ETV Bharat / entertainment

Zubeen Garg news: বিহুৰ পিছতেই নতুন ছবিৰ শ্বুটিং আৰম্ভ কৰিব জুবিনে

author img

By

Published : Feb 28, 2023, 1:03 PM IST

বিগত এক দুই বছৰত নিৰ্মাণ হোৱা অসমীয়া ছবিৰ সফলতালৈ চাই সুখী অনুভৱ কৰি জুবিনে কয় যে দৰ্শকে এইদৰে মৰম দি থাকিলে তেওঁলোকে আৰু অধিক বিগবাজেটৰ ছবি নিৰ্মাণ কৰিবলৈ সাহস পায় (Zubeen Garg news) ৷ মুঠতে দৰ্শকে ছবি চাবলৈ নেৰিলেই হ’ল ৷

Zubeen Garg news
নতুন ছবিৰ শ্বুটিং আৰম্ভ কৰিব জুবিনে
নতুন ছবিৰ শ্বুটিং আৰম্ভ কৰিব জুবিনে

যোৰহাট, 28 ফেব্ৰুৱাৰী : যোৰহাটত উপস্থিত হৈ অসমীয়া ছবি উদ্যোগটো সন্দৰ্ভত জুবিনে দিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷ দৰ্শকেই ছবি উদ্যোগ এটা জীয়াই ৰাখিব পাৰে বুলি কৈ তেওঁ কয় যে শেহতীয়াকৈ মুক্তি পোৱা কেইবাখনো অসমীয়া ছবিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো জীপাল কৰি তুলিছে ৷ এই বছৰৰ শেষৰফালে জুবিনৰ কেইবাখনো বিগবাজেটৰ ছবিয়ে মুক্তি লাভ কৰাৰ কথা ৷

ব’হাগ বিহুৰ পিচতেই জুবিনে আৰম্ভ কৰিব তেওঁৰ আগন্তুক ছবিৰ শ্বুটিং ৷ যোৰহাটত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে সংগীত শিল্পীজনে ৷ দৰাচলতে জুবিন যোৰহাট কে বি ৰোডস্থিত চেমচাঙৰ এটা বিক্ৰী কেন্দ্ৰ মুকলি কৰিবলৈ বিশেষ অতিথি হিচাপে উপস্থিত হৈছিল ৷ তাতেই তেওঁ বিহুৰ পিচতেই চিকাৰ আৰম্ভ কৰাৰ কথা কয় ৷

‘চিকাৰ’ আৰু ‘ৰৈ ৰৈ বিনালে’ জুবিনৰ আগন্তুক দুটা নতুন প্ৰজেক্ট ৷ এই নতুন ছবি দুখনলৈ বহু আশাবাদী জুবিন গাৰ্গ (Zubeen Garg upcoming Assamese movies) ৷ ‘ৰৈ ৰৈ বিনালে’ ছবিখন জুবিনৰ সম্পূৰ্ণ নিজাববীয়া ৷ সংগীতৰ পৰা আৰম্ভ কৰি কাহিনীলৈকে সকলো স্ব-ৰচিত ৷ আনহাতে ‘চিকাৰ’ সন্দৰ্ভত তেওঁ কয় যে এই ছবিখনৰ শ্বুটিং দেৱাংকৰ বৰগোহাইৰ পৰিচালনাত লণ্ডনত হ’ব ৷ দুয়োখনেই বিগ বাজেটৰ ছবি ৷

বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানত জুবিনে কয় যে কাঞ্চনজংঘা, ৰত্নাকৰ, ড: বেজবৰুৱাৰ পাচতেই অসমীয়া চিনেমা উদ্যোগটোলৈ ভাল দিন ঘূৰি আহিছে । সোমবাৰে নিশা ভাগত যোৰহাট কে বি ৰোডত চেমচাঙৰ এই বিক্ৰী কেন্দ্ৰটো মুকলি কৰা হয় ৷ অসমৰ হাৰ্থ থ্ৰব গৰাকীয়ে লগতে কয় যে ভাল কাহিনী আৰু উন্নত মানসম্পন্ন প্ৰযুক্তি ব্যৱহাৰ কৰিলে অসমীয়া ছবিয়ে সফলতাৰ ধাৰা অব্যাহত ৰাখিব পাৰিব ।

‘মই বা আমি অসমীয়া চিনেমা নিৰ্মাণ কৰি থাকিম, মাথো আমাক অসমবাসী ৰাইজে সহযোগ কৰি থাকক’, এই মন্তব্য জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ (upcoming Assamese movies) । আনহাতে বিহু মঞ্চত এইবাৰ আগতীয়াকৈ দেখিবলৈ পোৱা যাব জুবিনক ৷ জুবিনৰ লগত মঞ্চত সহ শিল্পীৰ ৰূপে নতুন সহযোগী শিল্পী থাকিব এইবাৰ ৷ বিহুৰ প্ৰথম ভাগত জুবিন গাৰ্গে বহিঃৰাজ্যতহে কৰিব সংগীত পৰিৱেশন ।

শেহতীয়াকৈ মুক্তি পোৱা ৰবি শৰ্মাৰ ব্লেক এণ্ড হোৱাইট ছবিখন সন্দৰ্ভতো মত দিয়ে জুবিনে ৷ ‘অসমীয়া ছবি জগতৰ এজন মোৰ ভাল লগা অভিনেতা’, এইদৰে কৈ জুবিনে ৰবি শৰ্মাক এজন দক্ষ অভিনেতা হিচাপে অভিহিত কৰি তেওঁৰ ছবি নিশ্চয়কৈ ভাল হ’ব বুলি দৰ্শকক ছবিখন চাবলৈ অনুৰোধ জনায় ৷

উল্লেখ যোগ্য যে, পূৰ্বে ম্লান হৈ পৰা অসমীয়া ছবি উদ্যোগটোক উদ্ধাৰ কৰিবলৈ সেই সময়ত আগবাঢ়ি অহা নাছিল কোনো লোক । কিন্তু অসমীয়া জাতিৰ প্ৰতি থকা অনবদ্য মৰমৰ বাবে আগবাঢ়ি আহিছিল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু আজি জুবিন গাৰ্গৰ বাবেই পুনৰ উদ্ধাৰ হ'ল অসমীয়া ছবি উদ্যোগটো ।

লগতে পঢ়ক : Assamese movie Black N White : ৰবি শৰ্মা কেনেকৈ অকলশৰীয়া ! নিজকে ৰবি শৰ্মাৰ ফেন আখ্যা পৱিত্ৰ মাৰ্ঘেৰিটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.