ETV Bharat / entertainment

মত বিৰোধৰ অন্ত পৰিল ! একেলগে পাৰ্টি কৰিলে কপিল শৰ্মা-সুনীল গ্ৰ’ভাৰে

Kapil Sharma-Sunil Grover: শেহতীয়াকৈ একেলগে পাৰ্টি কৰা দেখা গ’ল কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰক । অৰ্চনা পুৰণ সিঙে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ফটো ।

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 3:57 PM IST

Kapil Sharma party hard with Sunil grover, Archana Puran Singh shared pictures
পাৰ্টি কৰিলে কপিল শৰ্মা-সুনীল গ্ৰ’ভাৰে

চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰৰ মাজত বহু দিনৰে পৰা চলি আছিল বিবাদ ৷ কিন্তু এতিয়া যেন দুয়োৰে মাজত অন্ত পৰিছে বিবাদৰ ৷ মত বিৰোধৰ অন্ত পেলাই এতিয়া পুনৰ একেলগে কাম কৰা দেখা যাব দুগৰাকী কমেডী তাৰকাক ৷ অতি শীঘ্ৰেই নেটফ্লিক্সত আহি আছে দুয়োৰে শ্ব’ । শেহতীয়াকৈ দুয়োগৰাকী কমেডী তাৰকাই শ্ব’টোৰ প্ৰ’ম’ মুকলি কৰিছিল ৷ য’ত তেওঁলোকে নিজৰ মনোমালিন্যক কৌতুক হিচাপে লোৱা দেখা গৈছিল । এতিয়া কেৱল পৰ্দাতে নহয়, পৰ্দাৰ আঁৰতো দুয়োগৰাকীয়ে নিজৰ সম্পৰ্ক উন্নত কৰিছে । শেহতীয়াকৈ দুয়োগৰাকী কমেডী তাৰকাক পৰ্দাৰ আঁৰত একেলগে দেখা গৈছিল, অভিনেত্ৰী অৰ্চনা পুৰণ সিঙে তেওঁলোকৰ এখন ছবি তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে ।

একেলগে পাৰ্টি কৰা দেখা গ’ল কপিল শৰ্মা আৰু সুনীল গ্ৰ’ভাৰক

শেহতীয়াকৈ কপিল আৰু সুনীলক তেওঁলোকৰ শ্ব’ৰ বাবে পাৰ্টি কৰা দেখা গৈছিল । শ্ব’টোৰ অংশ হিচাপে থকা অৰ্চনা পুৰণ সিঙেও নেটফ্লিক্স পাৰ্টিৰ কিছু ছবি শ্বেয়াৰ কৰিছে । ইফালে তাৰকাসকলৰ অনুৰাগীয়ে দুয়োকে একেলগে দেখি আনন্দিত হৈ কমেণ্ট ছেকচনত সুখ প্ৰকাশ কৰে । এজন অনুৰাগীয়ে লিখিছে, “কপিলৰ সৈতে জনপ্ৰিয় গুলাটীক ঘূৰি অহা দেখি ভাল লাগিল...শুভেচ্ছা থাকিল ।” আন এজন অনুৰাগীয়ে লিখিছে, "এইটো এটা সুন্দৰ পুনৰ মিলন ।"

কপিল আৰু সুনীলৰ মাজত কিহৰ বাবে মনোমালিন্য হৈছিল ?

২০১৩ চনৰ পৰাই কপিলৰ কমেডী শ্ব’ৰ অংশ হিচাপে সুনীল গ্ৰ’ভাৰে প্ৰথমবাৰৰ বাবে কপিলৰ সৈতে কমেডী নাইটছত গুঠিৰ চৰিত্ৰত দেখা গৈছিল । ইয়াৰ পাচত তেওঁ মেড ইন ইণ্ডিয়া নামৰ নিজাববীয়াকৈ আয়োজন কৰা অনুষ্ঠানটোৰ বাবে অন্য এটা চেনেললৈ গুচি যায় ৷ অৱশ্যে এই শ্ব’টো বহু দিনলৈ নচলিল আৰু বন্ধ হৈ পৰে । ইয়াৰ পিচত কপিলৰ শ্ব’টো যেতিয়া আন এটা চেনেললৈ স্থানান্তৰিত হয় আৰু তাৰ নাম সলনি কৰি দ্য কপিল শৰ্মা শ্ব’ (The Kapil Sharma Show) ৰখা হয়, তেতিয়া সুনীলে তেওঁৰ সৈতে পুনৰ যোগদান কৰে আৰু ডাঃ মশহুৰ গুলাটী নামৰ এটা বেলেগ চৰিত্ৰত আত্মপ্ৰকাশ কৰে ।

অনুৰাগীয়ে টিভিত তেওঁলোকৰ উপস্থিতি ভাল পাইছিল ৷ যদিও ২০১৮ চনত দুয়োৰে মাজত মত বিৰোধ হৈছিল আৰু দুয়োৰে মাজত সকলো সলনি হৈ পৰিছিল । মেলবৰ্ণৰ পৰা ভাৰত অভিমুখী বিমান যাত্ৰাৰ সময়ত দুয়োৰে মাজত মনোমালিন্য হৈছিল যাৰ বাবে সুনীলে শ্ব’ এৰিবলগীয়া হৈছিল । তাৰ পিচৰ পৰা দুয়োকে কোনো শ্ব’ত একেলগে দেখা পোৱা নাই । এতিয়া নেটফ্লিক্স প্ৰজেক্টটোৰ সৈতে পুনৰ একেলগে উভতি আহিছে কমেডী কিং দুগৰাকী ।

লগতে পঢ়ক: Kapil Sharma Show: সলনি হ’ল কপিল শৰ্মা শ্ব’ৰ ঠিকনা, এতিয়াৰে পৰা এইটো অ’টিটি প্লেটফৰ্মত হ’ব প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.