চিটাৰা ডেস্ক, 20 জুলাই: ‘দৃশ্যাম’ ছবিত অজয় দেৱগনৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ইশিতা দত্তৰ ঘৰত বিৰাজ কৰিছে আনন্দৰ বন্যা ৷ কিয়নো মাতৃ হ’ল ইশিতা দত্ত ৷ এই খবৰৰ পিচতে ইশিতাৰ স্বামী তথা অভিনেতা স্বামী বটছল ছেঠ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল আনন্দত আত্মহাৰা হৈ পৰিছে । যোৱা কেইমাহ পূৰ্বে ইশিতাই অন্তঃসত্বা হোৱাৰ খবৰ ছ’চিয়েল মিডিয়া যোগে অনুৰাগীক জনাইছিল ৷ ইয়াৰ পিচৰে পৰা গৰ্ভাৱস্থাৰ শেষ মাহলৈকে ইশিতা ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছিল। আনকি বেবী বাম্প প্ৰদৰ্শন কৰি ছ’চিয়েল মিডিয়াত ইটোৰ পিচত সিটোকৈ ফটো শ্বেয়াৰ কৰাও দেখা পোৱা গৈছিল।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইশিতা দত্তই এটি পুত্ৰ সন্তানক জন্ম দিছে । সম্প্ৰতি মাতৃ আৰু সন্তান দুয়ো সুস্থ ৷ লাভ কৰা খবৰ অনুসৰি ইশিতাক ৪৮ ঘণ্টা চিকিৎসালয়ত ৰখা হ’ব, তাৰ পিচত শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ লৈ যোৱা হ’ব ৷ কিন্তু এতিয়ালৈকে ইশিতা বা বটছলে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ৷
বেবী বাম্প প্ৰদৰ্শন কৰি শ্বেয়াৰ কৰিছিল ছবি
ইশিতা দত্তই নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি লগতে ছ’চিয়েল মিডিয়াত অহৰহ ফটো শ্বেয়াৰ কৰিছিল। একে সময়তে শেহতীয়াকৈ বাংলা ৰীতি-নীতি অনুসৰি বেবী শ্বাৱাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ এই অনুষ্ঠানৰ ফটোসমূহ ইশিতাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছিল ৷
বিবাহৰ ৬ বছৰৰ পিচত মাতৃ হ’ল ইশিতা
বটছল ছেঠৰ সৈতে ইশিতা দত্তৰ বিবাহ হৈছিল ২০১৭ চনত। বিবাহৰ ৬ বছৰৰ পিচত মাতৃ হ’ল অভিনেত্ৰীগৰাকী। মুম্বাইৰ জুহুত অৱস্থিত ইস্কন মন্দিৰত গোপনে বিবাহ পাশত আৱদ্ধ হৈছিল ইশিতা । এই দুয়োগৰাকী তাৰকাই টিভি শ্ব’ ‘ৰিষ্টন কা সৌদাগৰঃ বাজিগাৰ’ৰ চেটত লগ পাইছিল । শ্বুটিঙৰ সময়তে দুয়োগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ৷ অৱশেষত বিবাহৰ জৰিয়তে তেওঁলোকৰ প্ৰেমে পূৰ্ণতা লাভ কৰে ৷