চিটাৰা ডেস্ক, 17 আগষ্ট: ‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ মুখ্য অভিনেত্ৰী দয়াবেন অৰ্থাৎ দিশা ৱাকানীৰ আজি ৪৪ তম জন্মদিন ৷ দিশা বাকনি মূলতঃ গুজৰাটৰ । ১৯৭৮ চনৰ ১৭ আগষ্টত আহমেদাবাদৰ এটা গুজৰাটী জৈন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল দিশাই । গুজৰাট মহাবিদ্যালয়ৰ পৰা নাট্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । দিশা বাকনীয়ে টিভিৰ শ্ব’ৰ লগতে বহু ছবিতো অভিনয় কৰিছে ৷
যদিও কমেডী শ্ব’ ‘তাৰক মেহতা কা উল্টা চশমা’ৰ জৰিয়তে তেওঁ অধিক জনপ্ৰিয়তা লাভ কৰিছিল । এই শ্ব’টোত দয়াবেনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল ৷ যদিও দিশাই ৬ বছৰ পূৰ্বে এই শ্ব’টোৰ পৰা বিদায় লৈছে, তথাপিও আজিও দৰ্শকে তেওঁক দয়াবেন নামেৰেই চিনি পায় ।
অৱশ্যে ‘তাৰক মেহতা কা উল্টা চশমা’ৰ পূৰ্বে ‘শুভ মংগল সাৱধান’, ‘খিচড়ী’, ‘ইষ্টেণ্ট খিচড়ী’, ‘হিৰো ভক্তি হি শক্তি হ্যে’ আৰু ‘আহাত’ আদি টিভি শ্ব’ত গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে দিশাই ৷ ইয়াৰ উপৰিও ২০১৪ চনত ‘চিআইডি’তো অভিনয় কৰিছিল । কেৱল টিভি শ্ব’তেই নহয় দিশা বাকনীয়ে ডাঙৰ পৰ্দাতো অভিনয় কৰিছে ৷ হয়, শ্বাহৰুখ খানৰ ছবি ‘দেৱদাস’ত অভিনয় কৰিছিল দিশাই ।
ইয়াৰ উপৰিও দিশাই ‘যোধা আকবৰ’, ‘মংগল পাণ্ডে দ্য ৰাইজিং’, ‘লাভ ষ্ট’ৰী ২০৫০’ আদি ছবিতো সহযোগী চৰিত্ৰত অভিনয় কৰিছে । কিন্তু ছবিত তেওঁ বিশেষ স্বীকৃতি নাপালে । যি পৰিচয় তেওঁক দিছিল ‘তাৰক মেহতা কা উল্টা চশমা’। এই শ্ব’টোত দয়াবেনৰ চৰিত্ৰত উজ্জ্বল অভিনয়েৰে দিশা বাকনীয়ে এই ভূমিকাক আইকনিক কৰি তুলিছে । সেইবাবেই তেওঁ শ্ব’ এৰি যোৱাৰ ৬ বছৰৰ পাচতো এই চৰিত্ৰটোত তেওঁৰ ঠাই কোনেও ল’ব পৰা নাই ।
২০১৫ চনত মুম্বাইৰ চি এৰ সৈতে বিবাহপাশত আবদ্ধ হয় দিশা
উল্লেখ্য যে, ২০১৭ চনত মাতৃ হোৱাৰ পিচত দিশাই এই শ্ব’টোৰ পৰা বিদায় লৈছিল । তাৰ পিছৰে পৰা তেওঁ শ্ব’টোলৈ ঘূৰি অহাৰ বিষয়ে জল্পনা-কল্পনা কৰিছিল । অৱশ্যে ২০২২ বৰ্ষৰ জানুৱাৰী মাহত দিশাই দ্বিতীয়টো পুত্ৰ সন্তানক জন্ম দিয়ে ৷ যাৰ পিচত এতিয়া তেওঁৰ এই শ্ব’টোলৈ ঘূৰি অহাৰ আশা কম । দিশাই ২০১৫ চনত দিশাই মুম্বাইৰ চি এ ময়ুৰ পদিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । এতিয়া দিশাই অভিনয়ৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে সময় কটাবলৈ লৈছে ।