ETV Bharat / entertainment

Waheeda Rehman: দাদা চাহেব ফাল্কে বঁটা লাভ কৰি আৱেগিক হৈ পৰিল ৱাহিদা ৰেহমান, লাভ কৰিলে ষ্টেণ্ডিং অভেচন

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমান (৮৫)ক সন্মানীয় দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয় ।

WATCH: Waheeda Rehman gets standing ovation as she receives Dada Saheb Phalke Award at 69th National Film Awards
দাদা চাহেব ফাল্কে বঁটা লাভ কৰিলে ৱাহিদা ৰেহমানে
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 7:07 PM IST

চিটাৰা ডেস্ক, 17 অক্টোবৰ: নতুন দিল্লীত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত বলীউডৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক সন্মানীয় দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে । প্ৰায় সাত দশকজোৰা কেৰিয়াৰত অভিনেত্ৰীগৰাকীয়ে বহু ছবিত উৎকৃষ্ট অভিনয়ৰে চলচ্চিত্ৰ উদ্যোগত নিজৰ এক অনন্য স্থান গঢ়িবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত আছে খামোশি, গাইড আৰু কাগজ কে ফুলৰ দৰে ছবি ৷

১৯৫৫ চনত তেলুগু ছবি ‘ৰোজুলু মাৰায়ী’ৰ পৰা আৰম্ভ হৈছিল ৱাহিদা ৰেহমানৰ চিনেমা জগতৰ যাত্ৰা । চলচ্চিত্ৰ জগতত ৱাহিদা ৰেহমানৰ কেৰিয়াৰৰ উত্তৰণৰ ক্ষেত্ৰত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা গুৰু দত্তৰ ভূমিকা বিশেষ ভাৱে উল্লেখযোগ্য ৷ গুৰু দত্ত আৰু ৱাহিদা ৰেহমানে একেলগে কেইবাখনো ছবিত কাম কৰে, যাৰ ভিতৰত ৰোমান্টিক ক্লাছিক ছবি প্যাছা (১৯৫৭) আৰু কাগজ কে ফুল (১৯৫৯), সংগীত মধুৰ ৰোমান্টিক ছবি চৌধ্বি কা চান্দ (১৯৬০) আৰু মৰ্মান্তিক নাটক চাহিব বিবি অউৰ গুলাম (১৯৬২)। উল্লেখযোগ্য যে ৰোমান্টিক বোলছবি গাইড (১৯৬৫)ত তেওঁৰ উৎকৃষ্ট অভিনয়ে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানীয় ফিল্মফেয়াৰ বঁটা আজুৰি অনাত সহায় কৰিছিল ।

আমোদজনক কথাটো হ’ল, ৰেহমানৰ চিনেমা জগতলৈ যোৱাৰ কোনো দিনেই উচ্চাকাংক্ষা নাছিল । প্ৰথমতে তেওঁ চিকিৎসক হোৱাৰ সপোন দেখিছিল, যিটো সেই সময়ত এটি ৰক্ষণশীল মুছলমান পৰিয়ালৰ বাবে সাধাৰণ কথা নাছিল ৷ তথাপিও শিল্প, সংস্কৃতি আৰু নৃত্যৰ প্ৰতি তেওঁৰ প্ৰেম অহৰহ আবেগ হৈয়েই থাকিল । আই এ এছ পিতৃৰ সহযোগত ভৰতনাট্যম শিকাৰ সপোন পূৰণ কৰি অৱশেষত চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় সুন্দৰী ৱাহিদাই ৷

১৯৫৫ চনত তেলুগু ছবি ৰোজুলু মাৰায়ী আৰু জয়সিংহৰ জৰিয়তে চলচ্চিত্ৰ জগতৰ যাত্ৰা আৰম্ভ কৰিছিল যদিও হায়দৰাবাদত গুৰু দত্তৰ সৈতে হোৱা আকস্মিক মুখামুখিয়েই তেওঁৰ কেৰিয়াৰৰ গতিপথ সলনি কৰিছিল । ইয়াৰ পিচত তেওঁ মুম্বাইলৈ গুচি যায় আৰু দত্তই তেওঁক ১৯৫৬ চনত দেৱ আনন্দৰ সৈতে "চি আই ডি" ছবিখনৰ জৰিয়তে লঞ্চ কৰে, এই ছবিখনত তেওঁ ভিলেইনৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ৰেহমান আৰু গুৰু দত্তৰ অংশীদাৰিত্বৰ ফলত প্যাছা, কাগজ কে ফুল, চৌধ্বি কা চান্দ, চাহেব বিবি অউৰ গুলামকে ধৰি ভাৰতীয় চিনেমাৰ কিছুমান আইকনিক ছবিৰ সৃষ্টি হয় । দেৱ আনন্দৰ সৈতে তেওঁৰ সহযোগিতাও সমানেই বিশেষ আছিল, গাইড আছিল তেওঁলোকৰ অন্যতম সফল ছবি ৷ এই ছবিখন ৰ’জীৰ চৰিত্ৰ আৰু কালজয়ী গীতৰ প্ৰগতিশীল চিত্ৰণৰ বাবে জনপ্ৰিয় । ১৯৭০ চনত মুক্তি লাভ কৰা ‘ৰেশমা ঔৰ শ্বেৰা’ত অভিনয়ৰ বাবে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ প্ৰদান কৰে ।

কেৰিয়াৰৰ শীৰ্ষত উপনীত হোৱাৰ পাচত, তেওঁ শশী ৰেখীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ অৱশ্যে বিবাহৰ পাচতো তেওঁ চলচ্চিত্ৰ যাত্ৰা অব্যাহত ৰাখে । কিন্তু পিছলৈ তেওঁ পৰিয়ালৰ সৈতে শান্ত জীৱন যাপনৰ বাবে বেংগালুৰুলৈ গুচি যায় । কিন্তু ১৯৮০ আৰু নব্বৈৰ দশকত যশ চোপ্ৰাই পৰিচালনা কৰা মাশাল, লামহে, চান্দনী আদি ছবিৰে তেওঁ সফল প্ৰত্যাৱৰ্তন কৰে ।

২০০০ চনত তেওঁ উদ্যোগটোত সক্ৰিয় হৈ থাকে, ওম জয় জগদীশ, ৰং দে বসন্তি, দিল্লী-৬, দ্য ছং অৱ স্কোৰ্পিয়নছ আদি ছবিত অভিনয় কৰে । নিজৰ কেৰিয়াৰত ৰেহমান প্ৰেৰণাৰ উৎস হৈ আহিছে অনুৰাগীৰ বাবে, চিনেমাৰ বাহিৰেও যে জীৱন আছে সেই কথা প্ৰমাণ কৰি আহিছে আৰু জীৱনৰ প্ৰতি থকা তেওঁৰ আগ্ৰহেই হৈছে তেওঁৰ চালিকা শক্ । জীৱনত তেওঁৰ সন্তুষ্টি আৰু ভাৰতীয় চিনেমাত তেওঁৰ চিৰস্থায়ী প্ৰভাৱে তেওঁক উদ্যোগটোৰ প্ৰকৃত আইকন হিচাপে গঢ়ি তুলিছে ।

লগতে পঢ়ক: 69th National Film Awards ceremony: আলিয়া ভাটৰ পৰা আল্লু অৰ্জুনলৈকে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপকৰ অনুভৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.