চিটাৰা ডেস্ক, 18 অক্টোবৰ: আৰম্ভ হ’ল টিভিৰ জনপ্ৰিয় শ্ব’ বিগ বছৰ ১৭ সংখ্যক ছিজন ৷ বিগ বছ-১৭ৰ প্ৰতিযোগী মুনাৱাৰ ফাৰুকি বৰ্তমান ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আছে ৷ শেহতীয়াকৈ বিগ বছৰ ঘৰত তেওঁ নিজৰ শৈশৱ আৰু ৩৭ দিনৰ কাৰাগাৰত থকাৰ লগতে পিতৃ-মাতৃক হেৰুৱাৰ কথাও মুকলিকৈ প্ৰকাশ কৰে ।
পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নাছিল ধন
মুনাৱাৰে প্ৰকাশ কৰে যে তেওঁ যেতিয়া ষ্টেণ্ড আপ কমেডী কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ হাতত টকা নাছিল বাবেই তেওঁ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন ধাৰলৈ ল’বলগীয়া হৈছিল ।
জেলত এনেদৰে কটাইছিল দিন
মুনাৱাৰে কাৰাগাৰলৈ যোৱাৰ কথা প্ৰকাশ কৰি কয়, ‘‘যেতিয়া মই কাৰাগাৰৰ ভিতৰলৈ গৈ আছিলো, তেতিয়া মই মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিছিলো আৰু মোৰ চৌপাশৰ সকলো কথা অনুভৱ কৰি আছিলো । কি হৈছে মই কল্পনাও কৰিব পৰা নাছিলো । মই অস্থিৰ হৈ পৰিছিলোঁ । জেইল এনেকুৱা এখন নৰক য’ত আপুনি জীয়াই থাকে । মই মোৰ শত্ৰুকো এই নৰকলৈ পঠিয়াব নিবিচাৰো । ১৪ বছৰৰ পাচত ঘৰলৈ উভতি আহি ঘৰ বিচাৰি নোপোৱা লোকো আছিল জেলত ।’’
খাদ্যৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল মুনাৱাৰে
নিজৰ সংগ্ৰামৰ বিষয়ে আৰু প্ৰকাশ কৰি মুনাৱাৰে কয়, ‘‘মই আগতে সকলোৰে লগত কথা পাতিছিলো । মোৰ লগত কথা পাতিব বিচাৰিছিল সকলোৱে । আমাৰ ৰুটিন আছিল পুৱা ৬:৩০ বজাত, তাৰ পিচত ৪৫ মিনিট সময় পাইছিলোঁ য’ত গা ধুব লাগিছিল, তাৰ পিচত সন্ধিয়া ৭-১২ বজাৰ পৰা দুপৰীয়াৰ আহাৰ অহালৈকে ৫ ঘণ্টা পাৰ হ’বলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল ।’’
বিগ বছৰ প্ৰতিযোগী মুনাৱাৰে লগতে কয়, ‘‘এয়া নিজৰ মাজতে আন এক শাস্তি আছিল । কষ্টেৰে খাদ্য পোৱা সকলৰ তুলনাত এই খাদ্য বেয়া আছিল । তাৰ পিচত আকৌ সন্ধিয়া ৭ বজালৈ অপেক্ষা কৰি নিশা ৮:৩০ বজাৰ ভিতৰত নিশাৰ আহাৰ গ্ৰহণ কৰি শুই থাকিব লগীয়া হৈছিল ৷ সেই ঘণ্টা আৰু দিনবোৰত আপুনি কেৱল চিন্তা কৰে আৰু আপোনাৰ চিন্তা কৰাৰ শক্তিও হেৰাই যাব ।’’
লগতে পঢ়ক: Bigg Boss 17 Highlights: অভিষেকক বিগ বছে দিলে সতৰ্কবাণী, কিন্তু কিয় ?