চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: শেহতীয়াকৈ দ্বিতীয় বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে বলীউডৰ অভিনেতা অৰবাজ খান । মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে অৰবাজ । অৰবাজ আৰু শূৰাৰ বিয়া কেৱল পৰিয়াল আৰু কিছুমান বিশেষ বন্ধু-বান্ধৱীৰ উপস্থিতিতহে হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অৰবাজ আৰু শূৰাৰ বিয়াৰ ফটো ।
ইফালে বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে অৰবাজ আৰু শূৰাক বাহিৰত ওলাই অহা দেখা গৈছিল ৷ কিন্তু পাপাৰাজীক দেখি পোজ নিদিয়াকৈ সেই স্থানৰ পৰা ততাতৈয়াকৈ ওলাই যায় এই দম্পতী ৷ এতিয়া আকৌ এবাৰ পাপাৰাজীৰ কেমেৰাত বন্দী হ’ল এই দম্পতী ৷ কিন্তু পূৰ্বৰ দৰে এইবাৰো কেমেৰাৰ পৰা হাত সাৰিবলৈ মুখ লুকুৱাই ওলাই যায় অৰবাজ আৰু শূৰা ৷
আচলতে বৃহস্পতিবাৰে নিশা অৰবাজ আৰু শূৰা ঘৰৰ বাহিৰত ওলাই আহিছিল । কিন্তু পাপাৰাজীৰ পৰা হাত সাৰিবলৈ দুয়ো বেলেগে বেলেগে খোজ কাঢ়ি গৈছিল আৰু শূৰাই ফটোৰ পৰা বাছিবলৈ মুখখন তললৈ নমাই কাষেৰে খোজ দি গৈ থকা পৰিলক্ষিত হয় ।
পেপছৰ বাবে পোজ নিদিলে নৱ বিবাহিত দম্পতীয়ে
বিয়াৰ পিচত অৰবাজ আৰু শূৰাক বাহিৰত ঘূৰি ফুৰা দেখা গ’ল যদিও এই দম্পতীয়ে পাপাৰাজীৰ বাবে পোজ দিয়াৰ পৰা বিৰত থাকে । এই সময়চোৱাত শূৰাই পৰিধান কৰিছিল ৰেচম জেকেট আৰু ডেনিম শ্বৰ্টৰ সৈতে স্নিকাৰ । অৰবাজৰ লুকৰ কথা ক’বলৈ গ’লে তেওঁ ডেনিমৰ সৈতে হাফ স্লীভ ষ্ট্ৰাইপ চাৰ্ট পৰিধান কৰিছিল ।
উল্লেখ্য যে, শূৰা আৰু অৰবাজৰ প্ৰথম সাক্ষাৎ আগন্তুক ছবি ‘পাটনা শুক্লা’ৰ চেটত হৈছিল । ২৪ ডিচেম্বৰত অৰবাজৰ ভগ্নী অৰ্পিতাৰ ঘৰত দুয়োৰে বিবাহ হয় । সমগ্ৰ খান পৰিয়াল আৰু উদ্যোগটোৰ কিছু বিশেষ বন্ধু-বান্ধৱীয়ে এই বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰে । বিয়াৰ প্ৰথম ছবিখন শ্বেয়াৰ কৰি অৰবাজে লিখিছিল - পৰিয়ালবৰ্গৰ উপস্থিতিত মই আৰু মোৰ আজিৰ পৰাই আজীৱন প্ৰেম একেলগে থকাৰ আৰম্ভণি হ’ল ! আমাৰ বিশেষ দিনটোত প্ৰয়োজন আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছাৰ ! "
লগতে পঢ়ক: অৰ্জুন কাপুৰৰ লগত ব্ৰেকআপ হ’ল নেকি মালাইকাৰ ? অভিনেত্ৰীগৰাকীয়ে দিলে বিবাহৰ ইংগিত