ETV Bharat / entertainment

Vivian dsena : সঁচাকৈ ইছলামৰ গ্ৰহণৰ পিচত নাম সলনি কৰিলে নেকি ভিভিয়ান ড্চেনাই ? খোদ প্ৰকাশ কৰিলে অভিনেতাগৰাকীয়ে

ভিভিয়ান ড্চেনাৰ অনুৰাগী কেৱল ভাৰততে নহয় বিদেশতো আছে । ইণ্ডোনেছিয়াৰ পৰা তুৰস্কলৈকে বহু দেশত তেওঁৰ টিভি শ্ব’সমূহ ডাব কৰি বিভিন্ন ভাষাত প্ৰচাৰ কৰা হৈছে । সেই বাবেই তেওঁৰ আন্তঃৰাষ্ট্ৰীয় ফেন ফ’ল’ৱাৰ আছে । সেইবাবেই অভিনেতাগৰাকীয়ে লগ পাইছিল পত্নী নুৰান আলীকো ৷ নুৰানৰ সৈতে নিকাহ হোৱাৰ পিচত অভিনেতাগৰাকীয়ে নিজৰ ধৰ্ম সলনি কৰিছিল ৷ এতিয়া অভিনেতাগৰাকীয়ে নিজৰ নামো সলনি কৰিছে বুলি প্ৰশ্ন উঠিছে ৷ এই সন্দৰ্ভত এতিয়া অভিনেতাগৰাকীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 12:11 PM IST

Is it true that Vivian dsena changed his name after converting to islam ? Know the truth
ইছলাম গ্ৰহণৰ পিচত নিজৰ নামো সলনি কৰিলে নেকি ভিভিয়ান ড্চেনাই

চিটাৰা ডেস্ক, 12 অক্টোবৰ: জনপ্ৰিয় টিভি অভিনেতা ভিভিয়ান ড্চেনাই নিজৰ উৎকৃষ্ট অভিনয়েৰে কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰিছে । অভিনেতাগৰাকীৰ ধাৰাবাহিক কেৱল ভাৰততে নহয়, এছিয়াৰ বহু দেশত মানুহে চায় । অৱশ্যে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকে অভিনেতাগৰাকী ৷ কিন্তু যোৱা কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈছে ভিভিয়ান আৰু নিজৰ অনুৰাগীৰ সৈতে জড়িত হ’বলৈ চেষ্টা কৰিছে ৷

শেহতীয়াকৈ ইনষ্টাগ্ৰামত Ask VD চেচন কৰে অভিনেতাগৰাকীয়ে, য’ত অনুৰাগীয়ে তেওঁক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবলৈ সুযোগ লাভ কৰে ৷ এই চেচনতে ভিভিয়ানৰ অনুৰাগীয়ে তেওঁৰ নামৰ সম্পৰ্কে প্ৰশ্ন কৰে । ভিভিয়ানক সোধা হৈছিল যে তেওঁ ইছলাম গ্ৰহণ কৰি নিজৰ নামো সলনি কৰিছে নেকি ? এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে যি উত্তৰ দিলে সেয়া জানিলে আচৰিত হ’ব আপুনি ৷

শেহতীয়াকৈ ভিভিয়ানে নিজেই নিশ্চিত কৰিছিল যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে । যাৰ বাবে ইনষ্টাগ্ৰামত ‘Ask VD’ চেচনৰ সময়ত ভিভিয়ানক এজন অনুৰাগীয়ে তেওঁৰ ইছলামিক নামটো প্ৰকাশ কৰিবলৈ অনুৰোধ জনায়, যাৰ উত্তৰত অভিনেতাজনে কয়, “মই সেইজন ব্যক্তিক লগ পাব বিচাৰো, যিজনে আপোনাক কৈছে যে ইছলাম গ্ৰহণ কৰাৰ পিচত নিজৰ নাম সলনি কৰাটো বাধ্যতামূলক ৷”

‘শক্তি-অস্তিত্ব কে এহছাছ কি’ ধাৰাবাহিকত অভিনয় কৰা অভিনেতাগৰাকীয়ে যোৱা বছৰ ইজিপ্তৰ প্ৰেমিকা নুৰান আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । পেছাত মনোৰঞ্জন সাংবাদিক নুৰানে ইজিপ্তত ভিভিয়ানৰ সৈতে নিকাহ কৰিছিল ৷ দুয়োৰে এটি কন্যা সন্তানো আছে ৷ কন্যা সন্তানটিৰ নাম লায়ন ।

ভিভিয়ানৰ কন্যা 'লায়ন' নামৰ অৰ্থ কি ?

Ask VD চেচনত ভিভিয়ানে নিজৰ কন্যাৰ নাম ‘লায়ন’ৰ অৰ্থ বুজাই দিওঁতে কৈছিল যে এইটো এটা আৰবী নাম, যাৰ অৰ্থ হৈছে ‘সমৃদ্ধি, কোমল আৰু মৰমলগা’।

উল্লেখ্য যে, ভিভিয়ানে ২০১৯ চনৰ পৰাই ইছলাম অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল । ২০১৩ চনত ভাৱবিজ দোৰাবজীৰ সৈতে তেওঁৰ প্ৰথম বিবাহ হৈছিল যদিও ২০১৬ চনত তেওঁলোকৰ বিচ্ছেদ হৈছিল আৰু ২০২১ চনত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হয় ।

লগতে পঢ়ক: Vivian Dsena: ইজিপ্তৰ নৌৰানৰ লগত বিবাহপাশত আৱদ্ধ হ’ল নেকি অভিনেতা ভিভিয়ান ড্চেনা?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.