চিটাৰা ডেস্ক, 21 ডিচেম্বৰ : তিনিজনীয়া হ’বলৈ আগবাঢ়িছে গৌহৰ-জাইদৰ পৰিয়াল ৷ অভিনেত্ৰী গৌহৰ খান আৰু তেওঁৰ স্বামী জাইদ দৰবাৰে প্ৰথমটি সন্তানৰ আশা কৰিছে । মঙলবাৰে দম্পতীহালে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে নিজৰ অনুৰাগী সকলৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে ।
এটা এনিমেটেড ৰীলছৰ জৰিয়তে দুয়োৱে এই ভাল খবৰটো শ্বেয়াৰ কৰে । সকলোৰে পৰা মৰম আৰু প্ৰাৰ্থনা বিচাৰি দম্পতীহালে এই খবৰটো ৰাজহুৱা কৰে ।
গৌহৰে লিখিছে, "বিছমিল্লাহ হিৰ ৰহমান নিৰ্ৰহীম । আপোনালোকৰ সকলো মৰম আৰু প্ৰাৰ্থনাৰ প্ৰয়োজন । মা শ্বা আল্লাহ" ৷ গৌহৰে শ্বেয়াৰ কৰা এনিমেটেড ভিডিঅ’টোত গৌহৰ আৰু জাইদক বহুত মৰম লগাকৈ উপস্থাপন কৰা হৈছে । ভিডিঅ'টোত লিখা আছিল, "Z এ G ক লগ পোৱাৰ পিছত দুজন হৈ পৰিল । এতিয়া দুঃসাহসিক অভিযান চলি আছে কাৰণ আমি অতি সোনকালেই তিনিজনীয়া হৈ পৰিম । ইন শ্বা আল্লাহ এই সুন্দৰ যাত্ৰাত আপোনালোকৰ সকলো প্ৰাৰ্থনা আৰু ৰহম বিচাৰিছো" ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বন্ধু-বান্ধৱী, পৰিয়াল আৰু অনুৰাগীয়ে ভিডিঅ’টো দেখাৰ লগে লগে শুভেচ্ছা বাণীৰে উপচাই পেলাইছে গৌহৰ-জাইদৰ সামাজিক মাধ্যম । অভিনেতা কৃতি খাৰবান্দাই মন্তব্য কৰে যে, "বহুত অভিনন্দন তোমালোক দুয়োকে ! নজৰ না লাগে" ৷ অভিনেতা কিশ্বৰ মাৰ্চেণ্টে লিখিছে, ‘মই জানিছিলোঁ, শেহতীয়াকৈ আপোনাৰ পোষ্টবোৰ চাই মই জানিছিলোঁ, so happy for u guys’ ৷ অভিনেত্ৰী চফী চৌধুৰীয়ে মন্তব্য কৰে যে, "মাশ্বাল্লাহ !! অভিনন্দন আপোনালোকক" ৷
ৰকেট সিং, ইশকজাদে, ৰাজনৈতিক নাটক ধাৰাবাহিক তাণ্ডৱৰ দৰে ছবিৰ বাবে পৰিচিত খানে 2020 চনৰ ডিচেম্বৰ মাহত বিখ্যাত সংগীত সুৰকাৰ ইছমাইল দৰবাৰৰ পুত্ৰ জাইদ দৰবাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় । খবৰ অনুসৰি, লকডাউনৰ সময়ত বজাৰ কৰোঁতে দুয়ো লগ হৈছিল । দুয়োজনে কথা পাতিবলৈ আৰম্ভ কৰে আৰু বন্ধুত্ব সোনকালেই প্ৰেমলৈ পৰিৱৰ্তিত হয় ৷
লগতে পঢ়ক : কেৱল কম বয়সীয়া মহিলাকহে কিয় ডেট কৰে লিঅ’নাৰ্ড ডিকাপ্ৰিঅ’ই