চিটাৰা ডেস্ক, 20 এপ্ৰিল: আজি অৰ্থাৎ বৃহস্পতিবাৰে পুৱা ইহলীলা সম্বৰণ কৰিলে চলচ্চিত্ৰ জগতৰ প্ৰয়াত প্ৰবীণ পৰিচালক যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাই (Pamela Chopras Death) । যশ ৰাজ বেনাৰৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজে নিশ্চিত কৰিছে পামেলাৰ চোপ্ৰাৰ মৃত্যুৰ খবৰ (Pamela Chopra cremation)। এই পোষ্টটোত শ্বেয়াৰ কৰা তথ্য অনুসৰি ৭৪ বছৰ বয়সত এই পৃথিৱীৰ পৰা বিদায় লৈছে পামেলা চোপ্ৰাই । আজি পুৱা ১১ বজাত সম্পন্ন কৰা হৈছে অন্তিম ৰীতি-নীতি । একে সময়তে যশ ৰাজৰ পৰিয়ালৰ ফালৰ পৰা সকলোকে তেওঁলোকৰ গোপনীয়তা উলংঘা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে (YRF confirms Pamela Chopra)।
বৃহস্পতিবাৰে পামেলাৰ অন্ত্যেষ্টিক্ৰিয়াৰ কিছু সময়ৰ পিচতে যশ ৰাজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত এই তথ্য শ্বেয়াৰ কৰা হৈছে ৷ যশ ৰাজ বেনাৰ শ্বেয়াৰ কৰা পোষ্টটোত লিখা আছে, গধুৰ হৃদয়েৰে সকলোৱে জনাইছে যে ২৭ বছৰ বয়সত, পুৱাই মৃত্যুক সাবটি লয় পামেলা চোপ্ৰাই । পুৱা ১১ বজাত সম্পন্ন হৈছে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া (YRF Pamela Chopra) ৷ আপোনালোকৰ প্ৰাৰ্থনাৰ বাবে আমি কৃতজ্ঞ, এই দুখৰ সময়ত আমাৰ গোপনীয়তাৰ বজাই ৰাখিবলৈ সকলোকে অনুৰোধ ।
- " class="align-text-top noRightClick twitterSection" data="
">
অনুৰাগীয়ে জনালে শ্ৰদ্ধাঞ্জলি
যশ ৰাজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত পামেলাৰ মৃত্যু খবৰ নিশ্চিত হোৱাৰ লগে লগে এতিয়া তেওঁৰ অনুৰাগীয়ে আৰ্দ্ৰ চকুৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে । এগৰাকী অনুৰাগীয়ে লিখিছে, ‘rest in peace Pam aunty, as she was lovely called ৷’ আন এজনে লিখিছে,‘সমগ্ৰ YRF পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা ৷’ আন এজনে লিখিছে,‘আন্তৰিক সমবেদনা..তেওঁৰ আত্মাই শান্তি পাওক ৷’
একে সময়তে যশ চোপ্ৰাৰ ঘৰত বহু চেলিব্ৰিটিক দেখা পোৱা গৈছিল (Pamela Chopra last rites)। উল্লেখ্য যে, আদিত্য চোপ্ৰা আৰু উদয় চোপ্ৰাই আজি পুৱা ১১ বজাত কোনোৱে লক্ষ্য নকৰাকৈয়ে মাতৃৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে যোৱা ১৫ দিন মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি হৈ আছিল পামেলা চোপ্ৰা আৰু নিৰন্তৰ চিকিৎসা চলি আছিল । একে সময়তে মৃত্যুৰ পূৰ্বে পামেল ভেণ্টিলেটৰত আছিল বুলি জানিব পৰা গৈছে (Pamela Chopra cremation in mumbai) ।