rumour) । কপিল শৰ্মাই কয় যে এতিয়াও একো স্পষ্ট হোৱা নাই । বৰ্তমান এই ছিজনৰ চূড়ান্ত প্ৰচাৰৰ তাৰিখ নিৰ্ধাৰণৰ কোনো সময়সীমা নাই । কপিলে কয়, ‘‘জুলাই মাহত আমাৰ লাইভ ভ্ৰমণৰ বাবে আমি ইউ এছ এ ভ্ৰমণলৈ যাব লাগিব আৰু সেই সময়ত আমি কি কৰিব লাগে চাম। এতিয়াও সময় আছে’’ ।

উল্লেখ্য যে, ২০১৬ চনৰ পৰা আৰম্ভ হৈছিল ‘‘দ্য কপিল শৰ্মা শ্ব’’ । যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ চতুৰ্থ ছিজনত অভিনেত্ৰী অৰ্চনা পুৰাণ সিঙে অতিথি বিচাৰক হিচাপে পুনৰ অভিনয় কৰিছিল । শেহতীয়াকৈ কপিলক ডাঙৰ পৰ্দাত দেখা গৈছিল ‘জ্ৱিগাটো’ ছবিত, য’ত তেওঁৰ ভূমিকা আৰু অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল ।

নন্দিতা দাসৰ পৰিচালনাত নিৰ্মিত ছবিখনত কমেডিয়ান অভিনেতাগৰাকীয়ে ফুড ডেলিভাৰী ৰাইডাৰৰ চৰিত্ৰত অভিনয় কৰিছে । খাদ্য ডেলিভাৰীৰ কাৰ্যবাহী বিষয়াসকলৰ জীৱনৰ দুৰ্দশা আৰু তেওঁলোকে কেনেকৈ ২৪ ঘণ্টাই কাম কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ছবিখনত ।

লগতে পঢ়ক: Shehnaaz Gill : পঞ্জাবী চলচ্চিত্ৰ জগতৰ সম্পৰ্কে শ্বেহনাজ গীলৰ চাঞ্চল্যকৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.