ETV Bharat / entertainment

Bigg Boss OTT 2: চোৰৰ কৱলত ইউটিউবাৰ অভিষেক মালহান, চুৰিৰ পিচত মনত পৰিল দেউতাকৰ এই কথা

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 3:28 PM IST

‘বিগ বছ অ’টিটি ২’ খ্যাত অভিষেক মালহানৰ এটা বেয়া খবৰ আহিছে । ডেৰ লাখ টকা চুৰি হৈছে ইউটিউবাৰগৰাকীৰ পৰা । যিটো তেওঁ নিজৰ শেহতীয়া vlog ত প্ৰকাশ কৰিছে ।

Abhishek Malhan loses money while traveling to Mumbai
অভিষেক মালহানৰ পৰা চোৰে লুটি নিলে টকা

চিটাৰা ডেস্ক, 23 অক্টোবৰ: জনপ্ৰিয় YouTuber আৰু Bigg Boss OTT 2 ৰ প্ৰাক্তন প্ৰতিযোগী অভিষেক মালহানক লৈ এটা ডাঙৰ খবৰ আহিছে । খবৰ অনুসৰি অভিষেকৰ ডেৰ লাখ টকা চুৰি হৈছে । এটা ভিডিঅ’ত এই কথা প্ৰকাশ কৰিছে খোদ অভিষেকে, য’ত তেওঁ সমগ্ৰ বিষয়টোৰ বিষয়ে মুকলিকৈ কৈছে । অভিষেকে কৈছে যে ভ্ৰমণৰ সময়ত তেওঁৰ লগত এই চুৰিকাৰ্য সংঘটিত হৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

১.৫ লাখ টকা চুৰি হৈছে অভিষেক মালহানৰ

অভিষেক মালহানৰ মাতৃ দিম্পল মালহানে শ্বেয়াৰ কৰিছে শেহতীয়া Vlog । এই ভিডিঅ’টোতেই অভিষেকে জনাইছে যে ভ্ৰমণৰ সময়ত তেওঁৰ পৰা ডেৰ লাখ টকা চুৰি হৈছে । ভিডিঅ’টোৰ আৰম্ভণিতে ইউটিউবাৰে কোৱা শুনা যায়, ‘‘ভাতৃ, মই ডেৰ লাখ টকা লৈ আহিছিলোঁ, কাৰোবাক আইফোন এটা উপহাৰ দিবলগীয়া আছিল, সেই ফোনটোৰ পেমেণ্ট এতিয়াও বাকী আছিল । কিন্তু যেতিয়া মই বেগটো দেখিলো, তেতিয়া দেখিলো বেগটো খালী, টকা নাছিল বেগত ।’’

YouTuber য়ে Vlog টোত সম্পূৰ্ণ কথা বিৱৰি কৈছিল

Vlog টোত অভিষেকে কয় যে প্ৰথমবাৰৰ বাবে তেওঁ ইমান টকা নগদ ধন লগত লৈ আনিছিল । ইয়াৰ পিচত তেওঁ লগতে দেউতাকৰ কথা মনত পেলাই ক’লে - পাপাই টকাখিনি সাৱধানে ৰাখিবলৈ কৈছিল । মই তেওঁক কৈছিলো যে হয়, সাৱধানে ৰাখিম । কিন্তু এনেকুৱা কিবা এটা হ’ব বুলি মই ধাৰণাও কৰা নাছিলো । কি কৰিম বুজি পোৱা নাই ।"

অনুৰাগীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

অভিষেকৰ অনুৰাগীসকলেও তেওঁৰ ভিডিঅ’ক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁক চিন্তা নকৰিবলৈ পৰামৰ্শ দিয়ে । উল্লেখ্য যে, অভিষেক মালহানক বিগ বছ OTT 2 ত দেখা গৈছিল । শ্ব’টোত তেওঁ প্ৰথম ৰানাৰ্ছ আপ আছিল । ইয়াৰ উপৰিও তেওঁ ইউটিউবত যথেষ্ট জনপ্ৰিয় আৰু তেওঁৰ ভিডিঅ’বোৰত বহুত লাইক হয় ।

লগতে পঢ়ক: Bigg Boss 17: হঠাৎ কিয় খানজাদীৰ ওপৰত খং উঠিল ছলমানৰ, অভিষেক, নাভিদ, মান্নাৰাক দিলে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.