ETV Bharat / entertainment

কি কাৰণত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ নেখেলে বিৰাটে - ভামিকাৰ তৃতীয় জন্মদিন

Virat Kohli : আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচ নেখেলে বিৰাট কোহলীয়ে । আজি তৃতীয় টি-২০ শৃংখলাৰ প্ৰথমখন মেচ আৰু একেদিনাই আজি বিৰাটৰ কন্যা ভামিকাৰ তৃতীয়টো জন্মদিন । সেয়েহে, কন্যাৰ জন্মদিনৰ বাবে প্ৰথম টি-২০ মেচৰ পৰা বিৰতি লৈছে বিৰাটে ।

VAMIKA KOHLI 3RD BIRTHDAY VIRAT KOHLI AND ANUSHKA SHARMA WILL CELEBRATE DAUGHTERS BIRTHDAY
আজি বামিকাৰ তৃতীয় জন্মদিন
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 5:10 PM IST

চিটাৰা ডেস্ক, ১১ জানুৱাৰী: ৰোহিত শৰ্মাৰ নেতৃত্বত আজি ভাৰতীয় ক্ৰিকেট দলে মোহলীত আফগানিস্তানৰ সৈতে তৃতীয় টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলিব । এই খেলখনৰ পূৰ্বে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে স্পষ্ট কৰি দিছিল যে ব্যক্তিগত কাৰণত বিৰাট কোহলীয়ে প্ৰথমখন মেচ খেলিব নোৱাৰিব । কিন্তু কিয় বিৰাটে নেখেলে আজিৰ মেচখন ? আচলতে আজি বিৰাট কোহলীৰ কন্যা ভামিকাৰ জন্মদিন, গতিকে আফগানিস্তানৰ মেচ এৰি পিতৃৰ দায়িত্ব পূৰণ কৰিব বিৰাটে । সেয়েহে কন্যাৰ জন্মদিনৰ বাবে বিৰাট কোহলীয়ে প্ৰথম টি-২০ মেচৰ পৰা বিৰতি লৈছে ।

৩ বছৰীয়া হ’ল ভামিকাৰ বয়স । উল্লেখ্য যে, ২০১৭ চনত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বিবাহ হৈছিল । বিবাহৰ চাৰি বছৰৰ পাচত ২০২১ চনৰ ১১ জানুৱাৰীত ভামিকা কোহলীৰ জন্ম হয় । আজি ভামিকাই ৩ বছৰ সম্পূৰ্ণ কৰিলে । এনে পৰিস্থিতিত অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে একেলগে কন্যাৰ জন্মদিন উদযাপন কৰিব বিচাৰে । কন্যাৰ জন্মদিন উদযাপন কৰি ১৪ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ মেচৰ পূৰ্বে বিৰাট কোহলীয়ে টিম ইণ্ডিয়াত যোগদান কৰিব ।

আজিলৈকে কিয় বিৰাট-অনুষ্কাই দেখুওৱা নাই ভামিকাৰ মুখ ?

ভামিকা ৩ বছৰীয়া হ’ল যদিও বিৰাট আৰু অনুষ্কাই আজিলৈকে বিশ্ববাসীৰ সন্মুখত দেখুওৱা নাই কন্যাৰ মুখখন । কন্যাৰ জন্মৰ পিচতে তেওঁলোকে সংবাদ মাধ্যমক অনুৰোধ জনাইছিল যে কন্যাৰ মুখখন যাতে ভাইৰেল নকৰে । দুয়োগৰাকীয়ে নিজৰ কন্যাৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে যদিও এই ছবিবোৰত কেতিয়াও ভামিকাৰ মুখখন দেখা নাযায় ।

এই দম্পতীয়ে এই কথাৰ বিশেষ যত্ন লয় । এনে পৰিস্থিতিত আজি দুয়োগৰাকীয়ে অতি সুন্দৰকৈ ভামিকাৰ তৃতীয় জন্মদিন উদযাপন কৰিব । অৱশ্যে ভামিকাৰ জন্মদিন উদযাপনৰ সন্দৰ্ভত কোনো তথ্য উপলব্ধ হোৱা নাই ।

লগতে পঢ়ক: ব্যক্তিগত কাৰণত আফগানিস্তান বিৰুদ্ধে প্ৰথম টি-20ত নাথাকিব বিৰাট কোহলী : ৰাহুল দ্ৰাবিড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.