ETV Bharat / entertainment

Vivek Agnihotri: শ্বাহৰুখ খান আৰু কৰণ জোহৰক লৈ বিবেক অগ্নিহোত্ৰীৰ চাঞ্চল্যকৰ মন্তব্য

author img

By

Published : Aug 18, 2023, 4:44 PM IST

Updated : Aug 18, 2023, 5:38 PM IST

‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এইবাৰ লক্ষ্য কৰি লৈছে শ্বাহৰুখ খান আৰু কৰণ জোহৰক ৷ শেহতীয়াকৈ শ্বাহৰুখ খান আৰু কৰণ জোহৰকলৈ বিবেকে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে ৷ পৰিচালকগৰাকীয়ে কি মন্তব্য কৰিছে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

vivek-agnihotri-dislike-srVivek Agnihotri 'dislike' SRK and Karan Johar politics, both are responsible for destroying bollywood'k-and-karan-johar-politics-both-are-responsible-for-destroying-bollywood
বিবেক অগ্নিহোত্ৰী চাঞ্চল্যকৰ মন্তব্য

চিটাৰা ডেস্ক, 18 আগষ্ট: ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰী প্ৰায়ে নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত থাকে ৷ যোৱা কিছুদিন ধৰি তেওঁৰ পৰৱৰ্তী ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে বিবেক অগ্নিহোত্ৰীয়ে । এই ছবিখন কৰ’না যুগৰ আধাৰত নিৰ্মিত, য’ত কৰ’না ভেকচিনক লৈ দেশ তথা বিশ্বত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ বিষয়ে দেখুওৱা হৈছে ৷ যিয়ে নহওক, এইবাৰ তেওঁৰ ছবিৰ বাবে নহয়, অন্য এটা কাৰণত হে চৰ্চাত আহিছে ৷ শেহতীয়াকৈ বিবেকে এটা সাক্ষাৎকাৰত বলীউডৰ ‘পাঠান’ শ্বাহৰুখ খানক লৈ এক অতি চাঞ্চল্যকৰ আৰু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে ৷ শ্বাহৰুখ খান আৰু চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰক বলীউডৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে বিবেকে । কিন্তু কিয় আৰু কি প্ৰসংগত পৰিচালকগৰাকীয়ে এই কথা কৈছে জানো আহক এই প্ৰতিবেদনত ৷

শ্বাহৰুখ খানকলৈ বিবেকৰ ক্ষোভ

এটা নেশ্যনেল চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে শ্বাহৰুখ খানৰ ৰাজনীতি ভাল নাপায় বুলি মন্তব্য কৰিছে । পৰিচালকগৰাকীয়ে ক’লে, ‘আপুনি জানে মই শ্বাহৰুখ খানৰ অনুৰাগী, মই সদায় কৈ আহিছো যে অভিনয়ত তেওঁৰ দৰে কোনো নাই, কিন্তু তেওঁৰ ৰাজনীতি মোৰ ভাল নালাগে, মই ভাবো তেওঁ বলীউড ধ্বংস কৰিবলৈ চেষ্টা কৰিছে, তেওঁ বলীউড ধ্বংস কৰাৰ আটাইতকৈ ডাঙৰ দায়ী, তেওঁ বলীউডক কেৱল পিআৰ, হাইপ, গ্লেমাৰ আৰু ষ্টাৰডমলৈ হ্ৰাস কৰিছে, এতিয়া ষ্টাৰডমে অনুমোদন নাপায়, সেইটোৱেই সমস্যা।’

জনসাধাৰণক মূৰ্খ বুলি গণ্য কৰে শ্বাহৰুখ-কৰণে - বিবেক অগ্নিহোত্ৰী

পৰিচালকগৰাকীয়ে কয়- শ্বাহৰুখ আৰু কৰণে জনসাধাৰণক মূৰ্খ বুলি ভাবে, মই সহ্য কৰিব নোৱাৰো যে তেওঁলোকে জনসাধাৰণক মূৰ্খ বুলি ভাবিছে, মোৰ ছবিবোৰ ৰাইজৰ বাবে, কিন্তু তেওঁলোকে কমাৰ্চিয়েল গেম খেলে, তেওঁলোকৰ হিট ছবি শ্বাহৰুখ হিট ছবি হৈ পৰে আৰু মোৰ হিট ছবিখন জনসাধাৰণৰ বাবে হিট হৈ পৰে । উত্তৰ আৰু দক্ষিণ দুটা মেৰু, মই ভাল পাওঁ, কিন্তু অনুভৱ কৰোঁ, কিবা এটা ভুল হৈছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৫ জানুৱাৰীত মুক্তি পোৱা শ্বাহৰুখ খানৰ পাঠানে ১০০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিছিল ৷ এতিয়া লক্ষণীয় হ’ব যে শ্বাহৰুখ খানৰ মুক্তি পাবলগীয়া আগন্তুক ‘জৱান’ ছবিখন দৰ্শকে কেনেদৰে আকোৱালি লয় ৷

লগতে পঢ়ক: The Kashmir Files Unreported: আহি আছে বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড, ক’লে- কান্দিবলৈ সাজু হওক

Last Updated : Aug 18, 2023, 5:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.