ETV Bharat / entertainment

Elvish Yadav: ৰেভ পাৰ্টিত এলভিচ যাদৱৰ ওপৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগ, জানো আহক কি হয় এই ৰেভ পাৰ্টি ?

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:00 PM IST

জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে ৰেভ পাৰ্টি আয়োজন কৰাৰ লগতে চোৰাং সাপ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰেভ পাৰ্টি আয়োজন কৰি তাত সাপৰ বিষ ব্যৱহাৰ কৰাৰ অভিযোগত এলভিছৰ বিৰুদ্ধে ইতিমধ্যে এফআইআৰ দাখিল কৰা হৈছে । ইফালে ৰেভ পাৰ্টি ৰাইজৰ মাজতো এক চৰ্চাৰ বিষয় হৈ পৰিছে, সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে এইবোৰ কেনেকুৱা ধৰণৰ পাৰ্টি । জানো আহক ৰেভছ পাৰ্টি সদায় এনেকুৱাই আছিল নে ইয়াৰ আঁৰত লুকাই আছে কিবা অন্য ৰহস্য ৷

Elvish Yadav trapped in drug smuggling, what are these rave parties, know how it started
ৰেভ পাৰ্টিত ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক এলভিচ যাদৱ, জানো আহক কি হয় এই ৰেভ পাৰ্টি ?

চিটাৰা ডেস্ক, 4 নৱেম্বৰ: বিগ বছ অ’টিটি ২ বিজয়ী হোৱাৰ পিছত লাইমলাইটলৈ অহা এলভিছ যাদৱে পুনৰবাৰ শিৰোনাম দখল কৰিছে । কিন্তু এইবাৰ কোনো কৃতিত্বৰ বাবেই তেওঁ বিখ্যাত হোৱা নাই, বৰঞ্চ ৰেভ পাৰ্টি অনুষ্ঠিত কৰি তাত সাপৰ বিষ ব্যৱহাৰ কৰাৰ অভিযোগতহে এতিয়া তেওঁ বিপদত পৰিবলগীয়া হৈছে । এলভিছ যাদৱৰ এফআইআৰৰ লগতে ৰেভ পাৰ্টিও চৰ্চাৰ বিষয় হৈ পৰিছে । বহুতৰে মনত এই প্ৰশ্নৰ উদয় হৈছে যে ৰেভ পাৰ্টিবোৰ সদায় এনেকুৱা আছিল নে সময়ৰ লগে লগে ইয়াৰ পৰম্পৰা সলনি হৈছে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

কি হয় ৰেভ পাৰ্টি ?

ৰেভ পাৰ্টিত ইলেক্ট্ৰনিক সংগীতৰ সৈতে নৃত্য হয় । ৮০-৯০ৰ দশকৰ শেষৰ ফালে ৰেভ পাৰ্টি পৰম্পৰাৰ উন্মেষ ঘটিছিল । মূলতঃ ইয়াত খুব দ্ৰুত সংগীত বজোৱা হয় আৰু এই পাৰ্টিবোৰ প্ৰায়ে জনসমাগমৰ পৰা আঁতৰত আৰু গোপনে পতা হয় । এইবোৰক সাধাৰণতে ৰেভছ বুলি কোৱা হয়, ৰেভত হাজাৰ হাজাৰ লোকে নাচিবলৈ গোট খায় আৰু বৈদ্যুতিক সংগীত উপভোগ কৰে । ইলেক্ট্ৰনিক সংগীতৰ ভিতৰত আছে টেকন’, হাউচ, ব্ৰেকবিট আৰু ট্ৰেন্স ।

এইদৰেই আৰম্ভ হৈছিল ৰেভ পাৰ্টিৰ পৰম্পৰা

ৰেভ পাৰ্টি আৰম্ভ হৈছিল ৰেভ সংগীতৰ পৰা, আচলতে ১৯৮০ চনত যুক্তৰাজ্যত ইডিএম (ইলেক্ট্ৰনিক ডান্স মিউজিক)ৰ ৰূপত । ৰেভ শব্দটোৱে মূলতঃ আণ্ডাৰগ্ৰাউণ্ড ক্লাবত অনুষ্ঠিত হোৱা ওৰে নিশা পাৰ্টিটোক প্ৰতিনিধিত্ব কৰে । এই পাৰ্টিবোৰ উচ্চ শক্তি, দ্ৰুত সংগীত আৰু আনন্দৰ বাবে ড্ৰাগছ ব্যৱহাৰৰ বাবে বিখ্যাত আছিল । সংগীতৰ লগতে ৰেভ পৰম্পৰাও ৰঙীন ৰূপ আৰু একেলগে গোট খাই কৰা নৃত্যৰ বাবে বিখ্যাত হৈ পৰিছিল ।

ৰেভ পাৰ্টিৰ নেতিবাচক প্ৰভাৱ

ৰেভ পাৰ্টিৰ পৰম্পৰা আছিল একত্ৰিত হৈ সংগীত আৰু নৃত্য উপভোগ কৰা । কিন্তু যোৱা কেইবছৰমানৰ পৰা ৰেভ পাৰ্টিৰ পৰম্পৰাই সমাজখনত ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশতে প্ৰভাৱ পেলাইছে । ৰেভ পাৰ্টিৰ ইতিবাচক প্ৰভাৱ আছিল যে ই মানুহক একত্ৰিত কৰিছিল । ইয়াৰ ফলত সকলোৱে একত্ৰিত হৈ আনন্দ লোৱাৰ অনুভৱৰ সৃষ্টি হৈছিল যদিও আনফালে এই পাৰ্টিবোৰত মাদক দ্ৰব্য, বিলাতী সুৰা, ড্ৰাগছ ব্যৱহাৰ কৰি ইয়াক বেয়া নাম দিয়া হৈছে । কিছুমান মানুহে এতিয়া ৰেভ পাৰ্টিৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰে, তেওঁলোকে কয় যে, ইয়াৰ অবিহনে ৰেভ অসম্পূৰ্ণ কিন্তু কিছুমানে ইয়াৰ বিৰোধী আৰু তেওঁলোকৰ মতে ই আমাক নেতিবাচক দিশে লৈ গৈছে আৰু ইয়াৰ পৰিণামো ভয়ানক হ’ব পাৰে ।

ছ’চিয়েল মিডিয়াৰ আগমনেও ৰেভ পৰম্পৰাক আৰু অধিক বৃদ্ধি কৰিছে, এই পৰম্পৰা ইনষ্টাগ্ৰাম, টুইটাৰ আৰু ফেচবুকৰ দৰে প্লেটফৰ্মৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছে । এক প্ৰকাৰে ৰেভ পৰম্পৰাই সমাজত গভীৰ প্ৰভাৱ পেলাইছে । মানুহক একত্ৰিত কৰি ইলেক্ট্ৰনিক সংগীতক বিখ্যাত কৰাৰ উপৰিও সমাজত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে । ৰেভ পৰম্পৰাৰ ইতিবাচক আৰু নেতিবাচক দিশ বিবেচনা কৰি নিৰাপদ আৰু দায়িত্বশীল হৈ উপভোগ কৰাটো অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক: Mrunal Thakur: 'বিবাহৰ স্থান কওক...', তেলুগু যুৱকৰ সৈতে বিবাহৰ খবৰ পাই মৃণাল ঠাকুৰে দিলে এই প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.