ETV Bharat / entertainment

ডাংকিৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাব বিচাৰে নেকি ? জানি লওক ছবিখনৰ অগ্ৰিম বুকিঙৰ তাৰিখ...

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 11:18 AM IST

Dunki Advance Booking: শ্বাহৰুখ খানৰ ছবি ‘ডাংকি’ মুক্তিৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । ‘ডাংকি’ৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ কেতিয়া টিকটৰ অগ্ৰিম বুকিং কৰিব পাৰিব জানি লওক ।

When will start advance booking for Dunki ? Know here
ডাংকিৰ অগ্ৰিম বুকিং

চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ : ৰাজকুমাৰ হিৰানীৰ পৰিচালনাত নিৰ্মিত আৰু শ্বাহৰুখ খান অভিনীত 'ডাংকি' বছৰটোৰ অন্যতম প্ৰত্যাশিত ছবি । এই ছবিখনক লৈ অনুৰাগীৰ উত্তেজনা তুংগত উঠিছে । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে, যিয়ে অনুৰাগীৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে ৷ এতিয়া ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীয়ে । এই সকলোবোৰৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপন হয় যে, ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘ডাংকি’ৰ অগ্ৰিম বুকিং ?

ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘ডাংকি’ৰ অগ্ৰিম বুকিং ?

শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘ডাংকি’ৰ অগ্ৰিম বুকিঙৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে । পিংকভিলাৰ এক প্ৰতিবেদন অনুসৰি অহা ১৬ ডিচেম্বৰৰ পৰা অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’ব ‘ডাংকি’ৰ টিকটৰ প্ৰি-চেল । যদিও কিছুমান কেন্দ্ৰই ১৫ ডিচেম্বৰ অৰ্থাৎ আজিৰে পৰা আংশিক বুকিং আৰম্ভ কৰিব পাৰে ৷ কিন্তু আনুষ্ঠানিকভাৱে ছবিখনৰ সম্পূৰ্ণ স্কেল বুকিং শনিবাৰৰ পৰা অৰ্থাৎ ১৬ ডিচেম্বৰৰ পৰা হে আৰম্ভ হ’ব ।

বিশ্বজুৰি চলি আছে ‘ডাংকি’ৰ অগ্ৰিম বুকিং

উল্লেখ্য যে, বিদেশত ‘ডাংকি’ৰ অগ্ৰিম বুকিং যোৱা সপ্তাহৰ পৰা আৰম্ভ হৈছিল আৰু প্ৰি-চেলছত ছবিখনে বহুত ভাল সঁহাৰি লাভ কৰিছে । ছবিখনৰ বিশ্বব্যাপী অগ্ৰিম বুকিঙৰ পৰা বিবেচনা কৰিলে ছবিখনৰ ওপেনিং ২৫ লাখ মাৰ্কিন ডলাৰ বা তাতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে । বিদেশী বজাৰতো ই ৩০ লাখ মাৰ্কিন ডলাৰৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । কেৱল এয়াই নহয়, চাৰিদিনীয়া উইকেণ্ডত ছবিখনে মুঠ ১৫ মিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক উপাৰ্জন কৰাৰ সম্ভাৱনা আছে ।

কেতিয়া মুক্তি পাব 'ডাংকি' ?

উল্লেখ্য যে, শ্বাহৰুখ খানৰ উপৰিও তাপসী পান্নু আৰু বিকি কৌশলকে ধৰি বহু অভিনেতাই ‘ডাংকি’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ এই ছবিখন অহা ২১ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাব । এতিয়াৰে পৰা ছবিখনক লৈ অনুৰাগীৰ মাজত যি উন্মাদনা দেখা পোৱা গৈছে, তাৰ পৰা ক’ব পাৰি যে ছবিখন ব্লকবাষ্টাৰ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে । যদি এই ছবিখনো ব্লকবাষ্টাৰ হয়, ২০২৩ চনত শ্বাহৰুখ খানৰ পাঠান, জৱান আৰু তাৰ পিচত ডাংকিৰ সৈতে ব্লকবাষ্টাৰ ছবি দিয়াৰ হেট্ৰিক হ’ব । এতিয়া লক্ষণীয় হ’ব বক্স অফিচত ‘ডাংকি’ৰ প্ৰদৰ্শন কেনেকুৱা হ’ব ।

লগতে পঢ়ক: ​ডাংকিৰ নতুন ৰোমান্টিক গীতৰ প্ৰচাৰমূলক ভিডিঅ’ৰ সৈতে ডাংকিৰ অৰ্থ প্ৰকাশ কৰিলে কিং খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.