ETV Bharat / entertainment

Priyanka Chopra: জ’নাছ ব্ৰাদাৰ্ছৰ কনচাৰ্টত প্ৰিয়ংকাক যুৱতীৰ প্ৰশ্ন, উত্তৰত কি ক’লে অভিনেত্ৰীগৰাকীয়ে চাওক - প্ৰিয়ংকা চোপ্ৰা

দেওবাৰে নিশা জ’নাছ ব্ৰাদাৰ্ছৰ কনচাৰ্টত অংশগ্ৰহণৰ বাবে ডজাৰ্ছ ষ্টেডিয়ামত উপস্থিত হয় প্ৰিয়ংকা চোপ্ৰা । এই অনুষ্ঠানত এগৰাকী অনুৰাগীয়ে প্ৰিয়ংকাক কয় যে, তেওঁ নিকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব খুজিছিল ৷ ইয়াৰ উত্তৰ কি ক’লে প্ৰিয়ংকাই জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Watch: Priyanka Chopra reacts as fan says 'I was going to marry Nick Jonas'
জ’নাছ ব্ৰাদাৰ্ছৰ কনচাৰ্টত প্ৰিয়ংকা
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 10:50 AM IST

চিটাৰা ডেস্ক, 11 ছেপ্টেম্বৰ: শেহতীয়াকৈ জ’নাছ ব্রাদার্ছৰ কনচার্টত অংশগ্রহণ কৰে গ্লোবেল আইকন প্ৰিয়ংকা চোপ্ৰা ৷ ডজাৰ্ছ ষ্টেডিয়ামত অনুষ্ঠিত জ’নাছ ব্ৰাদাৰ্ছৰ অনুষ্ঠান উপভোগ কৰাৰ লগতে প্ৰিয়ংকাই কিছু অনুৰাগীৰ সৈতেও মত বিনিময় কৰে । এই সুন্দৰ সন্ধিয়াৰ কিছু ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে । কিন্তু ইয়াৰে এটা ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ ভিডিঅ’টোত এগৰাকী অনুৰাগীয়ে প্ৰিয়ংকাক কোৱা দেখা গৈছে যে নিক জ’নাছৰ সৈতে প্ৰিয়ংকা বিবাহিত হোৱাৰ বাবে প্ৰিয়ংকাক লৈ তেওঁৰ ঈৰ্ষা ওপজে ।

আচলতে, শ্ব’টোৰ পৰা ভাইৰেল হোৱা ভিডিঅ’টোত এগৰাকী লেডী ফেনে প্ৰিয়ংকাক কোৱা দেখা গৈছে, ‘‘মই আপোনাক ক’ব বিচাৰিছো যে মই সঁচাকৈয়ে ভাবিছিলো যে মই নিক জ’নাছৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ম, কিন্তু মই সুখী যে আপুনি তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ।’’ এই কথা শুনি প্ৰিয়ংকাই হাঁহি হাঁহি উত্তৰ দি কয়, ‘‘মইও সুখী যে মই এই কামটো কৰিলোঁ । এতিয়া এই ভিডিঅ’টোত অনুৰাগীয়ে মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ।’’

শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাই এই অনুষ্ঠানৰ কিছু আভাস ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে । এই আভাসবোৰত প্ৰিয়ংকা আৰু নিক জ’নাছৰ উপৰিও দৰ্শকেৰে ভৰি থকা এখন ষ্টেডিয়ামৰ আভাস দেখা গৈছে, য’ত বিৰ দি বাট নোপোৱা অৱস্থা হৈছে ৷

অনুৰাগীৰ প্ৰতিক্ৰিয়া

এজন ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে- ডেষ্টিনি আমাৰ ছোৱালীৰ বাবে আছিল, নিক আমাৰ কুইনৰ বাবে বনোৱা হৈছিল যিটো তেওঁ পাইছে। আন এজনে লিখিছে- মোৰ প্ৰিয় দম্পতী নিক আৰু প্ৰিয়ংকা, প্লিজ সিহঁতক সুখী আৰু বিবাহিত হৈ থাকিবলৈ দিয়ক । এজনে লিখিছে – প্ৰিয়ংকাই এই কথাটো কিমান ইতিবাচকভাৱে লৈছে ৷

২০১৮ চনত বিবাহপাশত আৱদ্ধ হৈছিল নিক-প্ৰিয়ংকা

উল্লেখ্য যে, কিছুদিন ডেট কৰাৰ পিচত ২০১৮ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত প্ৰিয়ংকা আৰু নিকৰ বিবাহ সম্পন্ন হৈছিল । যোধপুৰৰ উমৈদ ভৱনত প্ৰিয়ংকা আৰু নিক দুটা ভিন্ন প্ৰথাত বিবাহপাশত আবদ্ধ হৈছিল । প্ৰথমে হিন্দু ধৰ্ম অনুসৰি আৰু তাৰ পিচত খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি বিয়া হৈছিল । দুয়োগৰাকী যোৱা বছৰৰ জানুৱাৰী মাহত পিতৃ-মাতৃ হৈছিল । অৱশ্যে প্ৰিয়ংকা আৰু নিকে চেৰ’গেচিৰ জৰিয়তে পিতৃ-মাতৃ হৈছে ।

লগতে পঢ়ক: Actresses who played mother to older actors: নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে এইসকল অভিনেত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.