ETV Bharat / entertainment

Adipurush: ‘আদিপুৰুষ’ ছবিখন চাই ক্ষুব্ধ হৈ পৰিল ৰামায়ণৰ লক্ষ্মণ

আদিপুৰুষক লৈ অব্যাহত আছে বিতৰ্ক । শেহতীয়াকৈ আদিপুৰুষ ছবিখন দেখি ৰামায়ণৰ অভিনেতা সুনীল লাহিৰীয়েও ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।

Watch: Ramanand Sagars Laxman Sunil Lahri disappointed after watching Adipurush
আদিপুৰুষক লৈ কি ক’লে অভিনেতা সুনীল লাহিৰীয়ে
author img

By

Published : Jun 22, 2023, 3:48 PM IST

Updated : Jun 22, 2023, 4:54 PM IST

আদিপুৰুষক লৈ কি ক’লে অভিনেতা সুনীল লাহিৰীয়ে

চিটাৰা ডেস্ক, 22 জুন: ওম ৰাউটৰ পৰিচালনাত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখন মুক্তি পোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে সৃষ্টি হৈছে ক্ষোভৰ ৷ অনুৰাগীয়েই হওক বা বলীউডৰ অভিনেতা-অভিনেত্ৰীয়েই হওক, সকলোৱে এই ছবিখনক লৈ প্ৰকাশ কৰিছে ক্ষোভ । আনহাতে, ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ ধাৰাবাহিকখনৰ অভিনেতা আৰু নিৰ্মাতাসকলেও ছবিখনক তীব্ৰ সমালোচনা কৰিছে । ইফালে ‘ৰামায়ণ’ ধাৰাবাহিকখনত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সুনীল লাহিৰীয়ে ‘আদিপুৰুষ’ ছবিখনৰ নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ।

এএনআইক দিয়া এক সাক্ষাৎকাৰত সুনীল লাহিৰীয়ে কয়, "মই এই ছবিখন কোনো ফালৰ পৰা ভাল নাপালোঁ । ছবিখনৰ সন্দৰ্ভত মোৰ কেৱল দুটা বস্তু পছন্দ হৈছে, এটা হৈছে বেকগ্ৰাউণ্ড মিউজিক আৰু আনটো হৈছে চিনেমেট’গ্ৰাফী । বাকী চৰিত্ৰায়নৰ পৰা চিত্ৰায়নলৈকে, একোৱে ভাল নহয় ছবিখনৰ ৷ "

সুনীল লাহিৰীয়ে লগতে কয়, ‘‘মই নাজানো, শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে, যিয়েই আধুনিকীকৰণৰ কথা কয় । যিসকলে এই ছবিখনক আধুনিক ছবি বুলি অভিহিত কৰিছে । কোন দিশৰ পৰা এইখন এখন আধুনিক ছবি ? ছবিখনত চৰিত্ৰবোৰৰ শৰীৰত টেটু কৰা হৈছে, এইবোৰৰ দ্বাৰা আধুনিক কৰি তোলা হৈছে নেকি ? এই ছবিখনৰ পৰা মোৰ বহুত আশা আছিল, কিন্তু . . . . ৷ ’’

সুনীলে ছবিখনৰ সংলাপ সন্দৰ্ভত কয়, "এজন শিল্পী আৰু এজন নাগৰিক হিচাপে মই অনুভৱ কৰিছিলো যে মই ছবিগৃহৰ পৰ্দাখন ফালি পেলাম ৷ হনুমানজীয়ে ছবিখনক দেখিলে লাজ পাব ৷ হনুমানজীক আমি পূজা কৰো । এনে সংলাপ লিখাৰ আগতে এই নিৰ্মাতাসকলে এবাৰো ভগৱানৰ কথা ভবা নাছিল নেকি । আনকি ৰাৱণকো ছবিখনত লোহাৰ মিস্ত্ৰী হিচাপে কাম কৰা দেখুওৱা হৈছে ।’’ অভিনেতাগৰাকীয়ে লগতে কয়,‘‘ইনকো তো চুল্লু-ভৰ পানী মে ডুব কে মৰনা চাহিয়ে ।’’

বিতৰ্কৰ বাবেই ছবিখনৰ উপাৰ্জনত পৰিল বৃহৎ প্ৰভাৱ

১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে আদিপুৰুষ । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল কৃতি সেনন, প্ৰভাস আৰু ছৈইফ আলী খানে । ছবিখনৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কৰ বাবেই এতিয়া বক্স অফিচতো ইয়াৰ প্ৰভাৱ দেখা গৈছে ৷ আদিপুৰুষে এতিয়ালৈকে সমগ্ৰ বিশ্বতে সংগ্ৰহ কৰিছে ৩৯৫ কোটি টকা । এই পৰিসংখ্যা যি লেহেমীয়া গতিত আগবাঢ়িছে সেয়া দেখি নিৰ্মাতাসকলৰ বাবে ৬০০ কোটি উপাৰ্জন কৰাটো অতি কঠিন হ’ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: Honey Singh Death Threats: হানি সিঙক হত্যাৰ ভাবুকি, ৫০ লাখ টকাৰ ধন দাবী গোল্ডি ব্ৰাৰ

Last Updated : Jun 22, 2023, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.