চিটাৰা ডেস্ক, 2 আগষ্ট: ভাৰতীয় ছবি জগতৰ মোহময়ী অভিনেত্ৰী তথা বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ আছিল শ্ৰীদেৱী । পাঁচ দশক ধৰি বলীউডত আধিপত্য বিস্তাৰ কৰিছিল কৰিছিল শ্ৰীদেৱীয়ে ৷ নিজৰ মন্ত্ৰমুগ্ধ অভিনয়ৰে চলচ্চিত্ৰ জগতখনক যেন এক প্ৰকাৰে বশ কৰি পেলাইছিল শ্ৰীদেৱীয়ে । সেই সময়ৰ অন্যতম সফল অভিনেত্ৰী আছিল শ্ৰীদেৱী। খুদা গৱাহ, চান্দনী, জুদাই, মিষ্টাৰ ইণ্ডিয়া, নাগিন, লাডলা, নিগাহে আৰু হিম্মতৱালাৰ দৰে ছুপাৰহিট ছবি উপহাৰ দিছিল দৰ্শকক ৷ কিন্তু শ্ৰীদেৱীৰ চলচ্চিত্ৰ জীৱন অতি দৰ্শনীয় আছিল যদিও অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত জীৱন অতি বিতৰ্কিত আছিল।
আচলতে শ্ৰীদেৱীয়ে বিবাহিত প্ৰযোজক বনী কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল, ইয়াৰ পিচতেই অভিনেত্ৰীগৰাকীক সকলোৱে ‘হোম ব্ৰেকাৰ’ বুলি ক’বলৈ আৰম্ভ কৰিছিল। এক সাক্ষাৎকাৰত বনীয়ে শ্ৰীদেৱীৰ বিষয়ে কি ভাবিছিল সেই কথা প্ৰকাশ কৰিছিল ।
বনী কাপুৰে পত্নীৰ সন্মুখত স্বীকাৰ কৰিছিল শ্ৰীদেৱীক ভালপোৱাৰ কথা
বনী কাপুৰে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ পত্নী মোনা শ্বৌৰী কাপুৰক স্পষ্টকৈ কৈছিল যে তেওঁ শ্ৰীদেৱীক ভাল পায় । উল্লেখ্য যে শ্ৰীদেৱী বনীৰ জীৱনলৈ অহাৰ পূৰ্বে বনী কাপুৰৰ বিবাহ মোনা শ্বৌৰী কাপুৰৰ সৈতে হৈছিল । অৰ্জুন কাপুৰ আৰু অংশুলা বনী আৰু মোনাৰ সন্তান। কিন্তু বনী কাপুৰে যেতিয়া মোনাক শ্ৰীদেৱীৰ প্ৰেমত পৰা বুলি কৈছিল তেতিয়া এই কথা শুনি ডিপ্ৰেছনত গুচি গৈছিল মোনা । আচলতে মোনা আৰু শ্ৰীদেৱী পূৰ্বে ভাল বন্ধু আছিল আৰু আনকি মোনাই অভিনেত্ৰীগৰাকীক নিজৰ ঘৰতো স্থান দিছিল ৷ এনে পৰিস্থিতিত শ্ৰীদেৱীয়ে তেওঁৰ লগত এনেকুৱা কৰিব বুলি তেওঁ কেতিয়াও ভবা নাছিল ।
শ্ৰীদেৱীয়ে ৰাখী বান্ধিছিল বনী কাপুৰক
হয়, সংবাদ মাধ্যমৰ খবৰ অনুসৰি এটা সময় আছিল যেতিয়া শ্ৰীদেৱীয়ে বনী কাপুৰক ৰাখী বান্ধিছিল । অৱশ্যে এটা সময়ত এই দুয়োৰে মাজত ঘনিষ্ঠতা ইমানেই বাঢ়ি যায় যে দুয়োগৰাকীয়ে বিয়া হোৱাৰ সিদ্ধান্ত লয় । জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰ শ্ৰীদেৱী-বনী কাপুৰৰ কন্যা ।