চিটাৰা ডেস্ক, 12 অক্টোবৰ: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে ১১ অক্টোবৰত উদযাপন কৰিছে নিজৰ ৮১ সংখ্যক জন্মদিন । এই বিশেষ ক্ষণত তেওঁৰ অনুৰাগী, পৰিয়াল আৰু চেলিব্ৰিটিয়ে বিগ বিক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে । এতিয়া ১২ অক্টোবৰত অৰ্থাৎ আজি অমিতাভ বচ্চনক এক বিশেষ ধৰণে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে এগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে । বিগ বিলৈ জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ডন ছবিখনৰ সহ-অভিনেত্ৰী জিনাত আমানে । বিগ বিক জন্মদিনৰ শুভেচ্ছা জনাই ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এই টোকাটোত জিনাতে কৈছে যে এবাৰ অমিতাভ বচ্চনৰ বাবেই শ্বুটিঙৰ চেটত বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল আৰু যাৰ বাবে অভিনেত্ৰীগৰাকী অপমান কৰা হৈছিল ।
জিনাত আমানে তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘‘কালি মিষ্টাৰ বচ্চনক শুভেচ্ছা জ্ঞাপন কৰাটো মিছ কৰিলোঁ, গতিকে তেনে কৰাৰ আগতে তেওঁৰ বিষয়ে এটা কাহিনী কওঁ, যিটো মই আগতেও কৈছো । এই কাহিনীটো কেৱল সময়ৰ ওপৰত আধাৰিত, মোৰ মনত আছে মিষ্টাৰ বচ্চন এদিন চেটত দেৰিকৈ আহিছিল, কাৰণটো কম, আমি যিখন ছবিৰ শ্বুটিং কৰি আছিলো সেইখন ছবিৰ নাম নকওঁ, সেই বছৰটোও নকওঁ, ইয়াৰ লগত জড়িত পৰিচালক আৰু প্ৰযোজকৰ নামো প্ৰকাশ নকৰো ৷’’
অভিনেত্ৰীগৰাকীয়ে কয়- সেইদিনা আমাৰ শ্বুটিং শ্বিফ্ট পুৱা আছিল আৰু মই প্ৰযোজকৰ সৈতে চেটলৈ গৈছিলো, প্ৰত্যেক দিনাৰ দৰেই মোৰ হাতত মোৰ চিত্ৰনাট্য আছিল আৰু ষ্টুডিঅ’ত উপস্থিত হোৱাৰ লগে লগে মই মোৰ লাইনবোৰ মুখস্থ কৰিবলৈ ধৰিলোঁ, তাৰ পিচত মই মোৰ মেক-আপ ৰূমলৈ গ’লোঁ ৷ ক্ৰুৰ সদস্যক ক’লো যে মিষ্টাৰ বচ্চন শ্বটৰ বাবে সাজু হ’লে মোক জনাই দিব ।’’
ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে লিখিলে, ‘‘ইয়াৰ পিচত আমাৰ সময় আৰম্ভ হ’ল আৰু মই গ’লোঁ, কিন্তু মিষ্টাৰ বচ্চন এতিয়াও চেটত উপস্থিত হোৱা নাছিল, প্ৰথমে মই ৩০ মিনিট আৰু তাৰ পিছত ৪৫ মিনিট ৰৈ থাকিলোঁ, তাৰ পিচত মোক কোৱা হ’ল যে মিষ্টাৰ বচ্চন আহি পাইছে আৰু তেওঁ পোনে পোনে নিজৰ বাহনেৰে চেটলৈ গৈ আছে ।’’
অভিনেত্ৰীগৰাকীয়ে ক’লে, ‘‘লগে লগে মই সাজু হৈ নামি আহিলোঁ, চেটত ভৰি দিয়াৰ লগে লগে পৰিচালকে মোৰ ওপৰত খং কৰি কটু মন্তব্য কৰিবলৈ আৰম্ভ কৰিলে, পৰিচালকজনে ভাবিলে যে মোৰ বাবেই শ্বুটিং বন্ধ হৈ আছিল, এই সময়ত সকলো ক্ৰু মেম্বাৰ মনে মনে আছিল ৷ মইও একো নকলো ৷ মোৰ চকুলো বৈ আহিল আৰু কিন্তু ভিতৰি ভিতৰি খঙো উঠিছিল ৷ কিন্তু মই তাৰ পৰা পোনে পোনে মেকআপ ৰূমলৈ গ’লো আৰু টিমক ক’লো মোৰ বস্তুখিনি পেক কৰি দিয়ক ৷’’
তেওঁ লগতে লিখিছে,‘‘ইয়াৰ পিচত মোৰ বস্তুখিনি লৈ মই লগে লগে ছবিখনৰ প্ৰযোজকজনৰ ওচৰলৈ গ’লো আৰু সেই স্থানত অমিতাভ বচ্চনো আছিল । মিষ্টাৰ বচ্চনে তেতিয়া মোক ক’লে, বেবছ, মোৰ দোষ, সেই মানুহজন মূৰ্খ আৰু তেওঁ মদ খাইছে ৷ এই সকলোবোৰ পাহৰি চেটলৈ যোৱা ৷ ’’
জিনাতে লগতে ক’লে, ‘‘মই মিষ্টাৰ বচ্চনৰ ক্ষমাপ্ৰাৰ্থনা মানি লৈছিলো, কিন্তু ভিতৰি ভিতৰি সেই অপমানত মোৰ দুখ লাগিছিল আৰু শ্বুটিং কৰাৰ মোৰ একেবাৰেই হেঁপাহ নাছিল । কিন্তু যেতিয়া মই শ্বুটিং আৰম্ভ কৰিলোঁ, তেতিয়াই পৰিচালকজনে চেটত উপস্থিত হৈ মোৰ ভৰিত ধৰি ক্ষমা খুজিছিল ৷ ইয়াৰ পিচত মই ছবিখন সম্পূৰ্ণ কৰিছিলোঁ, কিন্তু সেই পৰিচালকজনৰ সৈতে মই আৰু কেতিয়াও কাম কৰা নাছিলো ।’’
লগতে পঢ়ক: The Vaccine War: দ্য ভেকচিন ৱাৰলৈ সুখবৰ, অস্কাৰ একাডেমীৰ পৰা লাভ ডাঙৰ সন্মান