ETV Bharat / entertainment

Shraddha Kapoor : শ্ৰদ্ধা কাপুৰক বিমানবন্দৰত আঁঠু লৈ কোনে দিলে প্ৰেমৰ প্ৰস্তাৱ? চাওক ভিডিঅ’

শেহতীয়াকৈ বিমানবন্দৰত দেখা গ’ল শ্ৰদ্ধা কাপুৰক । বিমানবন্দৰৰ পৰা শ্ৰদ্ধাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

author img

By

Published : Aug 2, 2023, 7:45 PM IST

Watch: Shraddha Kapoor gushes as fan goes down on one knee with a bouquet at airport
বিমানবন্দৰৰ পৰা শ্ৰদ্ধাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল

চিটাৰা ডেস্ক, 2 আগষ্ট: বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ নিজৰ শিশু সুলভ স্বভাৱ আৰু ফিটনেছৰ বাবে পৰিচিত। তেওঁৰ শিশু সুলভ স্বভাৱ তথা সৰলতাত মন্ত্ৰমুগ্ধ অনুৰাগীসকল ৷ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আছে শ্ৰদ্ধাৰ অনুৰাগী ৷ সেয়াহে য’তেই যায় তাতেই অনুৰাগীক লগ পায় অভিনেত্ৰীগৰাকীয়ে । শেহতীয়াকৈ শ্ৰদ্ধাক বিমানবন্দৰত দেখা পোৱা গৈছিল আৰু বিমানবন্দৰত অভিনেত্ৰীগৰাকীক দেখা পাই এজন অনুৰাগীয়ে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছিল । তেওঁৰ এই অনুৰাগীজনে ফুলৰ থোপা লৈ বিমানবন্দৰত লগ কৰিবলৈ আহিছিল শ্ৰদ্ধাক । সম্প্ৰতি শ্ৰদ্ধাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, নেটিজেনে এই ভিডিঅ’টোত কমেন্ট কৰিছে ।

বিমানবন্দৰত শ্ৰদ্ধা কাপুৰক বগা শ্বৰ্ট আৰু বগা ৰঙৰ সম্পূৰ্ণ হাতৰ টপ পৰিধান কৰা দেখা পোৱা গৈছে । এই লুকটো শ্ৰদ্ধাই স্নিকাৰৰ সৈতে পৰিপূৰ্ণ কৰিছিল ৷

ভাইৰেল হৈ পৰিল শ্ৰদ্ধাৰ ভিডিঅ’

ভিডিঅ’টোত দেখা গৈছে যে শ্ৰদ্ধা বাহনৰ পৰা নামি অহাৰ লগে লগে তেওঁৰ অনুৰাগীজনে গোলাপ ফুলৰ থোপা লৈ তেওঁৰ ওচৰ চাপি আহে । পিচত আঁঠু লৈ বহি শ্ৰদ্ধাক দিয়ে প্ৰেমৰ প্ৰস্তাৱ । শ্ৰদ্ধাই এই ক্ষেত্ৰত মহানুভৱতা দেখাই অনুৰাগীয়ে যাতে বেয়া নাপায় তেওঁৰ সৈতে হাত মিলাই পাপাৰাজীৰ সন্মুখত ফটোৰ বাবে পোজ দিয়ে ৷

ভিডিঅ’টোত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মন্তব্য

এজন ব্যৱহাৰকাৰীয়ে লিখিছে- আৰে, য়ে লাপ্পু ঝিংগু লড়কা শচীন কাহাছে আয়া ? আনহাতে আনজনে লিখিছে - শ্ৰদ্ধা ইমান নম্ৰ আৰু ফিট। এজনে লিখিছে - মোৰ হাফ গাৰ্লফ্ৰেণ্ড হৈ যাওক ৷ এজনে লিখিছে- স্কুললৈ যোৱা ভাইটি, পঢ়া, ইমান কম বয়সতে তেওঁ চেলিব্ৰিটিক প্ৰস্তাৱ দিয়ে নেকি ?

শেহতীয়াকৈ শ্ৰদ্ধা কাপুৰে তেওঁৰ আগন্তুক ছবি স্ত্ৰী ২ৰ প্ৰথম সূচীৰ শ্বুটিং শেষ কৰি ঘূৰি আহিছে। শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ ছিকুৱেলৰ কথা ঘোষণা কৰিছিল । মোচন টিজাৰ মুকলি কৰি তেওঁ লিখিছে – চান্দেৰীত আকৌ এবাৰ সন্ত্ৰাস বিয়পি পৰিল । Stree 2 ৰ শ্বুটিং আৰম্ভ হ’ল । আহি আছে - আগষ্ট ২০২৪ ।

লগতে পঢ়ক: Sara Ali Khan-Kareena kapoor: মাহীমাক কৰীণাক কি নামেৰে মাতে ছাৰা আলী খানে ? খোদ ক’লে ছাৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.