ETV Bharat / entertainment

Urvashi Rautela: ঋষভ পন্ত নহয়; এই উৰ্ৱশীৰ নাম সাঙোৰ খাইছে আমেৰিকাৰ কণ্ঠশিল্পীৰ সৈতে

author img

By

Published : Mar 28, 2023, 3:26 PM IST

পুনৰ ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে সুন্দৰী অভিনেত্ৰী উৰ্ৱশী ৰৌতেলা ৷ এইবাৰ ঋষভ পন্তৰ পৰিৱৰ্তে উৰ্ৱশীৰ নাম সাঙোৰ খাইছে এগৰাকী আমেৰিকান কণ্ঠশিল্পীৰ সৈতে ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন...

Urvashi Rautela spotted with American singer Jason Derulo; Diet Sabya says her dedication to fame is unmatched
আমেৰিকান কণ্ঠশিল্পীৰ সৈতে উৰ্ৱশী ৰৌতেলা

চিটাৰা ডেস্ক, 28 মাৰ্চ: বিতৰ্কই যেন এক প্ৰকাৰে লগ নেৰা হৈছে বলীউডৰ সুন্দৰী অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাৰ ৷ ছ’চিয়েল মিডিয়াত ইটোৰ পিচত সিটো পোষ্টৰ বাবে প্ৰায় সমালোচনাৰ পাত্ৰ হ’বলগীয়া হয় উৰ্ৱশী ৷ পূৰ্বে ক্ৰিকেটাৰ ঋষভ পন্তৰ বিষয়ে ছ’চিয়েল মিডিয়াত পৰোক্ষভাৱে পোষ্ট কৰি বহুবাৰ সমালোচিত হৈছে উৰ্ৱশী ৰৌতেলা ৷ এইবাৰ পুনৰ সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী ৷ কিন্তু ৰ’ব এইবাৰ কোনো পোষ্ট কৰি বিতৰ্কৰ সন্মুখীন হোৱা নাই উৰ্ৱশী ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, শেহতীয়াকৈ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত দেখা পোৱা গৈছিল অভিনেত্ৰী উৰ্ৱশী ৰৌতেলাক ৷ অৱশ্যে অভিনেত্ৰীগৰাকীক আমেৰিকান কণ্ঠশিল্পী জেছন ডেৰুলোৰ সৈতে ৰেষ্টুৰেণ্টলৈ যোৱা দেখা পোৱা গৈছিল । অতি কম সময়ৰ ভিতৰতে আমেৰিকান কণ্ঠশিল্পীৰ সৈতে অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত (Urvashi Rautela spotted with singer Jason Derulo) ৷

লগে লগে ডায়েট ছাবিয়া নামৰ ইনষ্টাগ্ৰাম একাউন্টত অভিনেত্ৰীগৰাকীৰ বাবে এটা পোষ্ট কৰা হয় ৷ পোষ্টটোত কয় যে, উৰ্বশীৰ খ্যাতিৰ প্ৰতি থকা লালসাৰ কোনো তুলনা নাই, জেছনৰ সৈতে কেমেৰাৰ সন্মুখলৈ আহিছে অভিনেত্ৰীগৰাকী আৰু বাতৰিৰ শিৰোনাম দখল কৰিবলৈ যি কোনো কাম কৰিব পাৰে অভিনেত্ৰীগৰাকীয়ে (American singer Jason Derulo) ৷

একেখন বাহনেৰে ৰেষ্টুৰেণ্টত উপস্থিত হোৱা দেখা গ’ল দুয়োকে । আনকি উৰ্ৱশী আৰু জেছনে ৰেষ্টুৰেণ্টত প্ৰৱেশ কৰাৰ পূৰ্বে বাহিৰত থিয় হৈ থকা পাপাৰাজীৰ বাবেও প’জ দিয়া দেখা যায় (Diet sabya takes dig at Urvashi) । আউটিঙৰ বাবে উৰ্বশীয়ে ধূসৰ ৰঙৰ মেটালিক টেংক টপ এটা বাছি লৈছিল, যিটো তেওঁ ক’লা চিকচিকিয়া আংশিকভাৱে স্বচ্ছ ফিট পেণ্টৰ সৈতে পৰিধান কৰিছিল । অভিনেত্ৰীগৰাকীয়ে লগতে হীৰাৰ কাণফুলি, ব্ৰেচলেট, আঙঠি আৰু পনিটেইলৰ সৈতে নিজকে সজাই তোলে । আনহাতে, ধূসৰ ৰঙৰ ৰিপড জিন্সৰ ওপৰত ক’লা চুৱেটাৰ পৰিধান কৰা দেখা গৈছিল আমেৰিকান গায়কগৰাকীক ।

পাপাৰাজীৰ ভিডিঅ’সমূহ অনলাইনত আপলোড কৰাৰ পিচত নেটিজেনসকলে ভিন্ন মন্তব্য কৰা দেখা যায় (Urvashi and Jason) ৷ উৰ্বশী আৰু তাৰকা ক্ৰিকেটাৰ ঋষভ পন্তৰ মাজত হোৱা বহু বিতৰ্কৰ পিচত এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘জেছন বি লাইক- মেৰা হাথ মাত পকড় ।’’ আন এজনে মন্তব্য কৰিলে, "কুচ তো বাত হগী ঋষভ পন্ত ভাই মে ! ইনকো ফ্ৰেণ্ডজোন কাৰ দিয়া ।" ইফালে বহু নেটিজেনে অভিনেত্ৰীগৰাকীৰ সাজ-পোছাক অনুপযুক্ত বুলি অনুভৱ কৰিছিল । অভিনেত্ৰীগৰাকীৰ ড্ৰেছিং চেন্সৰ ওপৰত মন্তব্য কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, "নিজৰ ওপৰত ফিট নোহোৱা কাপোৰ কিয় পৰিধান কৰিব লাগে ৷ "

সামাজিক মাধ্যমত কেইবাগৰাকী লোকে কৌতুহলী হৈ পৰিছিল যে, উৰ্ৱশী জেছন ডেৰুলোৰ সৈতে কি কৰি আছে । আনকি আন কিছুমানে কণ্ঠশিল্পী জনক চিনাক্ত কৰাত ব্যৰ্থ হৈ তেওঁ কোন প্ৰশ্ন কৰিছিল ৷ অজ্ঞাতসকলৰ বাবে উৰ্ৱশী আৰু জেছন বন্ধু আৰু ইগৰাকীয়ে সিগৰাকীক বহুদিনৰ পৰা চিনি পায় (Whats brewing between Urvashi and Jason) ৷

লগতে পঢ়ক: Rishabh Pant: কেনে আছে ঋষভ পন্ত ? খবৰ ল’লে গুৰু ৰন্ধাৱা, হৰভজন সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.