ETV Bharat / entertainment

Shilpa Shetty instagram:বিবাহ বাৰ্ষিকীত ৰাজ কুন্দ্ৰাৰ সৈতে শিল্পা শেট্টীৰ ৰোমাণ্টিক পোষ্ট

Shilpa Shetty and Raj Kundra wedding anniversary: শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাই 22 নৱেম্বৰত তেওঁলোকৰ 13 তম বিবাহ বাৰ্ষিকী উদযাপন কৰিছে । অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰিছে ৰোমান্টিক ফটোৰে ভৰা এটা ভিডিঅ’ ।

Shilpa Shetty
বিবাহ বাৰ্ষিকীত ৰাজ কুন্দ্ৰাৰ সৈতে শিল্পা শেট্টীৰ ৰোমাণ্টিক পোষ্ট
author img

By

Published : Nov 22, 2022, 1:55 PM IST

চিটাৰা ডেস্ক, 22 নৱেম্বৰ : বলীউডৰ বিখ্যাত অভিনেত্ৰী শিল্পা শেট্টীয়ে স্বামীৰে সৈতে 22 নৱেম্বৰত উদযাপন কৰিছে 13 বছৰীয়া বিবাহ বাৰ্ষিকী । আজিৰ দিনটোতে অভিনেত্ৰী গৰাকীয়ে ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । আজি দম্পতীহালে তেওঁলোকৰ 13 তম বিবাহ বাৰ্ষিকী উদযাপন কৰিছে । এই বিশেষ দিনটোত অভিনেত্ৰী গৰাকীয়ে স্বামী ৰাজৰ সৈতে এটা ৰোমাণ্টিক ভিডিঅ' শ্বেয়াৰ কৰিছে (Shilpa Shetty instagram) । এই ভিডিঅ'টো শ্বেয়াৰ কৰি শিল্পাই লগতে লিখিছে এটা মৰম লগা টোকা ।

ভিডিঅ'টো শ্বেয়াৰ কৰি অভিনেত্ৰী শিল্পাই লিখিছে, '13 বছৰ, কুকি, ৱাও ।। (মই গণনা কৰা নাই) মোৰ সৈতে এই যাত্ৰাটো জীয়াই থকাৰ বাবে আৰু ইয়াক আশ্চৰ্যকৰ কৰি তোলাৰ বাবে আপোনাক ধন্যবাদ... ....আপুনি... মই...আমি... মই মাথো ইমানেই বিচাৰো...বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা" ৷

অনুৰাগী আৰু তাৰকাসকলে অভিনন্দন জনাইছে

শিল্পাৰ পোষ্টটো তেওঁৰ ভগ্নী শ্বামিতা চেট্টীকে ধৰি বহুতো বলীউড তাৰকা আৰু অনুৰাগীয়ে লাইক কৰিছে আৰু দম্পতীহালক তেওঁলোকৰ বিবাহ বাৰ্ষিকীত অভিনন্দন জনাইছে ।

শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাৰ প্ৰেম কাহিনীৰ বিষয়ে ক’বলৈ গ’লে শিল্পাই 2007 চনত তেওঁৰ প্ৰকল্পৰ কামৰ বাবে ব্ৰিটেইনলৈ গৈছিল, য'ত তেওঁ ব্যৱসায়ী ৰাজ কুন্দ্ৰাক লগ পাইছিল । ইয়াত, ৰাজ কুন্দ্ৰাই অভিনেত্ৰী শিল্পাক তেওঁৰ নামত তৈয়াৰ কৰা সুগন্ধিৰ প্ৰচাৰত সহায় কৰিছিল । লাহে লাহে দুয়োৰে মাজৰ ঘনিষ্ঠতা বাঢ়ি আহিল আৰু তাৰ পিছত দুয়োৱে ডেটিং মাৰি থকাৰ বাতৰি প্ৰচাৰ হ’বলৈ ধৰিলে । সংবাদ মাধ্যমৰ মতে, প্ৰেমৰ দিনবোৰত ৰাজ কুন্দ্ৰাই শিল্পাক এটাতকৈ অধিক ব্যয়বহুল উপহাৰ প্ৰদান কৰিছিল ।

শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাৰ সম্পৰ্ক আগবাঢ়ি যায় আৰু তেওঁলোকে 2009 চনৰ 22 নৱেম্বৰত ৰাজকীয় শৈলীত বিবাহ পাশত আৱদ্ধ হয় । ৰাজ-শিল্পা খাণ্ডালাৰ এজন বিশেষ বন্ধুৰ ফাৰ্মহাউচত বিবাহ পাশত আৱদ্ধ হৈছিল ।

শিল্পা শেট্টী সামাজিক মাধ্যমত অতি সক্ৰিয় আৰু ইয়াৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলৰ সৈতে সংযুক্ত হৈ থাকে । এতিয়া তেওঁ ৰোহিত শেট্টীৰ চিৰিজ 'ইণ্ডিয়ান পুলিচ ফ'ৰ্চ'ৰ সৈতে অ'টিটিত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে । শিল্পাক 'নিকাম্মা' (2022) বোলছবিখনত দেখা গৈছিল । ইয়াৰ বাহিৰেও, তেওঁ নৃত্য ৰিয়েলিটী শ্ব' 'চুপাৰ ডান্সাৰ'ৰ বিচাৰক ৷

লগতে পঢ়ক : ৰেড ছি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সম্বৰ্ধনা জনোৱা হ’ব এছ আৰ কেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.