ETV Bharat / entertainment

Bigg Boss 17: মান্নাৰাক পৰিণীতিৰ ডুপ্লিকেট আখ্যা অভিষেকৰ

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 5:23 PM IST

‘বিগ বছ ১৭’ৰ নতুন প্ৰ’ম’ প্ৰকাশ পাইছে, যিটো অতি আকৰ্ষণীয় । এইবাৰ উইকেণ্ড ৱাৰত ছলমান খানে অভিষেক কুমাৰৰ ওপৰত প্ৰকাশ কৰে ক্ষোভ ৷ চাওক ভিডিঅ’ ৷

Bigg Boss 17 New promo: Salman Khan bashes Abhishek for using Parineeti's name to trigger Mannara Chopra
‘বিগ বছ ১৭’ৰ নতুন প্ৰ’ম’

চিটাৰা ডেস্ক, 27 অক্টোবৰ: টিভিৰ আটাইতকৈ হিট ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ নতুন ছিজনটো আৰম্ভ হোৱাৰ মাত্ৰ দুসপ্তাহ হৈছে ৷ কিন্তু আৰম্ভ হোৱাৰ পিচৰে পৰা দিনক দিনে অধিক আকৰ্ষণীয় হৈ পৰিছে শ্ব’টো । শ্ব’টোত প্ৰতিদিনে বিগ বছ হাউছৰ সদস্যসকলে কিবা নহয়, কিবা বিষয়ত বাক বিতণ্ডাত লিপ্ত হোৱা দেখা গৈছে । এতিয়া শেহতীয়াকৈ শ্ব’টোৰ প্ৰতিযোগী অভিষেক কুমাৰ আৰু মান্নাৰা চোপ্ৰাৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখা গৈছে ৷

শ্ব’টোৰ শেহতীয়া প্ৰ’ম’ত দেখা গৈছে অভিষেকে মান্নাৰাক পৰিণীতি চোপ্ৰাৰ ডুপ্লিকেট বুলি অভিহিত কৰে । এই কথা শুনাৰ লগে লগে খং উঠি যায় মান্নাৰাৰ আৰু ইয়াৰ পিচতে ক্ষোভিত হৈ পৰে মান্নাৰা । মান্নাৰাই বাৰে বাৰে অভিষেকক বাৰণ কৰাৰ পিচতো মনে মনে নাথাকে অভিষেক। লাহে লাহে এই বিষয়টো ডাঙৰ কাজিয়ালৈ ৰূপান্তৰিত হয় । এতিয়া শ্ব’টোৰ আঁত ধৰোতা ছলমান খানে এই সমগ্ৰ বিষয়টোৰ ওপৰত উইকেণ্ড কা ৱাৰত আলোচনা কৰে ।

শ্ব’টোৰ আন এটা নতুন প্ৰ’ম’ ওলাইছে য’ত ছলমান খানে মান্নাৰাক সুধিছে যে তেওঁক কোনে ডুপ্লিকেট পৰিণীতি বুলি কৈছে ? এই বিষয়ত অভিষেক কয় যে মই মান্নাৰাক কাজিয়াৰ বাবে উচতনি দি আছিলো । এই কথা শুনি ছলমানে অভিষেকক কয়, ‘‘আপুনি নিজকো মোৰ অনুৰাগী বুলি কয়, কিন্তু মই এনে আচৰণ নকৰো । বাস্তৱ জীৱনত জোতাৰ কোব খাব লাগিব এইবোৰ কৰিলে ।’’

ছলমান খানে ল’লে বিকিৰ ক্লাছ

উল্লেখ্য যে, এই সপ্তাহটোৰ 'উইকেণ্ড কা ৱাৰ' অতি ৰোমাঞ্চকৰ হ’ব । অভিষেকৰ উপৰিও ছলমান খানে ঘৰৰ সদস্য বিকি জৈনকো বহু কথা শুনায় ৷ পত্নী অংকিতা লোখাণ্ডেৰ সন্মুখত বিকিৰ মুখা উদঙাই দিয়ে ছলমানে ৷ ইয়াৰ আভাস দেখা গৈছে শ্ব’টোৰ শেহতীয়া প্ৰ’ম’ত । এতিয়া সম্পূৰ্ণ উইকেণ্ড কা ৱাৰ চাবলৈ আপুনি অপেক্ষা কৰিব লাগিব আৰু এটা দিন ৷ কাৰণ শনিবাৰ আৰু দেওবাৰে নিশা সম্পূৰ্ণ উইকেণ্ড কা ৱাৰ Colors টিভিত প্ৰকাশ পাব ৷

লগতে পঢ়ক: Bigg Boss 17 WKV : ছলমানে অংকিতাৰ সন্মুখত উদঙালে বিকি জৈনৰ মুখা, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.