ETV Bharat / entertainment

বৈষ্ণো দেৱী মন্দিৰত ৰাইজে আক্ৰমণ কৰিছিল নেকি এলভিছ যাদৱক ? এই সন্দৰ্ভত এলভিছৰ প্ৰতিক্ৰিয়া . .

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 12:26 PM IST

Elvish Yadav On Mobbed In Vaishno Devi: সঁচাকৈয়ে বৈষ্ণো দেৱীৰ মন্দিৰৰ বাহিৰত ৰাইজৰ ৰোষত পৰিছিল নেকি বিগ বছ অ’টিটি ২ৰ বিজয়ী এলভিছ যাদৱ ? এই সন্দৰ্ভত এতিয়া স্পষ্টীকৰণ দিছে খোদ এলভিছ যাদৱে ৷

Elvish Yadav reacts on Faces Mob Attack In Jammu
বৈষ্ণো দেৱী মন্দিৰত ৰাইজৰ ৰোষত এলভিছ যাদৱ

চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: পুনৰ চৰ্চাত বিগ বছ অ’টিটি ২ ৰ বিজয়ী এলভিছ যাদৱ ৷ বিগ বছ অ’টিটি ২ ৰ বিজয়ী হোৱাৰ পিচতে কিবা নহয়, কিবা কাৰণত প্ৰায়ে চৰ্চা লাভ কৰি আহিছে এলভিছে ৷ শেহতীয়াকৈ সাপৰ সৰবৰাহৰ সৈতে নাম সাঙোৰ খাইছিল এলভিছৰ ৷ এই বিষয়টো মাৰ নৌজাওতেই এতিয়া আন এটা বিতৰ্কত সোমাই পৰিছে এলভিছ ৷

শেহতীয়াকৈ বৈষ্ণো দেৱীৰ আশীৰ্বাদ বিচাৰি জম্মু ভ্ৰমণত গৈছিল এলভিছ যাদৱ ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত খবৰ ভাইৰেল হৈ পৰে যে এলভিছ আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু ৰাঘৱ শৰ্মা ৰাইজৰ ৰোষত পৰে ৷ এই ঘটনাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত দাবী কৰা হৈছিল যে জম্মুত এলভিছক এটা গোটে আক্ৰমণ কৰিছিল যাৰ বাবে তেওঁ নিজৰ জীৱন ৰক্ষাৰ বাবে সেই স্থানৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল । অৱশ্যে এতিয়া এলভিছে এই খবৰবোৰক লৈ নিজৰ মৌনতা ভংগ কৰিছে ।

এলভিছ যাদৱে তেওঁৰ অফিচিয়েল এক্স একাউণ্টত সংবাদ মাধ্যমৰ এটা খবৰ শ্বেয়াৰ কৰিছে, য’ত তেওঁক আক্ৰমণ কৰা বুলি দাবী কৰা হৈছে । এলভিছে লিখিছে - ‘‘যেতিয়ালৈকে এনে সংবাদ মাধ্যম জীয়াই থাকিব, তেতিয়ালৈকে ভুৱা বাতৰি চলি থাকিব । যিদিনা কোনোবাই মোৰ গাত হাত তুলিব, সেইদিনা কলিযুগৰ অন্ত পৰিব ।’’

  • Jab Tak Aise News Wale Zinda Hai Fake Narrative Chalte Rahenge. महरे पे हाथ ठान आले जिस दिन पैदा होगे कलयुग का अंत आ लेगा। CHEERS https://t.co/V6OCHS7HzU

    — Elvish Yadav (@ElvishYadav) December 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সম্পূৰ্ণ ঘটনা কি আছিল ?

উল্লেখ্য যে, শেহতীয়াকৈ এটা ভিডিঅ’ ওলাইছিল য’ত এলভিছ যাদৱ আৰু তেওঁৰ বন্ধু ৰাঘৱক মন্দিৰৰ পৰা ওলাই অহাৰ লগে লগে ৰাইজে ঘেৰি ধৰা দেখা গৈছিল । ইয়াৰ পিচতে একাংশ লোকে ৰাঘৱক কলাৰত ধৰি টানি থকা দেখা যায় । টাইমছ নাওৰ প্ৰতিবেদন অনুসৰি এজন লোকে ইউটিউবাৰ এলভিছ আৰু তেওঁৰ বন্ধুক তেওঁৰ সৈতে ফটো উঠিবলৈ কৈছিল, কিন্তু তেওঁলোকে ফটো তুলিবলৈ নাকচ কৰে । এনে পৰিস্থিতিত ব্যক্তিজনে খঙেৰে ৰাঘৱৰ কলাৰত ধৰে । আনহাতে এলভিছ তাৰ পৰা ততাতৈয়াকৈ ওলাই যায় ।

সাপৰ বিষ যোগান ধৰা গোচৰত এলভিছৰ নাম সাঙোৰ খাইছিল

ইয়াৰ পূৰ্বে নয়ডাত সাপৰ বিষৰ গোচৰ সন্দৰ্ভত এলভিছ যাদৱ লাইমলাইটলৈ আহিছিল । পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল এলভিছৰ বিৰুদ্ধে ৷ এনে পৰিস্থিতিত বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ ধাৰা ৯, ৩৯, ৪৮এ, ৪৯, ৫০ আৰু ৫১ৰ লগতে আইপিচিৰ ১২০-বি ধাৰাত ইউটিউবাৰৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছিল ।

লগতে পঢ়ক: Elvish Yadav: ৰেভ পাৰ্টিত এলভিচ যাদৱৰ ওপৰত ড্ৰাগছ সৰবৰাহৰ অভিযোগ, জানো আহক কি হয় এই ৰেভ পাৰ্টি ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.