ETV Bharat / entertainment

অৰ্জুন-চিত্ৰাংগদাৰ বিয়াৰ সৈতে বিশেষ সংযোগ ৰণদীপ-লিনৰ বিয়াৰ, আঁৰৰ সম্পূৰ্ণ কাহিনী জানি লওক

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:18 PM IST

Randeep Hooda Lin Laishram Wedding: ৰণদীপ হুদা আৰু লিন লাইশ্ৰমৰ বিবাহৰ মহাভাৰতৰ সৈতে এক বিশেষ সম্পৰ্ক আছে ৷ এই প্ৰতিবেদনত জানি লওক ইয়াৰ আঁৰৰ সম্পূৰ্ণ কাহিনী ।

What is the connection of Randeep Hooda Lin Laishram Wedding with mahabharat pandav Arjun and princess chitrangada
অগ্নিক সাক্ষী কৰি আজি স্বামী-স্ত্ৰী হ’ব ৰণদীপ-লিন

চিটাৰা ডেস্ক, ২৯ নৱেম্বৰ: ২৯ নৱেম্বৰত অৰ্থাৎ আজি লিন লাইশ্ৰমৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বলীউড অভিনেতা ৰণদীপ হুদা । কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত বিবাহৰ কথা ঘোষণা কৰিছিল ৰণদীপ হুদা আৰু লিনে । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টটোত ৰণদীপ আৰু লিনে বিয়াৰ স্থানৰ পৰা বিয়াৰ তাৰিখলৈকে সকলো সবিশেষ দিছিল । সেই সময়ৰ পৰাই ‘মহাভাৰত’ৰ অৰ্জুন আৰু চিত্ৰাংগদাৰ বিবাহৰ বিষয়ে চৰ্চা আৰম্ভ হৈছে । ‘মহাভাৰত’ৰ সৈতে ৰণদীপ হুদা আৰু লিন লাইশ্ৰমৰ বিবাহৰ কি সম্পৰ্ক আছে জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ।

‘মহাভাৰত’ৰ সৈতে ৰণদীপ-লিনৰ বিয়াৰ বিশেষ সংযোগ

বিয়াৰ পোষ্টটো শ্বেয়াৰ কৰি হাৰিয়ানাৰ ৰণদীপ হুদা আৰু মণিপুৰৰ লিন লাইশ্ৰমে কেপচনত লিখিছিল, ‘‘মহাভাৰতত যিদৰে অৰ্জুনে মণিপুৰী যোদ্ধা ৰাজকুমাৰী চিত্ৰাংগদাক বিয়া কৰাইছিল । তেনেদৰে আমিও বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ আশীৰ্বাদত বিয়া পাতিবলৈ লৈছোঁ । আমাৰ বিয়াখন অহা ২৯ নৱেম্বৰ ২০২৩ তাৰিখে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত হ’ব বুলি জনাবলৈ পাই আমি অতি সুখী হৈছো । ইয়াৰ পিচত মুম্বাইত অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব । আমি এই যাত্ৰাৰ বাবে সাজু । সংস্কৃতিৰ এই মিলনৰ বাবে আমি আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰিছো, যাৰ বাবে আমি চিৰ ঋণী আৰু কৃতজ্ঞ হৈ থাকিম । লিন আৰু ৰণদীপ ।’’

অৰ্জুন-চিত্ৰাংগদাৰ বিবাহ সম্পৰ্কে কিয় চৰ্চা হৈছিল ?

ৰণদীপ আৰু লিনৰ বিবাহৰ সৈতে মহাভাৰতৰ সম্পৰ্ক আছে । পৌৰাণিক প্ৰেম কাহিনীত অৰ্জুন আৰু চিত্ৰাংগদাৰ প্ৰেমৰ সম্পৰ্ক আৰু বিবাহৰ বিষয়টো চৰ্চাত আছিল । ইন্দ্ৰপ্ৰস্থত যুধিষ্ঠিৰৰ ৰাজ অভিষেকৰ পিচত অৰ্জুনে বহু ৰাজ্যৰ যাত্ৰাত নামি পৰিছিল । তেওঁৰ উদ্দেশ্য আছিল সকলো ৰাজ্যৰ সৈতে বন্ধুত্ব স্থাপন কৰা ।

এই যাত্ৰাতে তেওঁ উত্তৰ-পূব ৰাজ্য মণিপুৰত উপস্থিত হৈছিল । তাতে তেওঁ ৰাজকুমাৰী চিত্ৰাংগদাক লগ পাইছিল । চিত্ৰাংগদা ৰজা চিত্ৰবাহনৰ কন্যা আছিল । অৰ্জুনে চিত্ৰাংগদাক চায়ে মোহিত হৈ পৰিছিল, যাৰ বাবে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল । ইয়াৰ পিচত চিত্ৰবাহন ৰজাৰ ইচ্ছামতে অৰ্জুন আৰু চিত্ৰাংগদাই বিবাহপাশত আবদ্ধ হয় । ঠিক সেইদৰেই ৰণদীপ হুদা আৰু লিন লাইশ্ৰমেও মণিপুৰত বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে ।

ৰণদীপ হুদা আৰু লিন লাইশ্ৰমৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান আৰম্ভ হৈছে । ইতিমধ্যেই বিবাহৰ পূৰ্বৰ বহু ফটো প্ৰকাশ পাইছে, য’ত দেখা গৈছে এই দম্পতীক বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে । আজি ৰণদীপ হুদা আৰু লিন লাইশ্ৰমে অগ্নিক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিব । দুয়োৰে বয়সৰ মাজত ১০ বছৰৰ পাৰ্থক্য আছে বুলি কোৱা হৈছে । বিয়াৰ পিচত মুম্বাইত নিজৰ ঘনিষ্ঠ আৰু বন্ধু-বান্ধৱীৰ বাবে এক গ্ৰেণ্ড ৰিচেপচন পাৰ্টি আয়োজন কৰিব ৰণদীপ আৰু লিনে ।

লগতে পঢ়ক: বিয়াৰ পূৰ্বে কন্যাৰ পৰিয়ালৰ সৈতে প'জ দিলে ৰণদীপ হুদাই, মণিপুৰী নিয়মেৰে হ’ব বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.