ETV Bharat / entertainment

Bigg Boss 17: চুইমিং পুলত ধেমালি, হাতত আঁকিলে চুমা, ঈশাৰ পিচত খানজাদীৰ সৈতে ৰোমাঞ্চ অভিষেকৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 2:55 PM IST

বিগ বছ ১৭ ৰ ঘৰত বহু নাটক দেখা গৈছে । শ্ব’টোত সামৰ্থৰ প্ৰৱেশৰ পিচতে উত্তাল হৈ গৈছিল পৰিস্থিতি । এতিয়া শ্ব’টোত অভিষেকক খানজাদীৰ সৈতে ৰোমাঞ্চ কৰা দেখা পোৱা গৈছে ।

Bigg Boss 17 updates: After Isha Malaviya Abhishek romance with Khanzaadi, Watch new promo
খানজাদীৰ সৈতে ৰোমাঞ্চ অভিষেকৰ

চিটাৰা ডেস্ক, 31 অক্টোবৰ: বিগ বছৰ ১৭ সংখ্যক ছিজনত দেখা গৈছে সম্পৰ্কত টুইষ্ট এণ্ড টাৰ্ণছ ৷ যেতিয়া অভিষেক আৰু ঈশা বিগ বছ ১৭ ত প্ৰৱেশ কৰিছিল তেতিয়া দুয়োৰে মাজত যথেষ্ট বাক বিতণ্ডা দেখা গৈছিল । আচলতে অভিষেক আৰু ঈশা পূৰ্বে সম্পৰ্কত আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত দুয়োৰে সম্পৰ্ক বেয়ালৈ গতি কৰে আৰু তাৰ পিচত দুয়োৰে ব্ৰেকআপ হয় । ইফালে শ্ব’টোত প্ৰৱেশ কৰাৰ পিচতে অভিষেকৰ বিৰুদ্ধে ঈশাই বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । ঈশাই শাৰীৰিক অত্যাচাৰৰ অভিযোগ উত্থাপন কৰিছিল অভিষেকৰ বিৰুদ্ধে ।

দুয়োগৰাকীয়ে যেতিয়া শ্ব’টোত প্ৰৱেশ কৰিছিল তেতিয়া দুয়ো শ্ব’টোৰ হোষ্ট ছলমান খানৰ সন্মুখত বাক বিতণ্ডাত লিপ্ত হৈছিল । আনকি অভিষেকক প্ৰাক্তন প্ৰেমিক হিচাপে গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰিছিল ঈশাই । অভিষেকৰ ভাল বন্ধু বুলি কৈছিল ঈশাই । অৱশ্যে বিগ বছৰ ঘৰৰ ভিতৰত ঈশাই ক্ৰমান্বয়ে স্বীকাৰ কৰিছিল যে অভিষেকৰ লগত তেওঁৰ সম্পৰ্ক আছিল ।

এতিয়া শেহতীয়াকৈ ঈশাৰ বৰ্তমানৰ প্ৰেমিক সামৰ্থে শ্ব’টোত প্ৰৱেশ কৰিছে । সামৰ্থৰ ঘৰলৈ অহাৰ পাচতে সম্পূৰ্ণৰূপে ভাঙি পৰে অভিষেক । সামৰ্থ শ্ব’টোত প্ৰৱেশ কৰাৰ পাচতে অভিষেকক কেৱল শ্ব’টোত চকুলো বোৱা দেখা গৈছিল । অভিষেক ঈশাৰ পৰা আঁতৰি থাকিব পৰা নাছিল । কিন্তু লাহে লাহে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে অভিষেকে । সোমবাৰৰ খণ্ডটোত সামৰ্থ আৰু অভিষেকৰ মাজত যথেষ্ট কাজিয়া দেখা গৈছিল ।

খানজাদীৰ সৈতে অভিষেকৰ ৰোমাঞ্চ

কিন্তু এতিয়া কাহিনীত নতুন টুইষ্ট আহিছে । আচলতে অভিষেকে অসম সন্তান খানজাদীৰ সৈতে সংযোগ স্থাপন কৰিব বিচাৰিছে । অভিষেক আৰু খানজাদীৰ নতুন প্ৰ’ম’ প্ৰকাশ পাইছে । প্ৰ’ম’ ভিডিঅ’টোত অভিষেকক খানজাদীৰ সৈতে সময় কটোৱা দেখা গৈছে । চুইমিং পুলত ধেমালি কৰা দেখা গৈছে । ইয়াৰ উপৰিও খানজাদীৰ হাতত চুমা খোৱা দেখা গৈছে ।

এই প্ৰ’ম’টো শ্বেয়াৰ কৰা হৈছে কালাৰছ টিভিৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউন্টত ৷ প্ৰ’ম’টো শ্বেয়াৰ কৰি লিখিছে - বিগ বছৰ ঘৰত খানজাদী আৰু অভিষেকৰ মাজত প্ৰেম গঢ়ি উঠিছে নেকি ?

লগতে পঢ়ক: Bigg Boss 17: পোনপ্ৰথমবাৰৰ বাবে অংকিতাই প্ৰকাশ কৰিলে সুশান্তৰ সৈতে তেওঁৰ ব্ৰেকআপৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.