ETV Bharat / entertainment

Gadar 2 success bash: গদৰ ২ৰ সফলতাৰ পাৰ্টিত প্ৰাক্তন প্ৰেমিক কাৰ্তিকক সাৱটি ধৰিলে ছাৰা আলী খানে, চাওক ভিডিঅ’

পোহৰলৈ আহিছে ছানি দেওলৰ 'গদৰ ২'ৰ সফলতা পাৰ্টিৰ বহু ভিডিঅ’ । এটা ভিডিঅ’ত দেখা গৈছে যে ছাৰা আলী খানে তেওঁৰ তথাকথিত প্ৰাক্তন প্ৰেমিক কাৰ্তিক আৰিয়ানক সাৱটি ধৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 2:10 PM IST

Watch: Ex-flames Sara Ali Khan and Kartik Aaryan share a hug at Gadar 2 success bash as Kriti Sanon looks on
গদৰ ২'ৰ সফলতা পাৰ্টিৰ ভিডিঅ’

চিটাৰা ডেস্ক, ৩ আগষ্ট: বক্স অফিচত ব্লকৱাষ্টাৰ ৰূপে পৰিগণিত হ’ল ছানী দেওলৰ অভিনীত ছবি ‘গদৰ ২’ ৷ বক্স অফিচত প্ৰতিদিনে নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে । এই ব্লকবাষ্টাৰ ছবিখনে এতিয়ালৈকে প্ৰায় ৫০০ কোটি টকাৰ এক বৃহৎ ব্যৱসায় কৰিছে । অনুৰাগীৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে ছবিখনৰ প্ৰশংসা কৰিছে । আনহাতে, শনিবাৰে নিশা মুম্বাইত ছবিখনৰ সফলতাত এখনি পাৰ্টিৰ আয়োজন কৰা হয়, য’ত ছবিখনৰ সমগ্ৰ দলটোৰ লগতে বলীউডৰ বহু ডাঙৰ ডাঙৰ তাৰকা উপস্থিত থাকে ।

এই পাৰ্টিৰ বহু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে । এইসমূহ ভিডিঅ’ৰ মাজতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত ছাৰা আলী খান আৰু কাৰ্তিক আৰিয়ানক একেলগে দেখা পোৱা গৈছে । ভিডিঅ’টোত দেখা গৈছে যে পাৰ্টিৰ পৰা বিদায় লোৱাৰ সময়ত ছাৰা আৰু কাৰ্তিকে ইগৰাকীয়ে সিগৰাকীক সাৱটি ধৰিছে । অৱশ্যে সেই সময়চোৱাত কাৰ্তিকৰ সৈতে সেই স্থানত উপস্থিত আছিল কৃতি সেনন । ছাৰাই প্ৰথমে কৃতিক সাৱটি ধৰি বিদায় লয় । তাৰ পিচত কাৰ্তিকক সাৱটি ধৰে ছাৰাই ৷

এই ভিডিঅ’টো সম্প্ৰতি ছ’চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰিছে । এই কথিত প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাক একেলগে দেখি হতবাক হৈ পৰিছে অনুৰাগী ৷ ভিডিঅ’টোত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে- পুৰণি স্মৃতিবোৰ আকৌ সতেজ হৈ গ’ল ছাৰা আৰু কাৰ্তিকৰ ৷ আন এজনে লিখিছে- কৃতি সেনন দুয়োৰে মাজত কিয় আহিছে ৷ এজনে লিখিছে- কৃতি আৰু কাৰ্তিক একেলগে দেখি ছাৰাৰ মন ৱেয়া হৈ গ’ল ৷ মুঠতে এনেধৰণৰ মন্তব্যই এতিয়া ভৰি পৰিছে কমেন্ট ছেকচন ৷

উল্লেখ্য যে 'লাভ আজ কল'ৰ শ্বুটিংৰ সময়ত ছাৰা আৰু কাৰ্তিকৰ প্ৰেমৰ খবৰ আহিছিল । কিন্তু কিছুদিন পিচত খবৰ আহিল যে দুয়োৰে মাজত ব্ৰেকআপ হয় আৰু দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীয়ে ছ’চিয়েল মিডিয়াত আনফ’ল’ কৰিছে । এই ভিডিঅ’টো এতিয়া পোহৰলৈ অহাৰ পিচত ক’ব পাৰি যে এতিয়া দুয়োৰে মাজত হয়তো সকলো ঠিকেই আছে ।

লগতে পঢ়ক: Gadar 2: গদৰ 2 ৰ সফলতা পাৰ্টি, তিনি খানৰ লগতে উপস্থিত বলীউডৰ বহু তাৰকা, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.