ETV Bharat / entertainment

Urvashi Rautela: এইবাৰ কিহৰ বাবে সমালোচনাৰ পাত্ৰ হ’ল উৰ্বশী ৰাউটেলা ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন - Urvashi Rautela shimmers at Cannes on day 2

কাঁ ২০২৩ ত নিজৰ ফেশ্বনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে উৰ্বশী ৰাউটেলাই (Bollywood actor Urvashi Rautela) । কাঁৰ প্ৰথম দিনটোত গোলাপী ৰঙৰ ফ্ৰিল গাউন পৰিধান কৰা অভিনেত্ৰীগৰাকীয়ে আকৌ দ্বিতীয় দিনা পৰিধান কৰিছে কমলা ৰঙৰ গাউন ৷ চাওক অভিনেত্ৰীগৰাকীৰ এইসমূহ ফটো ৷

Urvashi Rautela shimmers at Cannes on day 2 after hitting back at trolls for alligator neckpiece
কাঁ ২০২৩ ত উৰ্বশী ৰাউটেলা
author img

By

Published : May 18, 2023, 2:21 PM IST

চিটাৰা ডেস্ক, 18 মে’: নিজৰ ছবিতকৈও অধিক নিজৰ বল্ড লুকৰ বাবে ছ’চিয়েল মিডিয়াত লাইমলাইটত থাকে অভিনেত্ৰী উৰ্বশী ৰাউটেলা (Urvashi Rautela)। শেহতীয়াকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত নিজৰ ফেশ্বন দেখুৱাই শিৰোনাম দখল কৰিছে উৰ্বশীয়ে । কাঁ ফেষ্টিভেলত উৰ্বশী ৰাউটেলাৰ ৰেড কাৰ্পেট ৱাকৰ পৰা আৰম্ভ কৰি এই অনুষ্ঠানৰ বহু ছবি ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।

প্ৰথম দিনা অভিনেত্ৰীগৰাকীয়ে গোলাপী ৰঙৰ গাউন পৰিধান কৰিছিল যদিও অভিনেত্ৰীগৰাকীৰ গাউনতকৈ অধিক চৰ্চিত হৈছিল ডিঙিত পৰিধান কৰা ঘঁৰিয়ালৰ নেকপিচটো (Urvashi Rautela on Crocodile Necklace) ৷ আনহাতে, এতিয়া অভিনেত্ৰীগৰাকীৰ দ্বিতীয় দিনৰ লুকো চৰ্চালৈ আহিছে ।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে কাঁ ফেষ্টিভেলত দ্বিতীয় দিনা পৰিধান কৰা কমলা ৰঙৰ ৰাফেল্ড গাউনৰ কেইখনমান ছবি ৷ কিন্তু অভিনেত্ৰীগৰাকীৰ এই লুকটোৰ বাবেও সামাজিক মাধ্যমত নেটিজেনৰ সমালোচনাৰ সন্মুখীন হয় ৷ ছ’চিয়েল মিডিয়াত নেটিজেনে কয় দীপিকা পাডুকনৰ লুকৰ পৰা কপি কৰা হৈছে উৰ্বশীৰ এই লুক (Urvashi Rautela and Deepika Padukone) !

কাঁ ফেষ্টিভেলৰ পৰা উৰ্বশী ৰাউটেলাৰ দ্বিতীয় লুক ভাইৰেল

কাঁ মহোৎসৱৰ দ্বিতীয় দিনা ৰেড কাৰ্পেটত খোজ দিয়ে অভিনেত্ৰীগৰাকী (Urvashi Rautela Cannes 2023)। এইবাৰ অভিনেত্ৰীগৰাকীয়ে কমলা ৰঙৰ ৰাফেল্ড গাউন পৰিধান কৰিছিল । উৰ্বশীক ৰেড কাৰ্পেটত উজ্জ্বল আৰু গ্ল’য়িং মেকআপৰ সৈতে ফেশ্বন প্ৰদৰ্শন কৰা দেখা গৈছিল । যদিও একাংশ নেটিজেনে কয় যে অভিনেত্ৰীগৰাকীৰ লুক কিছু পৰিমাণে দীপিকা পাডুকনৰ সৈতে মিল আছে (Urvashi second day look for Cannes) ।

কাঁ ফেষ্টিভেলৰ প্ৰথম লুকৰ বাবে কিয় ট্ৰল হৈছিল উৰ্বশী ?

‘কাঁ চলচ্চিত্ৰ মহোৎসৱ’ত উৰ্বশী ৰাউটেলাৰ গোলাপী ৰঙৰ গাউনতকৈও অধিক দৃষ্টি আকৰ্ষণ কৰিছিল তেওঁ পৰিধান কৰা ঘঁৰিয়ালৰ নেকপিচটোৱে (Bollywood actor Urvashi Rautela)। এই ভিনটেজ নেকেলেচটো দেখাৰ লগে লগে ট্ৰলাৰৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয় অভিনেত্ৰীগৰাকী । ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে (Urvashi trolled for alligator neckpiece) ৷

ট্ৰ’লাৰক কি ক’লে উৰ্বশী ৰাউটেলাই ?

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ষ্ট’ৰী শ্বেয়াৰ কৰি লিখিছে- ‘মই সকলো সংবাদ মাধ্যমৰ সদস্যক ক’ব বিচাৰো যে মোৰ এই ঘঁৰিয়ালৰ নেকপিচটোৰ সৈতে আৱেগ জড়িত হৈ আছে ।’ ইয়াৰ লগতে উৰ্বশীয়ে হাত ভাঁজ কৰা ইমোজিও শ্বেয়াৰ কৰে (Urvashi responds to trolls) ।

হীৰা আৰু পান্নাৰ নেকপিচ

উৰ্বশী ৰাউটেলাৰ ঘঁৰিয়ালৰ নেকপিচটো মেক্সিকান অভিনেত্ৰী মাৰিয়া ফেলিক্সৰ আছিল (Urvashi alliagtior neckpiece) । এই নেকেলেচটো ১৯১৪ চনত গহনা দোকান কাৰ্টিয়েৰৰ পৰা মাৰিয়া ফেলিক্সে নিৰ্মাণ কৰিছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ভিনটেজ নেকপিচটো মাৰিয়া ফেলিক্সৰ মৃত্যুৰ পিচত কাৰ্টিয়ে পুনৰ ক্ৰয় কৰিছিল । খবৰ অনুসৰি এই নেকপিচটোত হীৰা আৰু পান্নাৰে তৈয়াৰ কৰা হৈছে (Cannes film festival 2023)। ইয়াৰ মূল্য প্ৰায় ২০০ কোটি টকা ।

লগতে পঢ়ক: Sara Ali Khan Cannes 2023: কাঁত ছাৰাৰ এই ৰূপে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে,আইতাক শৰ্মিলা ঠাকুৰৰ সৈতে তুলনা কৰিছে অনুৰাগীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.