ETV Bharat / entertainment

বিকী কৌশল অভিনীত ছেম বাহাদুৰৰ মুক্তিৰ তাৰিখ ঘোষণা

author img

By

Published : Dec 1, 2022, 1:04 PM IST

Sam Bahadur's release date announced : বিকী কৌশল অভিনীত 'ছেম বাহাদুৰ'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । ছবিখন কেতিয়া মুক্তি পাব জানি লওক-

Vicky Kaushal
বিকী কৌশল অভিনীত ছেম বাহাদুৰ

চিটাৰা ডেস্ক, 1 ডিচেম্বৰ : ‘উৰি দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ আৰু ‘চৰ্দাৰ উধাম’ৰ দৰে শক্তিশালী দেশপ্ৰেমমূলক ছবিত অভিনয় কৰা অভিনেতা বিকী কৌশলৰ আগন্তুক ছবি ‘ছেম বাহাদুৰ’ মুক্তিৰ পথত । ‘ছেম বাহাদুৰ’ ছবিখন চাবলৈ অপেক্ষা কৰি থকা দৰ্শকৰ বাবে ভাল খবৰ ৷ 1 ডিচেম্বৰত ঘোষণা কৰা হৈছে ছবিখনৰ মুক্তিৰ তাৰিখ ।

পিছে এই ছবিখন চাবলৈ দৰ্শকে অপেক্ষা কৰিব লাগিব আৰু এটা সম্পূৰ্ণ বছৰৰ । আগন্তুক বৰ্ষৰ শেষত মুক্তি পাব ছবিখন । বিকী কৌশলে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে অনুৰাগীৰে সৈতে । সম্পূৰ্ণ এবছৰৰ পিছত মুক্তি পাব ছেম বাহাদুৰ ৷

বিকী কৌশলে ছ’চিয়েল মিডিয়াত পোষ্টযোগে ‘ছেম বাহাদুৰ’ ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । বিকীয়ে লিখিছে, ‘365 দিনৰ পিছত অৰ্থাৎ 2023 চনৰ 1 ডিচেম্বৰত ছেম বাহাদুৰ ছবিখন আপোনাৰ ওচৰৰ চিনেমাগৃহত মুক্তি পাব’। আপোনালোকক জনাওঁ, মেঘনা গুলজাৰৰ পৰিচালনাত নিৰ্মিত ‘ছেম বাহাদুৰ’ ছবিখনত ভাৰতৰ প্ৰথমজন ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব বিকী কৌশলক ।

কোন আছিল ছেম বাহাদুৰ ?

ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল ছেম মানেকশ্ব’ 1971 চনত ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ সেনা প্ৰধান আছিল আৰু ইয়াৰ পিছত তেওঁক ফিল্ড মাৰ্শ্বেল পদলৈ পদোন্নতি দিয়া হয়, যাৰ পিছত তেওঁ ভাৰতৰ প্ৰথম ফিল্ড মাৰ্শ্বেল হয় । ছেম মানেকশ্ব’ সেনাবাহিনীত ছেম বাহাদুৰ নামেৰে জনপ্ৰিয় আছিল ৷ 1917 চনৰ 3 এপ্ৰিলত জন্মগ্ৰহণ কৰা ছেমৰ মৃত্যু হৈছিল 2008 চনৰ 27 জুনত তামিলনাডুৰ ৱেলিংটনত ।

লগতে পঢ়ক : ৰবীনা টেণ্ডনে শ্বেয়াৰ কৰা বাঘৰ ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত আৰম্ভ হৈছে তদন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.