ETV Bharat / entertainment

Lyricsist Dev Kohli Passed Away: ‘দিদি তেৰা দেৱৰ দীৱানা’ গীতটি ৰচনা কৰা গীতিকাৰ দেৱ কোহলী আৰু নাই...

Dev Kohli passes away: ছলমান খানৰ ব্লকবাষ্টাৰ ছবি মাইনে প্যাৰ কিয়াকে ধৰি ১০০ৰো অধিক হিন্দী ছবিৰ গীত ৰচনা কৰা গীতিকাৰ দেৱ কোহলীয়ে ইহসংসাৰৰ পৰা মাগিলে বিদায় ।

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 11:47 AM IST

Updated : Aug 26, 2023, 11:59 AM IST

Veteran Lyricsist Dev Kohli Passed Away In Mumbai
‘দিদি তেৰা দেৱৰ দীৱানা’ গীতটি ৰচনা কৰা গীতিকাৰ দেৱ কোহলী আৰু নাই...

চিটাৰা ডেস্ক, 26 আগষ্ট: ভাৰতীয় চিনেমাৰ প্ৰখ্যাত গীতিকাৰ দেৱ কোহলীৰ দেহাৱসান । ১০০ খনতকৈও অধিক হিন্দী ছবিৰ গীত ৰচনা কৰা তেখেতৰ বহু গীত এতিয়াও মানুহৰ ওঁঠত ৰৈ গৈছে । তথ্যত কোৱা হৈছে যে, দেৱ কোহলীয়ে ছলমান খানৰ ব্লকবাষ্টাৰ ছবি ‘মেনে প্যাৰ কিয়া’ৰ কবুতৰ জা-জা আৰু আজা শ্বাম হ’নে আয়ি আৰু জুৰৱাৰ ঊনচি হ্যে বিল্ডিং আৰু চলটি হায় ক্যা ৯ ছে ১২ গীতটো ৰচনা কৰিছিল ।

একে সময়তে ২০০৫ চনত মুক্তি পোৱা মুছাফিৰ ছবিৰ হিট গীত ছাকি-ছাকিও গীতিকাৰজনে লিখিছিল । গীতিকাৰ দেৱ কোহলীয়ে অনু মালিক, আনন্দ ৰাজ আনন্দ, আনন্দ মিলিন্দৰ দৰে বহু সংগীত সুৰকাৰৰ সৈতে কাম কৰাৰ সমান্তৰালকৈ বহু ছুপাৰহিট গীত দিছে । ইতিমধ্যে চেলিব্ৰিটিসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

দেৱ কোহলীৰ প্ৰাৰম্ভিক জীৱন

উল্লেখ্য যে, দেৱ কোহলীৰ জন্ম হৈছিল ১৯৪২ চনৰ ২ নৱেম্বৰত ৰাৱালপিণ্ডী (ব্ৰিটিছ ভাৰত)ত, যিখন বৰ্তমান পাকিস্তানত আছে । ভাৰত-পাক বিভাজনৰ পিছত দেৱ কোহলীৰ পৰিয়ালে ডেৰাডুনত বসতি স্থাপন কৰে । প্ৰবীণ গীতিকাৰগৰাকীয়ে শ্ৰীগুৰু নানক দেৱ গুৰু মহাৰাজ মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল । ১৯৫৮ চনত পিতৃৰ মৃত্যুৰ সময়ত দেৱ কোহলীৰ বয়স আছিল মাত্ৰ ১৬ বছৰ । একে সময়তে ১৯৬৪ চনত ২২ বছৰ বয়সত তেওঁ কামৰ সন্ধানত মুম্বাইলৈ আহিছিল ।

গীতিকাৰ গৰাকীৰ দ্বাৰা লিখা গীত

১৯৬৯ চনত প্ৰথমবাৰৰ বাবে তেওঁ গুণ্ডা ছবিত সুযোগ লাভ কৰিছিল যদিও ১৯৭১ চনত নিৰ্মিত লাল পাত্থৰ ছবিখনৰ বাবে লিখা ‘গীত গাতা হু মে’ গীতটোৱেই তেওঁৰ প্ৰথম সফলতা । এই গীতটো এতিয়াও মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায় । উল্লেখ্য যে, ১৯৭০ চনৰ পৰা ১৯৮০ চনলৈকে তেওঁ স্বীকৃতি পোৱা নাছিল যদিও ১৯৮৯ চনত তেওঁ ছলমান খানৰ মেগাব্লকষ্টাৰ ‘মেনে প্যাৰ কিয়া’ৰ বাবে ‘আতে জাতে হস্তে গাতে’, ‘আজ শ্বাম হনে আয়ী’, ‘মাইনে প্যাৰ কিয়া’, ‘কবুতৰ জা জা জা’ তথা হিন্দী চিনেমাৰ ইতিহাসত অমৰ হৈ পৰা হম আপকে হ্যে কৌন ছবিৰ 'দিদি তেৰা দেৱৰ দীৱানা', 'মাই-নি মাই মুন্দেৰ পে তেৰী', 'চকলেট লাইম জুইচ' দৰে হিট গীত ৰচনা কৰিছিল । ইটিভি ভাৰতৰ তৰফৰ পৰাও থাকিল এই মহান গীতিকাৰগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ৷

লগতে পঢ়ক: 69th National Film Award: অভিনেতা পংকজ ত্ৰিপাঠীলৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; মনৰ অনুভূতি প্ৰকাশ অভিনেতাগৰাকীৰ

Last Updated : Aug 26, 2023, 11:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.