চিটাৰা ডেস্ক, 3 এপ্ৰিল: কমেডিয়ান কুইন ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াই আজি উদযাপন কৰিছে তেওঁলোকৰ সন্তান লক্ষ্যৰ প্ৰথম জন্মদিন । ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াই নিজৰ সন্তানক মৰমেৰে ‘গোলা’ বুলি কয় । এই বিশেষ মুহূৰ্তৰ বাবে তেওঁ লক্ষ্যৰ এক বিশেষ ফটোশ্বুটো কৰিছে, যিটো ভাৰতীয়ে এটা মৰমলগা কেপচনৰে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে (Gollas 1st Birthday) ।
ইনষ্টাগ্ৰামত নিজৰ মৰমলগা লক্ষ্যৰ ছবি শ্বেয়াৰ কৰি ভাৰতীয়ে লিখিছে, ‘প্ৰথম জন্মদিনৰ শুভেচ্ছা লক্ষ্য (Golla)। বহুত মৰম বাবু, ডাঙৰ হৈ আমাৰ দৰেই হৈ হবা । ঈশ্বৰে মংগল কৰক ৷" জনপ্ৰিয় মহিলা কণ্ঠশিল্পী নেহা কক্কাৰ, সচেত তণ্ডনে ভাৰতীৰ এই পোষ্টটোত কমেণ্ট বক্সত হাৰ্ট ইমোজি প্ৰেৰণ কৰে (Bharti Singh and Haarsh Limbachiyaa)। আনহাতে সিদ্ধাৰ্থ নিগম, কিকু শৰ্দা, আৰতি সিঙে লক্ষ্যক জন্মদিনৰ শুভেচ্ছা জনায় । একে সময়তে বলীউডৰ অভিনেত্ৰী উৰ্বশী ঢোলাকিয়া, গৌহৰ খানকে ধৰি সকলো চেলিব্ৰিটিয়ে গোলাক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে (Comedian Queen Bharti Singh and Haarsh Limbachiyaa) ।
- " class="align-text-top noRightClick twitterSection" data="
">
ভাৰতীৰ এই পোষ্টটোত টিভি অভিনেতা অৰ্জুন বিজলানীয়ে মন্তব্য কৰিছে, ‘Very cute’। অভিনেত্ৰী নীৰু বাজৱাই লিখিছে, ‘হেপি বাৰ্থডে হেণ্ডছাম । ভগৱানে আশীৰ্বাদ কৰক ।’ গৌহৰ খানে লিখিছে, ‘আটাইতকৈ মৰমলগা শিশুটিলৈ জন্মদিনৰ শুভেচ্ছা থাকিল । ভগৱানে আপোনাক আশীৰ্বাদ কৰক গোলা ।’ উৰ্বশী ঢোলাকিয়াইও লিখিছে, ‘জন্মদিনত বহুত বহুত অভিনন্দন । ভগৱানে তোমাক আশীৰ্বাদ কৰক গোলা'।
ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াৰ পুত্ৰ লক্ষ্য সিং লিম্বচিয়া (গোলা)ক প্ৰথমবাৰৰ বাবে টিভিত দেখা গৈছিল ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৬’ৰ উইকএণ্ড কা ৱাৰত দেখা পোৱা গৈছিল । হৰ্ছে নিজৰ পুত্ৰক শ্ব’টোৰ আয়োজক ছলমান খানৰ হাতত গতাই দিয়ে আৰু কিছু সময়ৰ বাবে মঞ্চ এৰি দিয়ে । ছলমান খান আৰু গোলাৰ এই মৰমলগা মুহূৰ্তটো লাইমলাইটত আছিল (Laksh aka Golla 1st birthday)।
লগতে পঢ়ক: Bharti Singh instagram: ভাৰতী সিং-হৰ্ষ লিম্বাচিয়াই উদযাপন কৰিছে পঞ্চম বিবাহ বাৰ্ষিকী