ETV Bharat / entertainment

Yo Yo Honey Singh: অপহৰণ তথা আক্ৰমণৰ অভিযোগত হানি সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল - হানি সিঙৰ বিৰুদ্ধে থানাত এজাহাৰ

বলীউডৰ ৰেপাৰ-কণ্ঠশিল্পী হানি সিঙৰ বিৰুদ্ধে থানাত এজাহাৰ (Yo Yo Honey Singh assault charges) ৷ ইভেণ্ট অৰ্গেনাইজাৰক অপহৰণ কৰি আক্ৰমণ কৰাৰ অভিযোগ হানি সিঙৰ বিৰুদ্ধে ৷

Yo Yo Honey Singh in legal trouble for kidnapping and assaulting event organiser
হানি সিঙৰ বিৰুদ্ধে থানাত এজাহাৰ
author img

By

Published : Apr 20, 2023, 3:55 PM IST

চিটাৰা ডেস্ক, 20 এপ্ৰিল: বলীউডৰ কণ্ঠশিল্পী তথা ৰেপাৰ হানি সিঙৰ বিৰুদ্ধে মুম্বাই আৰক্ষী থানাত দাখিল এজাহাৰ ৷ বলীউডৰ কণ্ঠশিল্পীগৰাকীৰ বিৰুদ্ধে ইভেণ্টৰ আয়োজকক অপহৰণ কৰি আক্ৰমণ কৰাৰ অভিযোগ (Yo Yo Honey Singh assault charges) ৷ মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বিবেক ৰমন নামৰ এজন ব্যক্তিয়ে মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স থানাত হানি সিং আৰু কেইবাজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰিছে (Yo Yo Honey Singh) ।

মুম্বাই আৰক্ষীৰ দলে কয়, ‘‘এটা ইভেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী বিবেক ৰমনে হানি সিং আৰু অন্যান্যৰ বিৰুদ্ধে অপহৰণ, বন্দী কৰি ৰখা আৰু আক্ৰমণৰ অভিযোগ দাখিল কৰিছে ।’’ আৰক্ষীৰ মতে, ৰমনে উল্লেখ কৰে যে, হানি সিঙে তেওঁক অপহৰণ কৰি বন্দী কৰি ৰাখিছিল আৰু চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত মুম্বাইৰ এখন হোটেলত ৰাখি আক্ৰমণ কৰিছিল (Honey Singh Kidnapping Charges) ।

যোৱা ১৯ এপ্ৰিলত দাখিল কৰা এজাহাৰ অনুসৰি অভিযোগকাৰী ৰমনে যোৱা ১৫ এপ্ৰিলত মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্স (বি কে চি)ত কণ্ঠশিল্পীগৰাকীৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল (Yo Yo Honey Singh in legal trouble)। যদিও টকাৰ লেনদেনত হোৱা ভুলৰ বাবেই অনুষ্ঠানটো বাতিল কৰিবলগীয়া হৈছিল (Yo Yo Honey Singh Complaint) ।

অভিযোগকাৰীয়ে বিকেচি আৰক্ষীক দিয়া এজাহাৰত অভিযোগ কৰে যে, অনুষ্ঠানটো বাতিল হোৱাৰ ফলত হানি সিং আৰু তেওঁৰ সহযোগীসকলে তেওঁক অপহৰণ কৰি মুম্বাইৰ এখন হোটেলত পণবন্দী কৰি আক্ৰমণ কৰে । অভিযোগকাৰী বিবেক ৰমনে হানি সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে তেওঁৰ সহযোগীসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীয়ে লগতে কয় যে, বিষয়টোৰ তদন্ত চলি আছে (Yo Yo Honey Singh in legal trouble) ।

মডেল অভিনেত্ৰী প্ৰেমিকা টিনা থাডানীৰ সৈতে ৰেপাৰ-কণ্ঠশিল্পীগৰাকীৰ বিচ্ছেদ হোৱাৰ পিচতে পোহৰলৈ আহিছে এই খবৰ (With Agency Inputs) ৷

লগতে পঢ়ক: Pamela Chopras Death: যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ দেহাৱসান; গোপনীয়তা উলংঘা নকৰিবলৈ আহ্বান পৰিয়ালবৰ্গৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.