ETV Bharat / entertainment

Disha Parmar Delivery: মাতৃ হ’ল টিভি অভিনেত্ৰী দিশা পাৰমাৰ, গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ আগমন ঘটিল লক্ষ্মীৰ

মাতৃ হ’ল টিভি অভিনেত্ৰী দিশা পাৰমাৰ । এটি কন্যা সন্তান জন্ম দিছে দিশাই । গণেশ চতুৰ্থীৰ দ্বিতীয় দিনা ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে স্বামী তথা কণ্ঠশিল্পী ৰাহুল বৈদ্যই। ৰাহুল আৰু দিশাৰ এই পোষ্টটো ভাইৰেল হৈ পৰাত অনুৰাগীয়ে অভিনন্দন জনাইছে ।

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:42 PM IST

'Blessed with a Baby GIRL': Rahul Vaidya and Disha Parmar welcome their first child
মাতৃ হ’ল টিভি অভিনেত্ৰী দিশা পৰমাৰ

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ: টিভি জগতৰ অনুৰাগীৰ আটাইতকৈ প্ৰিয় দম্পতী দিশা পাৰমাৰ আৰু তেওঁৰ কণ্ঠশিল্পী স্বামী ৰাহুল বৈদ্যৰ ঘৰলৈ আহিছে এটি কণমানি আলহী ৷ গণেশ চতুৰ্থীৰ শুভ ক্ষণত পিতৃ-মাতৃ হ’ল দিশা পাৰমাৰ আৰু ৰাহুল বৈদ্য । গণেশ চতুৰ্থীৰ দ্বিতীয় দিনা এটি মৰমলগা কন্যা সন্তান জন্ম দিয়ে দিশাই । এই খবৰৰ পিচতে সমগ্ৰ পৰিয়ালটোত বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশে । ইফালে দুয়োগৰাকীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীক এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। এই খবৰত অনুৰাগীসকলে আনন্দত আত্মহাৰা হৈ তেওঁৰ পোষ্টটোৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

লক্ষ্মীৰ আগমন ঘটিছে অভিনেত্ৰী দিশা পাৰমাৰৰ ঘৰলৈ

অনুৰাগীয়ে বহুদিনৰে পৰা অপেক্ষা কৰি আছিল এই দম্পতীৰ এই ভাল খবৰটোৰ বাবে । শেহতীয়াকৈ ৰাহুল বৈদ্যই ইনষ্টা পোষ্টৰ জৰিয়তে নিজৰ অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে যে লক্ষ্মীৰ আগমন ঘটিছে তেওঁৰ ঘৰলৈ । পোষ্টটোৰ কেপচনত কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, আমি এটি কন্যা সন্তানৰ আশীৰ্বাদ লাভ কৰিছো ! মাতৃ আৰু শিশু দুয়োগৰাকীয়ে সুস্থ আৰু একেবাৰে ভালে আছে !

ৰাহুল বৈদ্যই পৰিয়ালৰ লগতে চিকিৎসককো ধন্যবাদ জ্ঞাপন কৰে

ৰাহুল বৈদ্যই লগতে লিখিছে- ‘‘গৰ্ভধাৰণৰ পৰা জন্মলৈকে শিশুটিৰ যত্ন লোৱা আমাৰ স্ত্ৰীৰোগ বিশেষজ্ঞক আমি ধন্যবাদ জনাইছো আৰু লগতে আমাৰ পৰিয়ালক ধন্যবাদ জনাইছো ৷ আমি সুখী ৷ মোৰ কন্যাক আশীৰ্বাদ কৰক।’’ অনুৰাগীয়ে এই দম্পতীক ছ’চিয়েল মিডিয়াত অভিনন্দন জ্ঞাপন কৰে ।

বেবী শ্বাৱাৰত দিশা পাৰমাৰক ধুনীয়া দেখা গৈছিল

দিশা পাৰমাৰে বেবী শ্বাৱাৰত লেভেণ্ডাৰ ৰঙৰ অফ-শ্বোল্ডাৰ ৰুচড ড্ৰেছ পৰিধান কৰিছিল আৰু এই সাজত অভিনেত্ৰীগৰাকীয়ে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰিছিল । দিশাই ডেংলিং ইয়াৰৰিং, ঘড়ী আৰু ব্লিংগি ফ্লেট আৰু ডিউই মেকআপেৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছিল ।

২০২১ চনৰ ১৬ জুলাইত ৰাহুল আৰু দিশাই যুগ্ম জীৱনৰ পাতনি মেলিছিল

উল্লেখ্য যে, ২০২১ চনৰ ১৬ জুলাইত ৰাহুল আৰু দিশাৰ বিবাহ হৈছিল ৷ ২০২৩ চনৰ ১৮ মে’ত ছ’চিয়েল মিডিয়াত গৰ্ভধাৰণৰ কথা ঘোষণা কৰি অনুৰাগীক ভাল খবৰটো দিছিল । এতিয়া সন্তান জন্ম হোৱাৰ পিচতো অনুৰাগীক এই খবৰটো শ্বেয়াৰ কৰিছে এই দম্পতীয়ে ৷

লগতে পঢ়ক: Rubina Dilaik: ৰুবিনা দিলাইক তথা অভিনৱ শুক্লাৰ ঘৰলৈ আহিব নতুন আলহী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.