চিটাৰা ডেস্ক, 31 অক্টোবৰ: টিভি শ্ব’ বিগ বছৰ ১৭ সংখ্যক ছিজনে বৰ্তমান বিগ বছ প্ৰেমিক মনোৰঞ্জন দিছে । শ্ব’টোত ঈশা মালৱিয়াৰ প্ৰেমিক সামৰ্থৰ আগমনৰ লগে লগে বিগ বছৰ ঘৰৰ সমগ্ৰ দৃশ্যপট সলনি হৈ গৈছে ৷ ইফালে শ্ব’টোৰ শেষৰ খণ্ডটোত দেখা গৈছিল অংকিতাৰ স্বামী বিকি জৈন আৰু ঐশ্বৰ্য শৰ্মাৰ মাজত তীব্ৰ বাক বিতণ্ডা ৷ এতিয়া শ্ব’টোত অংকিতা লোখাণ্ডে সুশান্ত সিং ৰাজপুতৰ সৈতে ব্ৰেকআপৰ কথা কোৱা দেখা গৈছে ।
এটা নিশাতে সলনি হৈছিল অংকিতাৰ জীৱন
শেষৰ খণ্ডটোত অংকিতাই মুনাৱাৰ ফাৰুকীৰ সৈতে নিজৰ হৃদয়ৰ কথা প্ৰকাশ কৰে ৷ অংকিতাই কয় যে তেওঁ সুশান্তৰ লগত ব্ৰেকআপ হোৱাৰ পিচত ভাঙি গৈছিল ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে মাত্ৰ এৰাতিতে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল ৷ কোনো কাৰণ নোহোৱাকৈয়ে সুশান্তে অংকিতাৰ লগতে ব্ৰেকআপ কৰিছিল । অংকিতাই কয় - "মোৰ জীৱনৰ পৰা তেওঁৰ (সুশান্ত) যোৱাটো বেলেগ কথা আছিল কিন্তু মই তেতিয়া সম্পূৰ্ণৰূপে ভাঙি গৈছিলো, মোৰ মা-দেউতাও ভাঙি পৰিছিল ।’’
অভিনেত্ৰীগৰাকীয়ে লগতে কয় - "মই কোনো কামত জড়িত হোৱা নাছিলো, কিন্তু মই অনুভৱ কৰিছিলো যে মই থিয় হ’ব লাগিব আৰু মই এসময়ত যিজন ব্যক্তিৰ লগত আছিলো, তেওঁৰ সত্যতা মানুহে গম পাওঁক ৷ কাৰণ মানুহে তেওঁৰ বিষয়ে যি ভাবি আছিল তেওঁ তেনেকুৱা নাছিল ৷ মই মাত্ৰ তেওঁৰ বাবে চিন্তিত হৈ পৰিছিলো ।"
সুশান্তৰ মৃত্যুৰ পিচতে ট্ৰ’ল কৰা হৈছিল অংকিতাক
অংকিতাই লগতে কয়- সুশান্তৰ মৃত্যুৰ পিচত তেওঁক ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছিল । মানুহে কৈছিল যে অংকিতা যদি তাত থাকিলহেঁতেন তেতিয়া এনেকুৱা নহ’লহেঁতেন । এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘কিন্তু যেতিয়া মোৰ ব্ৰেকআপ হৈছিল সেই সময়ত মানুহে কিয় কোৱা নাছিল যে সুশান্ত অংকিতাৰ লগত থাকিব লাগে । ’’
কোনো কাৰণ নোহোৱাকৈয়ে অংকিতাক এৰিছিল সুশান্তে
অংকিতাই লগতে কয়, ‘‘যদি তেওঁ মোক কথাবোৰ ক’লেহেঁতেন তেতিয়া মই নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিলোহেঁতেন, কিন্তু হঠাতে মই ভাঙি পৰিছিলোঁ ৷ কিন্তু সেই সময়ত তেওঁ হাই গ্ৰাফত গৈ আছিল, গতিকে তেওঁক মোৰ বিৰুদ্ধে ক’বলৈ বহুত মানুহ আছিল ৷ অৱশ্যে সেইটো আছিল সম্পূৰ্ণ তেওঁৰ কথা, মই কেতিয়াও তেওঁক কোনো কামতে বাধা দিয়া নাছিলো ।’’
উল্লেখ্য যে, অংকিতা আৰু প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক ‘পবিত্ৰ ৰিষ্টা’ ধাৰাবাহিকখনত একেলগে দেখা গৈছিল । দুয়োৰে সম্পৰ্ক আছিল ৭ বছৰৰ । কিন্তু ২০১৬ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে । ইয়াৰ পিচত অংকিতাই বিকি জৈনৰ সৈতে ২০২১ চনত বিবাহপাশত আৱদ্ধ হয় ।