ETV Bharat / entertainment

Elvish Yadav Case: আজি পাঁচ অভিযুক্তৰ সন্মুখত জেৰা চলোৱা হ’ব এলভিছক - এলভিছ যাদৱ গোচৰ

বৰ্তমান ৰেভ পাৰ্টিৰ বাবে শিৰোনাম দখল কৰিছে ইউটিউবাৰ এলভিছ যাদৱে । এই বিষয়ত নয়ডা আৰক্ষীয়ে এলভিছক জাননী প্ৰেৰণ কৰিছিল । মঙলবাৰে নিশা ১১ বজাত আৰক্ষীৰ থানাত যায় এলভিছ আৰু নিশা প্ৰায় পাঁচ ঘণ্টা জেৰা কৰা হয় এলভিছক । এতিয়া আজি আৰক্ষীয়ে পুনৰ তেওঁক এই বিষয়ত জেৰা চলাব বুলি জানিব পৰা গৈছে ।

elvish-yadav-recorded-statement-in-rave-party-case-in-noida
ৰেভ পাৰ্টিৰ গোচৰ
author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 1:23 PM IST

চিটাৰা ডেস্ক, 8 নৱেম্বৰ: জনপ্ৰিয় ইউটিউবাৰ তথা বিগ বছ OTT 2 ৰ বিজয়ী এলভিছ যাদৱ বৰ্তমান চৰ্চাত । শেহতীয়াকৈ তেওঁৰ নাম সাঙোৰ খাই পৰিছিল ৰেভ পাৰ্টি গোচৰৰ সৈতে ৷ আৰক্ষীয়ে তেওঁক ৰেভ পাৰ্টি গোচৰত জাননী প্ৰেৰণ কৰিছিল । এতিয়া এই বিষয়ত নতুন আপডেট আহিছে । মঙলবাৰে নিশা এলভিছক জেৰা চলাই নয়ডা আৰক্ষীয়ে । এই জেৰা চলিছিল প্ৰায় ৫ ঘণ্টা । কিন্তু তদন্ত এতিয়াও শেষ হোৱা নাই । আজি অৰ্থাৎ বুধবাৰেও আৰক্ষীয়ে এলভিছ যাদৱক জেৰা কৰিব বুলি জানিব পৰা গৈছে । আজি পূৰ্বে গ্ৰেপ্তাৰ কৰা 5 অভিযুক্তৰ সন্মুখত জেৰা চলোৱা হ’ব এলভিছক ৷

elvish yadav recorded statement in rave party case in noida
ৰেভ পাৰ্টিৰ গোচৰ

ৰেভ পাৰ্টিৰ গোচৰত যেতিয়াৰ পৰা এলভিছ যাদৱৰ নাম সাঙোৰ খাইছে, তেতিয়াৰে পৰা দিনক দিনে বাঢ়ি গৈছে এলভিছৰ বিপদ ৷ নয়ডা আৰক্ষীয়ে এই বিষয়ত তদন্ত কৰি আছে আৰু শেহতীয়াকৈ এই বিষয়ত এলভিছক জেৰা চলায় । মঙলবাৰে নিশা প্ৰায় 11 বজাত নয়ডা ছেক্টৰ 20 থানাত প্ৰায় পাঁচ ঘণ্টা ধৰি চলে জেৰা ।

জেৰাত কি ক’লে এলভিছে ?

জেৰাত এলভিছ যাদৱে নয়ডা আৰক্ষীক জনায় যে তেওঁ নিৰ্দোষী আৰু ষড়যন্ত্ৰৰ বলি হৈছে । বৰ্তমান নয়ডা আৰক্ষীয়ে কয় যে সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে । তদন্তত উত্থাপিত তথ্যৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব । উল্লেখ্য যে শেহতীয়াকৈ আৰক্ষীয়েও এই বিষয়ত গায়ক ফৈজলপুৰীয়ালৈ জাননী প্ৰেৰণ কৰিছিল ।

সমগ্ৰ ঘটনাটো কি আছিল ?

এলভিছ যাদৱকে ধৰি মুঠ ছয়জন লোকৰ বিৰুদ্ধে ৰেভ পাৰ্টিত নিষিদ্ধ সাপৰ বিষ যোগান ধৰাৰ অভিযোগ । যোৱা ২ দিনত গোচৰটোত বহুতো টুইষ্ট এণ্ড টাৰ্ণ দেখা পোৱা গৈছিল । এই গোচৰত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে অভিযুক্ত এলভিছক অব্যাহত ৰাখিছে জেৰা । এতিয়া এই বিষয়ত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক: Elvish Yadav: ৰেভ পাৰ্টিত এলভিচ যাদৱৰ ওপৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগ, জানো আহক কি হয় এই ৰেভ পাৰ্টি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.